গোৰেশ্বৰঃ মুখত হাঁহি এটা ফুটি ওলাব বিচাৰে অবোধ শিশুটিৰ। কিন্তু সৰ্বশৰীৰত পংগুত্বক সাৰথি কৰি লোৱা এই শিশুটোৱে নিজৰ দেহৰ যন্ত্ৰনাৰ বাবে সেই হাঁহি বাৰে বাৰে হেৰুৱাই পেলাই। শিশুটি বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ উত্তৰ নাওবান্ধা গাঁও নিবাসী হলধৰ দাস আৰু জুনু দাসৰ দ্বিতীয় পুত্ৰ৷  ৬ বছৰীয়া এই শিশুটিয়ে আঢ়ৈ বছৰৰ পৰা আঁকোৱালি লৈছে পংগুত্বক। সনাতন দাস নামৰ শিশুটিয়ে ডিঙি লৰচৰ কৰিব নোৱাৰে, হাত-ভৰিত নাই কোনো চেতনা, লগতে মুখৰে মাতিব নোৱাৰা সনাতন সদায় বিচনা এখনতে পৰি থাকে। মাতৃয়ে কিবা খুৱালেহে খাব পাৰে। খেল-ধেমালি, দৌৰা-দৌৰি কৰি ডাঙৰ দীঘল হোৱা এই বয়সত সনাতনে বিচনাতে পৰি দিন পাৰ কৰিছে। তাৰ ভবিষ্যতৰ চিন্তা কৰি চকুলোঁ টুকাৰ বাহিৰে আৰু কোনো উপায় দেখা নাই দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে।

দাৰিদ্ৰতাই কোঙা কৰা দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে সনাতনৰ স্বাস্থ্য এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। সনাতনৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে উত্তৰ নাওবান্ধা উপস্বাস্থ্য কেন্দ্ৰত শিশুটিৰ আঢ়ৈ বছৰ বয়সত পলিঅ’ৰ প্ৰতিষেধক দিয়া হৈছিল। কিন্তু প্ৰতিষেধক দিয়াৰ পাছৰে পৰা সনাতনে মাতৃ দুগ্ধ এৰি দিয়ে। লাহে লাহে অসুস্থ হৈ পৰে সনাতন। প্ৰতিষেধকৰ কোনো পাৰ্শ্চক্ৰিয়াৰ বাবে এনে হোৱা বুলি সন্দেহ কৰিছে পিতৃ-মাতৃয়ে।

এই বিষয়ে উপস্বাস্থ্য কেন্দ্ৰত অবগত কৰোৱাত দুখীয়া পিতৃ মাতৃক ধমকহে দিয়ে কৰ্তব্যৰত নাৰ্চে। তেওঁলোকে প্ৰতিষেধক দিব লাগে দিছে ইয়াৰ পিছত কি হৈছে সেয়া তেওঁলোকৰ দায়িত্ব নহয় বুলি স্পষ্ট কৰি দিয়ে। তাৰ পিছৰে পৰা আৰম্ভ হয় দুৰ্ভগীয়া পৰিয়ালটোৰ যন্ত্ৰনাময় যাত্ৰা নলবাৰী, গুৱাহাটীকে ধৰি বহু ঠাইত চিকিৎসা কৰিও সুফল নাপালে পৰিয়ালটোৱে। ইপিনে সনাতনে ডিঙি, হাত, ভৰি লৰচৰ কৰিব নোৱাৰা হৈ অহাৰ লগতে মুখৰ পৰা মাত নোলাল। 

কোনো চিকিৎসকে কি ৰোগ হৈছে সেয়াও আজিলৈ স্পষ্ট ভাৱে কোৱা নাই যদিও স্নায়ুজনিত কাৰণতে শিশুটোৰ এই দশা হোৱা বুলি সন্দেহ কৰা হৈছে। চৰকাৰী কোনো আঁচনিৰ একো আওভাও নপোৱা দৰিদ্র পৰিয়ালটোৱে শিশুটোক লৈ ক'ত কি কৰিব উপায় বিচাৰি পোৱা নাই।

কেবাবাৰো ৬৪ নং বিধান সভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী আৰু বিটিচিৰ ৪০ নং সমষ্টিৰ এমচিএলএ নেলচন বড়োক অনুনয়-বিনয় কৰাৰ পাছতো শিশুটোৰ চিকিৎসাৰ সুব্যৱস্থাৰ বাবে একোকে নকৰিলে বুলি পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে অভিযোগ তুলিছে। এটি দেৱশিশুৰ এনে দশা দেখিও আঠেৰীঘাট ভিচিডিচিৰ চেয়াৰমেন ব'হাগী ভূমিজে চৰকাৰী কোনো সা-সুবিধাৰ বাবে পৰিয়ালটোক সহায়-সহযোগ নকৰিলে। 

জানিব পৰা মতে এনে শিশুক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমত বিনামূলীয়া চিকিৎসাৰ সুব্যৱস্থা আছে। কিন্তু আজিলৈ এনে অভিলাসী আঁচনিয়ে ঢুকি পোৱা নাই সনাতনৰ দৰে নিষ্পাপ শিশুক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ নাওবান্ধা শাখাই এই শিশুটোক সুচিকিৎসাৰ প্ৰদান কৰি শীঘ্ৰে সুষ্ঠ কৰিব তুলিবলৈ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।

আনহাতে পৰিয়ালটোৱে চেন্ট্ৰল বেংক অব ইণ্ডিয়াৰ ডিমাকুছি শাখাৰ বেংক একাউন্ট নম্বৰ ৩৯৪৭৯২৭০১৭ ত আৰ্থিক সকাহ দিয়াৰ বাবে সদাশয় লোকলৈ অনুৰোধ ৰাখিছে। যোগাযোগ নম্বৰ- ৮৭৫১৮৫৪৪৫৯।