আলিগড়ঃ যোৱা বুধবাৰে উত্তৰপ্ৰদেশ আৰক্ষীয়ে এজনী ৯ বছৰীয়া কনমানী ছোৱালীক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত এগৰাকী মছজিদৰ জোনাবক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত জোনাব গৰাকীয়ে নিৰ্যাতিতা কনমানী ছোৱালীজনীক কোৰাণ পঢ়ুৱাবলৈ ছোৱালীজনীৰ ঘৰলৈ গৈছিল৷ নিৰ্যাতিতা ছোৱালীজনীৰ মাকৰ অভিযোগ অনুসৰি এই জোনাব গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷

আলিগড়ৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক আকাশ কোঠাৰীয়ে জনোৱা মতে আৰক্ষীয়ে জনসাধাৰনৰ লগত মত-বিনিময় কৰি থকাৰ সময়তে এগৰাকী মহিলাই আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ(Aligarh Muslim University) চৌহদৰ ভিতৰত থকা মছজিদতোৰ জোনাব মহম্মদ আহমেদে তেওঁৰ ৯ বছৰীয়া ছোৱালীজনীক কোৰাণ পঢ়ুৱাবলৈ যোৱা সময়ত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছিল৷

আৰক্ষীয়ে অভিযোগ পোৱাৰ লগে লগে মহিলা আৰক্ষী থানাত POCSO আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ(IPC) ধাৰাত গোচৰ ৰজু কৰি অভিযুক্ত জোনাৱ গৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰে বুলি জেষ্ঠ্য আৰক্ষী অধীক্ষক গৰাকীয়ে কয়৷

উল্লেখযোগ্য যে অভিযুক্ত জোনাৱ গৰাকীয়ে নিজৰ দোষ স্বীকাৰ কৰি সাংবাদিকক এইবুলি কয়,‘‘পঢ়ানে যাতা থা ছাৰ,থোড়া বহত শ্বেৰখানী হো গ্যায়ী....’’ (পঢ়ুৱাবলৈ গৈছিলোঁ.... অকনমান বেছিকৈ ধেমালী হৈ গ’ল) 

অভিযুক্ত জোনাৱ মহম্মদ আহমেদে কয় যে তেওঁ এগৰাকী জোনাৱ আৰু ইমামৰ অনুপস্থিতিত তেওঁ মছজিদত আজান দিয়ে আৰু নামাজো পঢ়ুৱায়৷ তেওঁ সৰু সৰু ল’ৰা-ছোৱালীক কোৰাণৰ শিক্ষা প্ৰদান কৰে আৰু তেওঁৰ দ্বাৰা এনেকুৱা ঘটনা আগতেও চাৰি পাঁচবাৰ মান ঘটিছে৷ উল্লেখযোগ্য যে অভিযুক্তৰ গৰাকীয়ে কাম কৰা মছজিদতো আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ চৌহদৰ ভিতৰত অৱস্থিত৷

আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ জনসম্পৰ্কৰক্ষী বিষয়া চালিম পীৰজাদাই ঘটনাটোৰ খৱৰ পোৱা মাত্ৰই এই জোনাৱজনক বৰ্খাস্ত কৰা হৈছে বুলি বাতৰি প্ৰতিস্থানক জনাইছে৷ তেওঁ আৰু কয় যে স্থায়ী ইমাম গৰাকীৰ অনুপস্থিতিৰ কাৰনে এই জোনাৱ জনক কিছুদিনৰ আগতে মছজিদৰ দায়িত্ব দিয়া হৈছিল আৰু এইজন জোনাৱে আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ চৌহদৰ বাহিৰত টিউচন কৰিছিল আৰু অপৰাধটোও বাহিৰতেই কৰিছল৷ তেওঁ আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ স্থায়ী কৰ্মচাৰী নহয়৷