বিশেষ প্ৰতিবেদনঃ কয়লাৰ নাটনি সন্দৰ্ভত একাধিক খবৰ প্ৰকাশ পাই অহাৰ সময়তে মুকলি বজাৰত বিদ্যুৎ বিক্ৰী নকৰিবলৈ ৰাজ্যসমূহক সকীয়াই দিছে কেন্দ্ৰ চৰকাৰে। কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে যদিহে দামবৃৃদ্ধিৰ গইনা লৈ ৰাজ্যসমূহে অধিক মুনাফা অৰ্জনৰ চেষ্টা চলাই তেন্তে কেন্দ্ৰৰ তৰফৰ পৰা কৰা হোৱা বিজুলী সৰবৰাহ বন্ধ কৰা হ’ব।

ভাৰতত যি সময়ত কয়লাৰ ভাণ্ডাৰ হ্ৰাস পোৱাক লৈ শক্তিখণ্ড ব্যাপক সমস্যাৰ সন্মুখীন হৈছে সেই সময়তে কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহক এনেদৰে সকীয়াই দিয়াটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য। কেন্দ্ৰৰ এনে সকীয়নিৰ প্ৰভাৱ কয়লা চালিত তাপবিদ্যুৎ প্ৰকল্পসমূহত পৰাতো প্ৰায় স্পষ্ট হৈ পৰিছে।

কেবাখনো ৰাজ্যত ইতিমধ্যে কয়লাৰ নাটনিৰ ফলত কেবাঘণ্টা ধৰি লোডশ্বেডিং আৰম্ভ হোৱা দেখা গৈছে। এনেদৰেই এতিয়া এছিয়াৰ তৃতীয় বৃহৎ অৰ্থব্যৱস্থাৰ দেশ ভাৰতত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে বিদ্যুৎ সংকট।

কেৱল যে ভাৰততেই শক্তিৰ নাটনি হৈছে এনে নহয়, সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীৰ পিছৰে পৰা পূৰ্বৰ তুলনাত অধিক খৰছী হৈ পৰিছে বিদ্যুৎশক্তি। ইয়াৰ মাজতে ভাৰতত কয়লা চালিত তাপবিদ্যুৎ প্ৰকল্পসমূহত দেখা দিছে কয়লাৰ নাটনিয়ে। ভাৰতৰ মুঠ বিজুলী উৎপাদনৰ ৭০ শতাংশই কয়লা চালিত তাপবিদ্যুৎ প্ৰকল্পৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবেই কয়লাৰ নাটনিৰ ফলত তথৈবচ হৈ পৰিছে সমগ্ৰ দেশৰ শক্তিখণ্ড।  

চৰকাৰী তথ্য অনুযায়ী যোৱা দুমাহত ভাৰতত ২০১৯ চনৰ তুলনাত বিজুলীৰ চাহিদা ১৭ শতাংশ পযৰ্ন্ত বৃদ্ধি পাইছে। ইয়াৰ মাজতে বিশ্বৰ বজাৰত ৪০ শতাংশ বৃদ্ধি হৈছে কয়লাৰ দাম। একে সময়তে বিগত দুবছৰৰ ভিতৰত বৰ্তমান সময়ছোৱাতে ভাৰতত কয়লাৰ আমদানি একেবাৰে নিম্নগামী হৈ পৰিছে। কয়লাৰ ভাণ্ডাৰৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে চতুৰ্থ। তৎসত্বেও কিন্তু কয়লা আমদানিৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে ভাৰতৰ স্থান দ্বিতীয়।

কয়লাৰ আমদানিত অনুমোদন

দেশত দেখা দিয়া কয়লা সংকটৰ মাজতেই বিদ্যুৎ উৎপাদনকাৰী কোম্পানীসমূহক বিদেশৰ পৰা কয়লা আমদানি কৰিবলৈ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে। এই অনুযায়ী বৃদ্ধি পোৱা শক্তিৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ উৎপাদনকাৰী কোম্পানীসমূহে ঘৰুৱা কয়লাৰ সৈতে আমদানিকৃত কয়লাৰ ১০ শতাংশ ব্যৱহাৰ কৰিব পাৰিব।

ইফালে ভাৰতৰ এই সিদ্ধান্তৰ পিছত আগৰে পৰা দাম বৃদ্ধি পাই অহা কয়লাৰ বিশ্বৰ বজাৰত দাম আৰু অধিক তড়িৎ গতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।  বিদ্যুৎ কোম্পানীসমূহৰ কয়লা ব্যৱহাৰৰ পৰিসংখ্যালৈ চালে দেখা যায় যে ভাৰতত কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰসমূহত দেশীয় কয়লাই বহুলভাৱে ব্যৱহৃত হয় আৰু আমদানিকৃত কয়লাৰ ওপৰত বৰ্তমানলৈ নিৰ্ভৰশীলতা তেনেই সামান্য।

চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত কোৱা হৈছে যে বিজুলীৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱাৰ ফলত চৰকাৰী কোম্পানী কোল ইণ্ডিয়া লিমিটেডে পৰ্যাপ্ত কয়লা যোগান ধৰাতো অসম্ভৱ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতে বিদেশৰ পৰা কয়লা আমদানিৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে বুলি জনাইছে চৰকাৰী সূত্ৰই। বিশেষজ্ঞসকলৰ মতে কৰ’না সম্বন্ধীয় নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰাৰ পিছতে পূৰ্বতকৈ অধিক বেগত ভাৰতীয় অৰ্থব্যৱস্থাই গতি ল’বলৈ আৰম্ভ কৰাৰ ফলতেই  দেশত এতিয়া এনেদৰে বৃদ্ধি পাইছে বিজুলীৰ চাহিদা।

কেন্দ্ৰ চৰকাৰৰ সকীয়নি

কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে কেবাখনো ৰাজ্যই গ্ৰাহকক বিজুলী যোগান ধৰাৰ পৰিৱৰ্তে লোডশ্বেডিং কৰি আহিছিল আৰু তাৰ পৰা ৰাহি হোৱা বিদ্যুৎ এনাৰ্জী এক্সচেঞ্জত উচ্চহাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে কোনকেইখন ৰাজ্যই এই কাম কৰিবলৈ আৰম্ভ কৰিছিল সেই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে কেন্দ্ৰ চৰকাৰ।

কেন্দ্ৰই বিবৃতিটোত কৈছে, 'যিসমূহ ৰাজ্যই এনে কৰি আছে, সেই ৰাজ্যসমূহক কেন্দ্ৰৰ তৰফৰ পৰা প্ৰদান কৰা বিজুলী সৰবৰাহ বন্ধ কৰি দিয়া হ’ব। যদিহে কোনো ৰাজ্যই এনে কৰে তেন্তে সেই ৰাজ্যক কেন্দ্ৰই প্ৰদান কৰা বিজুলীৰ অংশ আন বিজুলী শক্তিৰ অভাৱী ৰাজ্যক প্ৰদান কৰা হ’ব।’

উল্লেখ্য যে এনটিপিচি আৰু দামোদৰ ভেলী কৰ্পপেৰশ্যনৰ দৰে চৰকাৰী প্ৰতিষ্ঠানসমূহে বিতৰণ কোম্পানীসমূহৰ সৈতে বিজুলী বিক্ৰী সন্দৰ্ভত দীৰ্ঘম্যাদী চুক্তি কৰি আহিছে।  এই প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা বিজুলীৰ ১৫ শতাংশ অংশত কেন্দ্ৰ চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ থাকে আৰু সেয়া ৰাজ্যসমূহৰ মাজত কেন্দ্ৰ চৰকাৰেই নিয়মৰ মাজেৰে বিতৰণ কৰে।

শক্তি মন্ত্ৰণালয়েও বিষয়টোক লৈ কৈছে যে যদিহে কোনো ৰাজ্যৰ হাতত অতিৰিক্ত শক্তি আছে তেন্তে সেই সম্পৰ্কীয় সবিশেষ তথ্য এই সংকটৰ সময়ত কেন্দ্ৰক অৱগত কৰা উচিত যাতে কেন্দ্ৰই বিজুলীৰ অভাৱত থকা ৰাজ্যসমূহক পৰ্যাপ্ত পৰিমাণে বিজুলী যোগান ধৰিবলৈ সমৰ্থ হয়।

ৰাজ্য চৰকাৰসমূহৰ ওজৰ-আপত্তি

কেন্দ্ৰ চৰকাৰৰে একাংশ ৰাজ্যৰ প্ৰতি যি সতৰ্কবাণী শুনাইছে তাৰ মূলতেই হৈছে আন একাংশ ৰাজ্যৰ ওজৰ-আপত্তি। একাংশ ৰাজ্যই আপত্তি দৰ্শাই কৈছিল যে এনাৰ্জী একচেঞ্জত অধিক দামত বিজুলীৰ বিক্ৰী চলি আছে। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ বাতৰি মতে, ইণ্ডিয়ান একচেঞ্জ লিমিটেডৰ শ্বেয়াৰৰ মূল্য বিগত কিছুদিন ধৰি অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ কাৰণো আছিল এয়াই।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগমোহন ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিজুলীৰ উচ্চ হাৰৰ দামক লৈ পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত তেওঁ লিখিছিল যে ১৫ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰৰ সময়ছোৱাত অন্ধ্ৰপ্ৰদেশে ৩ গুণ অধিক দৰত প্ৰতি ইউনিটত ১৫ টকা হাৰত বিজুলী ক্ৰয় কৰিবলগীয়া হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক কয়লাৰ যোগান বৃদ্ধি কৰিবলৈকো আহ্বান জনাইছে উক্ত পত্ৰখনত। তাৎপৰ্যপূৰ্ণভাৱে যোৱা মঙলবাৰে ইণ্ডিয়ান এনাৰ্জী একচেঞ্জত প্ৰতি ইউনিট বিজুলীৰ দাম বৃদ্ধি পাই ২০ টকা পৰ্যন্ত হৈছিল। এনে পৰিপ্ৰেক্ষিতত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও দেশৰ ৰাজধানী দিল্লীত হ’ব পৰা শক্তিৰ সাম্ভাৱ্য নাটনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল। খবৰ অনুযায়ী অন্ধ্ৰপ্ৰদেশ, দিল্লীৰ লগতে পূব আৰু উত্তৰ ভাৰতো বিজুলীৰ নাটনিৰ কবলত পৰিছে।

প্ৰধানমন্ত্ৰীলৈ কেজৰিৱালৰ পত্ৰ

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীতকৈয়ো আগতে যোৱা ৯ অক্টোবৰত শক্তিৰ নাটনি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পত্ৰখনত কেজৰিৱালে সমগ্ৰ বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা দেখা গৈছে।

পত্ৰখনত কেজৰিৱালে দিল্লীক বিজুলী যোগান ধৰি অহা তাপবিদ্যুৎ কেন্দ্ৰসমূহক পৰ্যাপ্ত পৰিমাণে কয়লা যোগান ধৰিবলৈ আহ্বান জনাইছে। কয়লাৰ নাটনিৰ বাবেই দিল্লীয়ে ভয়াৱহ বিদ্যুতৰ নাটনিৰ সন্মুখীন হ’ব পাৰে বুলিও প্ৰধানমন্ত্ৰীক অৱগত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

দিল্লীৰ শক্তিমন্ত্ৰী সত্যেন্দ্ৰ জৈনে জনোৱা মতে, দিল্লীৰ অধিকাংশ বিজুলীয়েই এনটিপিচিৰ পৰা ক্ৰয় কৰা হয়। যদিহে কয়লাৰ অভাৱত এনটিপিচিয়ে সৰবৰাহ বন্ধ কৰি দিয়ে তেন্তে সমগ্ৰ দিল্লীতে 'ব্লেকআউট’ৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে দিল্লীৰ শক্তিমন্ত্ৰীগৰাকীয়ে।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই ১০ অক্টোবৰত কৈছে যে কেন্দ্ৰ চৰকাৰে সমস্যাৰ উদ্ভৱ হ’লেও সেয়া মানি নোলোৱাৰ ফলত উক্ত সমস্যা সময়ত গৈ অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা অধিক হৈ পৰে। 'দেশত যে কয়লাৰ অভাৱনীয় নাটনি হৈছে সেয়া চৰকাৰে স্বীকাৰ কৰি ল’ব পৰা নাই। সকলো সমস্যাতে চৰকাৰৰ চকু মুদা নীতিৰ বাবে যিকোনো সমস্যাই মহা সমস্যা হৈ পৰিব পাৰে।’- সমস্যাটোক লৈ কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা লেহেমীয়া নীতি সন্দৰ্ভত এইদৰে কয় ছিছ’ডিয়াই।

শেহতীয়া বাতৰি মতে, দিল্লী চৰকাৰৰ বাৰম্বাৰ অনুৰোধ আৰু দাবীৰ পিছত কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে এনটিপিচি আৰু দামোদৰ ভেলী কৰ্প’ৰেশ্যনক দিল্লীৰ বিতৰণ কোম্পানীসমূহক প্ৰয়োজনীয় বিজুলীৰ যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

এপিডিচিএলৰ বিজ্ঞাপন আৰু সুৰ সলনি

সমগ্ৰ দেশতে বিদ্যুতৰ নাটনিৰ সম্ভাৱনাক লৈ দেখা দিয়া আশংকা অসমতো পৰিলক্ষিত হৈছে। অসমৰ বিদ্যুৎ বিতৰণৰ দায়িত্বত থকা এপিডিচিএলে যোৱা ৬ অক্টোবৰৰ পৰা কেবাদিনো ধৰি বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰি ৰাজ্যবাসীক বিদ্যুতৰ সম্ভাৱ্য নাটনিৰ বিষয়ে সকীয়াই দি আহিছে। তাৎপৰ্যপূৰ্ণ কথা এয়াই যে সফলতাৰ বিষয়ে আৰু বিল সময়মতে আদায় দিবলৈ জনোৱা আহ্বানৰ বিজ্ঞাপন সকলোৱে দেখাকৈ প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰি অহা ৰাজ্যখনৰ শক্তি বিভাগে কিন্তু নাটনিৰ বিজ্ঞাপন সহজতে চকুত পৰিব নোৱৰাকৈ ইংৰাজী ভাষাত ভিতৰৰ পৃষ্ঠাত প্ৰকাশ কৰিছে।

বিজ্ঞাপনৰ আধাৰত বিষয়টোক লৈ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে সুৰ সলনি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী, এপিডিচিএল আৰু শক্তি বিভাগে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যাপ্ত পৰিমাণৰ বিজুলী মজুত আছে বুলি দাবী কৰি অসম অন্ধকাৰত বুৰ নাযায় বুলি ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰে। এদিন আগলৈকে সহজতে কাৰো চকুত নপৰা ধাৰাবাহিক বিজ্ঞাপনেৰে বিদ্যুতৰ নাটনিক লৈ ৰাজ্যবাসীক সকীয়াই অহা শক্তি বিভাগেও মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে সুৰ সলনি কৰা পৰিলক্ষিত হয়।

শক্তিমন্ত্ৰী বিমল বৰাই মঙলবাৰে টুইট কৰি কয় যে অসমৰ হাতত পৰ্যাপ্ত শক্তি মজুত আছে। এপিডিচিএলে ৰাজ্যবাসীক নিৰৱিচ্ছিন্নভাৱে সেৱা আগবঢ়াই যাবলৈ প্ৰতিশ্ৰুতিৱদ্ধ বুলি উল্লেখ কৰি বিদ্যুতৰ গ্ৰাহসকলক শংকিত নহ’বলৈকো আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। 

একেদৰে এপিডিচিএলেও বিবৃতিযোগে ৰাজ্যবাসীক উদ্বিগ্ন নহ’বলৈ আহ্বান জনাই আৰু নীপকোৰ পৰা অতিৰিক্ত ১৮০ মেগাৱাট বিদ্যুতৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে। বঙাইগাঁওস্থিত তাপবিদ্যুৎ প্ৰকল্পত অতিৰিক্ত ১০০ মেগাৱাট আৰু নামৰূপৰ তাপবিদ্যুৎ প্ৰকল্পত অতিৰিক্ত ৪০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলিও জনাইছে এপিডিচিএলে। মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী আৰু এপিডিচিএলৰ এনে আশ্বাস সত্বেও কিন্তু গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বহুঘণ্টা ধৰি লোডশ্বেডিং হোৱাৰ খবৰ পোৱা গৈছে। 

উত্তৰ প্ৰদেশত নিশা বিদ্যুৎ কৰ্তন কৰা নহয়, দাবী যোগীৰ

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ বাতৰি মতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সোমবাৰে ৰাজ্যবাসীক নিশাৰ ভাগত গাঁৱেই হওক বা চহৰ কোনো ঠাইতে বিদ্যুৎ কৰ্তন কৰা নহয় বুলি আশ্বাস প্ৰদান কৰিছে। দেশৰ ভিন্ন ৰাজ্যত কয়লাৰ নাটনিৰ বাবে লোডশ্বেডিং আৰম্ভ হোৱাৰ সময়তে যোগীয়ে দিয়া এই আশ্বাসে বৃহৎ ৰাজ্যখনৰ লোকসকলক গৰমৰ মাজতে যথেষ্ট সকাহ দিয়া পৰিলক্ষিত হৈছে। অৱশ্যে সেই আশ্বাস কিমানদূৰ কাৰ্যকৰী হয় সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই।

মুখ্যমন্ত্ৰী যোগীয়ে উত্তৰ প্ৰদেশ পাৱাৰ কৰ্পৰেশ্যন লিমিটেডৰ নিৰ্দেশক এম দেৱৰাজক ৰাজ্যত বিজুলী উৎপাদনত প্ৰয়োজনীয় হোৱা কয়লাৰ আমদানি সন্দৰ্ভত সমীক্ষা কৰিবলৈ আৰু কয়লাৰ যোগান সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে। লগতে চহৰ আৰু গ্ৰামাঞ্চলত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৭ বজালৈ বিজুলীৰ ধাৰাবাহিক যোগান অব্যাহত ৰাখিবলৈকো নিৰ্দেশ প্ৰদান কৰিছে যোগী আদিত্যনাথে।

অধিক দামত বিজুলী ক্ৰয় বিহাৰৰ

কয়লাৰ নাটনিৰ ফলত দেশত দেখা দিবলৈ আৰম্ভ কৰা বিদ্যুৎ সংকটৰ প্ৰভাৱ পৰিছে বিহাৰতো। ৰাজ্যখনে যোৱা ৫ দিনত বিজুলী ক্ৰয়ৰ বাবে অতিৰিক্ত ৯০ কোটি টকা খৰছ কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জনোৱা মতে নাটনিৰ সময়তো বিহাৰে দৈনিক ৫৫০০ মেগাৱাটৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰি ৰাখিবলৈ সমৰ্থ হৈছে। বিহাৰত নিয়মীয়া বিজুলী যোগান শীঘ্ৰেই সম্ভৱ হৈ পৰিব বুলি আশ্বাস প্ৰদান কৰিছে নীতিশ কুমাৰে। 'মই নিজেই বিষয়টোক লৈ চোকা দৃষ্টি ৰাখিছো। যিকোনো ধৰণৰ সংকট দূৰ কৰিবলৈ মই চেষ্টা অব্যাহত ৰাখিছো। অৱশ্যে এয়া কথা অস্বীকাৰ নকৰো যে আমি প্ৰয়োজনীয় বিজুলী লাভ কৰা নাই। তাৰ বাবে আমি অতিৰিক্ত ধন খৰছ কৰি উচ্চ দামত বিজুলী ক্ৰয় কৰিছো।’-নীতিশে কয়।

হ্ৰাস পাইছে নেকি কয়লাৰ উৎপাদন? কি কয় কয়লা মন্ত্ৰীয়ে?

আন্তঃৰাষ্ট্ৰীয় বজাৰত কয়লাৰ মূল্য বৃদ্ধি পোৱাৰ ফলত কয়লাৰ আমদানি আৰু বিজুলী উৎপাদন কিছু হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। অৱশ্যে অহা ৩-৪ দিনৰ ভিতৰত উক্ত সমস্যাৰ সমাধান সম্ভৱ হৈ পৰিব বুলিও আশ্বাস প্ৰদান কৰিছে কয়লা মন্ত্ৰীগৰাকীয়ে।

কয়লা খনি থকা অঞ্চলসমূহত চলিত বৰ্ষত পূৰ্বৰ তুলনাত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱা বাবেই কয়লাৰ উৎপাদন হ্ৰাস পাইছে বুলিও সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অৱশ্যে ছেপ্টেম্বৰৰ পৰা উৎপাদন বৃদ্ধি পাবলৈ লৈছে বুলিও মন্তব্য কৰিছে কয়লা মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'যদিহে যোৱা কিছু বছৰৰ পৰিসংখ্যালৈ চাও তেন্তে দেখা পাম যে এই বছৰ ছেপ্টেম্বৰ আৰু অক্টোবৰৰ আৰম্ভণিত কয়লাৰ উৎপাদন আৰু সৰবৰাহ অধিক হৈছে। গতিকে অহা ৩-৪ দিনৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হৈ পৰিব।’

'আমদানিকৃত কয়লাৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত হঠাৎ বৃদ্ধি পাইছে। সেয়ে আমদানিকৃত কয়লাৰে চলা তাপবিদ্যুৎ কেন্দ্ৰত উৎপাদন বন্ধ হৈ পৰিছে। ইয়াৰ ফলত সমস্ত ভাৰ ল’বলগীয়া হৈছে দেশীয় কয়লাৰে চলা তাপবিদ্যুৎ কেন্দ্ৰসমূহে।’-শীঘ্ৰেই বিষয়টো সন্দৰ্ভত বিস্তাৰিত তথ্য জনাব বুলি উল্লেখ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে। 

শক্তি সংকটক লৈ কি মন্তব্য শক্তি মন্ত্ৰীৰ?

কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে দেওবাৰে কৈছে যে অহা ২৮ দিনৰ বাবে দেশত পৰ্যাপ্ত কয়লা মজুত আছে। কয়লাৰ অভাৱত বিদ্যুতৰ নাটনি হ’ব বুলি প্ৰচাৰিত বাতৰি ভিত্তিহীন বুলিও মন্তব্য কৰে শক্তি মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে দেশত আশংকা কৰা ধৰণে বিজুলীৰ কোনোধৰণৰ অভাৱ নঘটে।

ৰাজহুৱাভাৱে উপলব্ধ চৰকাৰী তথ্য অনুযায়ী এই সময়ছোৱাত ভাৰতত থকা ১৩৫ টা কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰৰ আধাতকৈয়ো অধিক তাপবিদ্যুৎ কেন্দ্ৰই কয়লা সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। কেবাটাও কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰ ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু বহুকেইটা বন্ধ হোৱাৰ পথত।

উল্লেখ্য যে কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰসমূহক প্ৰতিদিনে ১৮.৫ লাখ টন কয়লাৰ প্ৰয়োজন হয় যদিও বৰ্তমান প্ৰতিদিনে মাত্ৰ ১৭.৫ টন কয়লাহে সৰবৰাহ হৈছে। ইয়াৰ মাজতে দেশত পৰ্যাপ্ত পৰিমাণে কয়লা মজুত থকা বুলি দাবী কৰি আহিছে কয়লা মন্ত্ৰণালয়ে।

চীন, ইউৰোপ-আমেৰিকাতো বিদ্যুৎ সংকট

কেৱল যে ভাৰততেই বিদ্যুৎ সংকটে দেখা দিছে তেনে নহয়। বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতিৰ দেশ চীনতো চলিত বৰ্ষত দেখা গৈছে বিদ্যুৎ সংকট। কৰ’না মহামাৰীৰ পিছত সমগ্ৰ বিশ্বত পুনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে চীনত উৎপাদিত সামগ্ৰীৰ চাহিদাও অধিক বৃদ্ধি পাইছে। চাহিদা অনুপাতে উৎপাদন পৰ্যাপ্ত কৰিবলৈ চীনৰ উদ্যোগসমূহক প্ৰয়োজন হৈ পৰিছে পূৰ্বতকৈ অধিক বিজুলী। 

কিন্তু ২০৬০ চনৰ ভিতৰত চীনক কাৰ্বনমুক্ত দেশ হিচাপে গঢ়ি তুলিবলৈ চীন চৰকাৰে গ্ৰহণ কৰা নীতিৰ বাবে দেশখনত কয়লাৰ উৎপাদন ইচ্ছাকৃতভাৱে হ্ৰাস কৰা হৈছে। তৎসত্বেও দেশখনত প্ৰয়োজনীয় আধা শক্তি আজিও কয়লা নিৰ্ভৰ হোৱাত বিজুলীৰ নাটনি অৱশ্যাম্ভাৱী হৈ পৰিছে। চৰকাৰে বিকল্প উৎসসমূহৰ ব্যৱস্থা কৰিবলৈ তৎপৰ হৈ পৰিছে যদিও এই পৰ্যন্ত কিন্তু সম্পূৰ্ণৰূপে সফলতা অৰ্জন কৰিলৈ সমৰ্থ হোৱা নাই।

ইফালে প্ৰাকৃতিক গেছ আৰু পৰমাণু শক্তি নিৰ্ভৰ ইউৰোপতো দেখা দিছে শক্তিৰ নাটনিয়ে। প্ৰাকৃতিক গেছৰ বিশ্বৰ বজাৰত দাম বৃদ্ধি পোৱাৰ ফলত বিজুলীৰ দামো ইউৰোপৰ দেশসমূহত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ লৈছে। গ্ৰেট ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত ইতিমধ্যে বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা বৰ্ষত ব্ৰিটেইনত ১০ লাখতকৈয়ো অধিক লোকে শক্তি সংকটৰ সন্মুখীন হ’বলগীয়াত পৰিব বুলি আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

জাৰ্মানীতো প্ৰাকৃতিক গেছ নিৰ্ভৰ কেবাটাও শক্তি প্ৰকল্প বন্ধ হৈ পৰিছে। আমেৰিকাতো প্ৰাকৃতিক গেছৰ দাম যথেষ্ট বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বিশেষজ্ঞসকলৰ মতে কৰ’না মহামাৰীৰ সময়ত বিশ্বজুৰি অব্যাহত থকা লকডাউনত প্ৰাকৃতিক গেছৰ উদ্ঘাটনস্থলী তথা কয়লাৰ খনিসমূহৰ অধিকাংশতে উৎপাদন প্ৰায় বন্ধ হৈ পৰিছিল। লকডাউন খোলাৰ পিছতেই সমগ্ৰ বিশ্বতে প্ৰতিটো বস্তুৰে চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰাত উৎপাদনো বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰে কোম্পানীসমূহ। ফলত শক্তিৰ প্ৰয়োজনো উচ্চহাৰত বৃদ্ধি পায়।

সমান্তৰালভাৱে প্ৰাকৃতিক গেছ উৎপাদনকাৰী প্ৰতিষ্ঠান তথা কয়লা খনিসমূহত পুনৰ কাম আৰম্ভ হ’বলৈ ধৰিছে যদিও বহুদিন ধৰি বন্ধ হৈ থকাত পূৰ্বৰ গতিত বা পূৰ্বতকৈয়ো অধিক গতিত উৎপাদন আৰম্ভ কৰিবলৈ সময়ৰ প্ৰয়োজন হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিততে প্ৰাকৃতিক গেছ তথা কয়লাৰ উৎপাদন প্ৰয়োজনতকৈ হ্ৰাস পাইছে। চাহিদা আনুপাতে যোগান হ্ৰাস পোৱাত স্বাভাৱিকতেই দুয়োবিধ ইন্ধনৰেই দাম হোৰাহোৰে বৃদ্ধি পোৱাৰ ফলত এতিয়া সমগ্ৰ বিশ্বতে দেখা গৈছে বিদ্যুতৰ ভয়াৱহ সংকটে।

লেবাননত ২৪ ঘণ্টাৰ সম্পূৰ্ণ ব্লেকআউট

মধ্যপ্ৰাচ্যৰ দেশসমূহতো দেখা গৈছে বিদ্যুৎ সংকট। ৯ অক্টোবৰৰ দিনটোত সমগ্ৰ লেবাননতে ভয়াৱহ বিদ্যুতৰ নাটনিয়ে দেখা দিয়ে। ইন্ধনৰ অভাৱৰ ফলত দেশখন ২৪ ঘণ্টাৰ ব্লেকআউটৰ সন্মুখীন হয়। অৱশেষত লেবাননৰ কেন্দ্ৰীয় বেংকে ১০০ মিলিয়ন মাৰ্কিন ডলাৰ আৱণ্টন কৰাত পুনৰ শক্তি কেন্দ্ৰসমূহ কাৰ্যসমূহ হৈ পৰে আৰু ২৪ ঘণ্টাৰ অন্তত দেশখন অন্ধকাৰমুক্ত হয়। অৱশ্যে বৰ্তমানো দেশখনৰ ভিন্নপ্ৰান্তত কেবাঘণ্টা ধৰি লোডশ্বেডিং অব্যাহত আছে।

উল্লেখ্য যে যোৱা প্ৰায় ১৮ মাহ ধৰি দেশখনৰ অৰ্থনীতিৰ অৱনতি ঘটাৰ লগতে ইন্ধনৰ নাটনিয়েও দেখা দিছে। পৰিস্থিতিৰ জোৰা মাৰিবলৈ সেনাবাহিনীয়ে নিজৰ ৰিজাৰ্ভৰ পৰা শক্তি উৎপাদন কেন্দ্ৰলৈ ইন্ধন যোগান ধৰিবলৈ বাধ্য হৈ পৰিছে।