newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা শশী থাৰুৰে প্ৰকাশ কৰা ভাৰত হৈ পৰিব ‘হিন্দু পাকিস্তান’ মন্তব্যৰ বিৰুদ্ধে পশ্চিম বংগৰ অধিবক্তা চুমিত চৌধুৰীয়ে কলকাতাৰ এখন আদালতত আবেদন জনায়৷ থাৰুৰৰ মন্তব্যই দেশবাসীক অপমান কৰাৰ লগতে সংবিধানক অপমান আৰু ধৰ্মীয় হিংসাক উৎসাহিত কৰা বুলি অভিযোগ উত্থাপন কৰি পশ্চিম বংগৰ অধিবক্তা চুমিত চৌধুৰীয়ে ন্যায়ালয়ত আবেদন জনাইছিল৷ 

কলকাতাৰ আদালতে ইতিমধ্যে থাৰুৰক নিৰ্দেশ জাৰি কৰি ১৪ আগষ্টৰ ভিতৰত সোশৰীৰে আদালতত উপস্থিত হ’বলৈ কয়৷ এই মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে কংগ্ৰেছেও চিন্তা-চৰ্চা কৰি মন্তব্য প্ৰকাশ কৰিবলৈ থাৰুৰক আহ্বান জনাইছিল৷ বিজেপিয়ে থাৰুৰৰ মন্তব্যৰ বাবে ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী জনাইছিল৷    

উল্লেখ্য যে, ২০১৯ চনত ভাৰতত বিজেপিয়ে যদি পুনৰ শাসনলৈ আহে তেন্তে ভাৰত ‘হিন্দু পাকিস্তান’ হৈ পৰিব বুলি মন্তব্য প্ৰকাশ কৰি বিতৰ্কত সোমাই পৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰ৷ কিন্তু ব্যাপক সমালোচনাৰ সন্মুখীন হৈ তেওঁৰ মন্তব্যক বিকৃত কৰা বুলি দাবী কৰিছিল শশী থাৰুৰে৷ 

কেৰেলাত অনুষ্ঠিত হোৱা এখন জন সভাত থাৰুৰে কয় ‘‘২০১৯ চনৰ লোকসভা নিৰ্বাচনত যদি বিজেপিয়ে জয়ী হয় তেন্তে আমাৰ গণতান্ত্ৰিক সংবিধান বাচি নাথাকিব৷ তেতিয়া যিটো ইচ্ছা সেইটো পাত সংবিধানৰ পৰা ফালি পেলাব আৰু নতুনকৈ সংবিধান লিখিব৷ সংস্যালঘূ সকলৰ সমান অধিকাৰ উঠাই দিব৷ তাৰ লগে লগে হিন্দু পাকিস্তান সাঁজু হ’ব৷  যিটো স্বাধীনতাৰ যুদ্ধৰ সময়ত মহাত্মী গান্ধী, জৱাহৰলাল নেহেৰু, চৰ্দাৰ পেটেল আৰু মৌলানা আজাদৰ দৰে নেতাই বিচৰা নাছিল৷’’

থাৰুৰৰ এই মন্তব্যৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ বিজেপিয়ে এই মন্তব্যৰ বাবে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ক্ষমা বিচৰাৰ দাবী জনায়৷ কংগ্ৰেছৰ দুবাৰৰ সাংসদগৰাকীয় হিন্দুক অপমান কৰা বুলি দাবী কৰে বিজেপিয়ে৷ তাৰ লগে লগে থাৰুৰে ভাৰত পাকিস্তানৰ দৰেই দেশ হ’বলৈ ওলাইছে৷ পাকিস্তানত সংখ্যালঘুৰ সমান অধিকাৰ নাই বুলি কয়৷