গুৱাহাটীঃ পত্নীপ্ৰেম! পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখন। ভূমি কেলেংকাৰী আৰু চাইনিজ পিপিই কিটৰ পিছত এইবাৰ পোহৰলৈ আহিছে পিপিই কিট কেলেংকাৰিৰ আন এক অধ্যায়। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান The Wireৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়াৱহ কেলেংকাৰীৰ কথা। 'ক্ৰছ কাৰেণ্ট’ নামৰ ৰাজ্যৰ এটি ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ সৈতে চলোৱা যুটীয়া অনুসন্ধানৰ অন্তত The Wire-এ প্ৰকাশ কৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ অনিয়মৰ বহু গোপন তথ্য।

কি আছে এই প্ৰতিবেদনত?

The Wireৰ 'Before Lockdown, Assam Govt Gave 'Urgent' PPE Orders to Firms Linked to CM’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৬৫ শতাংশ অধিক দৰত পিপিই কিট যোগানৰ ‘জৰুৰী’ ঠিকা প্ৰদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীক। কৰ’না মহামাৰীয়ে সমগ্ৰ দেশতে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰয়োজনীয় সামগ্ৰী বিশেষকৈ পিপিই কিট যোগানৰ ঠিকা দিয়া হৈছিল জেচিবি ইণ্ডাষ্ট্ৰীজ নামৰ কোম্পানীটোক। 

অনুসন্ধানৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদনত The Wire-এ জেচিবি ইণ্ডাষ্ট্ৰীজ নামৰ কোম্পানীটোৰ সৈতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা জড়িত বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ লগতে ক’ভিডকালত চৰকাৰে ‘জৰুৰীকালীন ক্ৰয় (emergency procurement)ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই ‘জৰুৰীকালীন যোগানৰ নিৰ্দেশ (urgent supply order)’ লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম দাস ধানুকাৰ প্ৰতিষ্ঠানেও৷

'ৰিণিকি ভূঞা শৰ্মাৰ জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু ঘনশ্যাম দাস ধানুকাৰ মেডিটাইম হেল্থকেয়াৰ আৰু জি আৰ ডি ফাৰ্মাচিউটিকেলছে লাভ কৰিছিল ৪ টা জৰুৰীকালীন যোগানৰ ঠিকা। জে চি বি ইণ্ডাষ্ট্ৰীজ আৰু মেডিটাইম হেল্থকেয়াৰে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰাৰ বিপৰীতে জি আৰ ডি ফাৰ্মাচিউটিকেলছে লাভ কৰিছিল হেণ্ড ছেনিটাইজাৰ যোগানৰ ঠিকা।’- প্ৰতিবেদনখনত এইদৰে উল্লেখ কৰিছে সংবাদ প্ৰতিষ্ঠান দুটাই।

কিন্তু আশ্বৰ্যজনকভাৱে ৬৫ শতাংশ অধিক দৰত পিপিই কিট যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল যদিও ৰিণিকি ভূঞা শৰ্মাৰ জে চি বি ইণ্ডাষ্ট্ৰীজে সময়মতে পিপিই কিট যোগানত ব্যৰ্থ হয়। আনকি ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠানেও সময়মতে পিপিই কিট যোগান ধৰিব নোৱাৰিলে৷ পিপিই কিট সময়মতে যোগান ধৰাত ব্যৰ্থ হোৱা সত্বেও বৰ্তমানলৈকে প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাৰ পৰা বিৰত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম।

জেচিবি ইণ্ডাষ্ট্ৰীজৰ সৈতে কিদৰে জড়িত মুখ্যমন্ত্ৰীৰ পত্নী?

The Wire আৰু The Cross Currentত প্ৰকাশিত প্ৰতিবেদন অনুযায়ী ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ পূৰ্বেই জৰুৰীকালীন যোগানৰ ঠিকা লাভ কৰিছিল জে চি বি ইণ্ডাষ্ট্ৰীজৰ ঠিকনা হৈছে, 'ইণ্ডাষ্ট্ৰীয়েল ইষ্টেট, বাইলেন নম্বৰ ৪ (২বি),বামুণীমৈদাম, গুৱাহাটী৷’ ২০১০ চনৰ ১২ অক্টোবৰত জেচিবি ইণ্ডাষ্ট্ৰীজৰ হৈ ৰিণিকি ভূঞা শৰ্মা আৰু এআইআইডিচিৰ মাজত সম্পন্ন হৈছিল ছেড গ্ৰহণ কৰাৰ যাৱতীয় চুক্তি৷ 

প্ৰতিষ্ঠানটোৰ জিএছটি নম্বৰৰ সৈতে যিটো PAN নম্বৰ সংলগ্ন হৈ আছে সেই নম্বৰটো আৰু হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা নিৰ্বাচনী শপতনামাত উল্লেখ কৰা পত্নী ৰিণিকি ভূঞা শৰ্মাৰ PAN নম্বৰটো একেটাই। PAN নম্বৰৰ মিল থকাৰ অৰ্থ এয়াই যে জেচিবি ইণ্ডাষ্ট্ৰীজৰ ৰিণিকি ভূঞা শৰ্মাই হৈছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা। 

৬৫ শতাংশ অধিক দৰত ঠিকা লাভৰ পিছত পিপিই কিট দান!

The Wire আৰু The Cross Currentত প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা মতে, এন এইচ এমে ১৮ মাৰ্চ, ২০২০ত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জেচিবি ইণ্ডাষ্ট্ৰীজক ৫০০০ পিপিই কিট যোগান ধৰিবলৈ নিৰ্দেশ দিছিল৷ জৰুৰীকালীন যোগানৰ নিৰ্দেশত প্ৰতিটো পিপিই কিট ৯৯০ টকা দৰত মুঠ ৪৯ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত যোগান ধৰিবলৈ দিয়া হৈছিল৷ কিন্তু একে সময়তে নৰ্থ ইষ্টাৰ্ণ চাৰ্জিকেল ইণ্ডাষ্ট্ৰীজে মাত্ৰ ৬০০ টকা দৰত লাভ কৰিছিল পিপিই কিট যোগানৰ ঠিকা। এনেদৰে আন প্ৰতিষ্ঠানতকৈ কেৱল জৰুৰীকালীন সময়ৰ দোহাই দি ৬৫ শতাংশ অধিক দামত ঠিকা লাভ কৰাৰ পিছতো সময়মতে পিপিই কিট যোগান ধৰাত ব্যৰ্থ হৈছিল ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জেচিবি ইণ্ডাষ্ট্ৰীজে।

এই প্ৰতিবেদনত পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। ২৩ মাৰ্চ,২০২০ৰ ভিতৰত ৫ হাজাৰটা পি পি কীট যোগানৰ নিৰ্দেশ দিয়া হৈছিল ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জেচিবি ইণ্ডাষ্ট্ৰীজক৷ পৰৱৰ্তী সময়ত সময়মতে সেয়া যোগান ধৰিব নোৱাৰাত ক্ৰয়ৰ নিৰ্দেশ বাতিল কৰা হয়৷ এই নিৰ্দেশত কোৱা হৈছিল যে জেচিবি ইণ্ডাষ্ট্ৰীজে মাত্ৰ ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সক্ষম হৈছিল৷ 

ৰহস্যজনকভাৱে, জেচিবি ইণ্ডাষ্ট্ৰীজে ২৬ মাৰ্চ, ২০২০ত এনএইচএমক ১৪৮৫ টা পিপিই কিট কৰ্প’ৰেট সামাজিক দায়ৱদ্ধতাৰ অধীনত দান কৰা বুলি পত্ৰযোগে অৱগত কৰিছিল৷ এনএইচএমেও ২৭ মাৰ্চত ইয়াৰ প্ৰাপ্তি স্বীকাৰ কৰে৷ কিন্তু ইয়াৰ পাছতো মিছন সঞ্চালকে ৪ এপ্ৰিলত জেচিবি ইণ্ডাষ্ট্ৰিজলৈ প্ৰেৰণ কৰিছিল যোগানৰ নিৰ্দেশ বাতিলৰ পত্ৰ। এনে পৰিপ্ৰেক্ষিতত ৬৫ শতাংশ অধিক দৰত ঠিকা লাভৰ পিছত উক্ত প্ৰতিষ্ঠানটোৱে কৰ্প’ৰেট সামাজিক দায়ৱদ্ধতাৰ অধীনত পিপিই কিট কিদৰে দান কৰিছিল বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

ছ’চিয়েল মিডিয়াত হঠাৎ জনপ্ৰিয় 'পত্নীপ্ৰেম’!

ক’ভিড কালত পিপিই কিট যোগানৰ ঠিকা মুখ্যমন্ত্ৰীৰ পত্নীয়ে লাভ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে এটি বিশেষ শব্দ 'পত্নী প্ৰেম’। বহুতেই ফেচবুক টুইটাৰত 'পত্নী প্ৰেম’ শব্দটো উল্লেখ কৰি আওপকীয়াকৈ উক্ত বাতৰিটোৰ কথা কোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ চৰকাৰক সমালোচনা কৰিলেই ভয়-ভাবুকি প্ৰদান কৰা তথা ভুৱা গোচৰ জাপি দি জেললৈ প্ৰেৰণ কৰালৈ চাই বহুতেই বিতং কথা পোষ্ট কৰাৰ পৰিৱৰ্তে এনেদৰে এটা শব্দৰেই চৰকাৰৰ অনিয়মৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।

উল্লেখ্য যে, দিনদিয়েক পূৰ্বে কাঁ চলচিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট বিতৰ্কত সাঙোৰ খাই পৰিছিল ৰাজ্য চৰকাৰৰ বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাৰ নাম। ইয়াৰ পিছতে আজি পিপিই কিটৰ ঠিকা ৬৫ শতাংশ অধিক দৰত মুখ্যমন্ত্ৰীৰ পত্নীয়ে লাভ কৰাৰ বাতৰি পোহৰলৈ অহাত 'পত্নী প্ৰেম’ শব্দটো ৰাজ্যৰ ছ’চিয়েল মিডিয়া ইউজাৰসকলৰ মাজত অধিক প্ৰাসংগিক হৈ পৰিছে।

'পত্নী প্ৰেম’ ট্ৰেণ্ডিং হৈ পৰাৰ সময়তে দিগন্ত নামৰ এজন ফেচবুক ইউজাৰে লিখিছে, 'পত্নী প্ৰেম লংকা দাহনৰ প্ৰধান কাৰণ আছিল। প্ৰণৱ ডেকা নামৰ এজনে লিখিছে, 'পত্নী প্ৰেম কাক কয় মুখ্যমন্ত্ৰীক সোধক’। সত্যজিত বৰা নামৰ এজন ইউজাৰে ক্ৰছ কাৰেণ্টৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট পোষ্ট কৰি লিখিছে, 'পত্নীপ্ৰেমৰ নমুনা! অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ পত্নীপ্ৰেম!’ কবিন্দ্ৰ বৰুৱা নামৰ আন এজন ইউজাৰে আকৌ লিখিছে, 'পত্নীপ্ৰেম, মামা-মামী, সকলো মায়াজাল।’

প্ৰতিবেদন সন্দৰ্ভত কি মন্তব্য চৰকাৰী পক্ষৰ?

আজি প্ৰকাশ পোৱা প্ৰতিবেদন সন্দৰ্ভত বৰ্তমানলৈকে চৰকাৰ তথা শাসকীয় পক্ষই কোনো মন্তব্য কৰা নাই। অৱশ্যে ইয়াৰ পূৰ্বে প্ৰকাশিত চীনা পিপিই কিট সম্পৰ্কীয় প্ৰতিবেদন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বৰ্তমানৰ চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাই। বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো এই সন্দৰ্ভত ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া। চীনা পিপিই কিট ৰাজ্য চৰকাৰে ক্ৰয় কৰাই নাছিল বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই দাবী কৰাৰ বিপৰীতে কেশৱ মহন্তই এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছিল। 

আনহাতে, শাসনাধিষ্ঠিত বিজেপি দলৰ অধিকাংশ নেতাই উক্ত প্ৰতিবেদনৰ প্ৰতি যেন তেওঁলোকৰ কোনো ভ্ৰূক্ষেপ নাই সেইধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল। বিশেষকৈ আৰটিআইৰ তথ্যৰ আধাৰত অনিয়ম উদঙাই দিয়া সংবাদ প্ৰতিষ্ঠান দুটাক বাওপন্থী সংবাদ প্ৰতিষ্ঠান আখ্যা দি বিষয়টোক টুলুঙা কৰাৰ চেষ্টা চলাইছিল মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ অধিকাংশ নেতাই। এনে পৰিপ্ৰেক্ষিতত এইবাৰৰ প্ৰতিবেদনক লৈয়ো শাসকীয় পক্ষই একেই মন্তব্য কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।