ঢেকীয়াজুলিঃ জনতাক হাৰাশাস্তি কৰি অহা আৰক্ষীৰ বিৰুদ্ধে উৰ্ধতম কৰ্তৃপক্ষৰ কাষ চাপিছে "মানৱ অধিকাৰ ন্যায় ফ’ৰাম অসম"। একাংশ আৰক্ষীৰ লোকে নিজৰ পোচাকৰ মৰ্য্যদা লুন্ঠিত কৰি আজিও সাধাৰণ জনতাক শান্তি-শৃংখলা বজাই ৰখাৰ নামত নিৰ্যাতন চলাই অহাৰ তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৱে অলপতে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক পি পি সিঙক লিখিত অভিযোগ দাখিল কৰে।

ফ’ৰামৰ সভাপতি অজিত কুমাৰ নাথ স্বাক্ষৰিত অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে যে  অৰক্ষীৰ লোকসকলৰ ভিতৰত একাংশ কনিষ্টবল, গৃহৰক্ষী বাহিনীৰ জোৱান আৰু উপ-পৰিদৰ্শকে এই মানৱ আধিকাৰ উলংঘনত বিশেষভাৱে হাতউজান দি আহিছে ৷

যান-বাহনৰ পৰা আৰম্ভ কৰি ৰিক্সাচালক, খাটিখোৱা লোকৰ পৰাও এইসকল অাৰক্ষীৰ লোকে এটা সাধাৰণ ভুলৰ অজুহাততে ধন সংগ্ৰহ কৰি হাৰাশাস্তি কৰি আহিছে৷

আৰক্ষী থানা সমূহত সাধাৰণ নাগৰিকে ন্যায়ৰ নামত এনে ঘোচখোৰ আৰক্ষীৰ দ্বাৰা প্ৰতাৰিত হৈ আহিছে ৷ এনে ধৰণৰ ঘটনা আমাৰ ৰাজ্যখনত প্ৰায়েই ঘটি আছে,  অথচ সকলোৱেই নীৰব দৰ্শকৰ ভূমিকা অৱলম্বন কৰি আহিছে বুলিও অভিযোগ কৰে ফ'ৰামে।

আৰক্ষীৰ লোকে সংঘটিত কৰা এই সমস্ত প্ৰক্ৰিয়াৰ দ্বাৰা  সমাজখনত যি বিৰূপ প্ৰভাব পৰিছে ইয়াৰ অৱসান ঘটাবলৈ সংগঠনটোৱে শীৰ্ষ আৰক্ষী বিষয়াক দাবী জনাইছে ৷ আনহাতে শোণিতপুৰৰ উপায়ুক্তকো একেটা বিষয় সন্দৰ্ভত সংগঠনটোৱে অভিযোগ দাখিল কৰে৷