গুৱাহাটীঃ বিধান সভা নিৰ্বাচনত মুখ থেকেছা খোৱাৰ পিছত অন্তহীন গৃহ কন্দলে খেদি ফুৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক। দলটোৰ ভিতৰচ'ৰাত আৰম্ভ হৈছে ক্ষমতা কুক্ষিগত কৰাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা। দলীয় নেতৃত্বৰ ক্ষমতাকেন্দ্ৰিক এনে অঁৰিয়া-অঁৰিয়ে তৃণমূল কৰ্মীৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

প্ৰদেশ কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ মৃত্যুৰ পাছত তৰুণ গগৈৰ ঘনিষ্ঠ ৰিপুণ বৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে যদিও আজি পৰ্যন্ত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক গঠন কৰিবলৈ সক্ষম হোৱা নাই। ৰিপুণ বৰাই দায়িত্ব গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত এখন কাৰ্যনিৰ্বাক সমিতি গঠন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে উক্ত কাৰ্যনিৰ্বাহক সমিতিখন পুনৰ গঠন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ওভতাই পঠিয়ায়। আজি পৰ্যন্ত সভাপতি ৰিপুণ বৰাই এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক গঠন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ অনুমোদনৰ বাবে পঠাবলৈ সাহস নকৰিলে।

একমাত্ৰ লবীকেন্দ্ৰিক আৰু ক্ষমতা কেন্দ্ৰিক যুজঁ‌ বাগৰৰ বাবে। ফলত নৈৰাজ্য দলটোৰ ভিতৰত মূৰ দাঙি উঠা দেখা গৈছে। যি সময়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে আন দলসমূহে কঁ‌কালত টঙালি বান্ধি সাজু হৈছে সেই সময়ত কংগ্ৰেছৰ ভিতৰচ'ৰাত হোৱা এনে অস্থিৰতাই তৃণমূল কৰ্মীসকলক শংকিত কৰি তুলিছে।

উত্থাপিত অভিযোগ অনুসৰি সভাপতি ৰিপুণ বৰাই লবীকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে পছন্দ অনুসৰি কাৰ্য নিৰ্বাহকত সদস্য অন্তৰ্ভূক্তিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ফলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ পৰা কাৰ্যনিৰ্বাহক গঠনৰ ক্ষেত্ৰত পুনৰ বিবেচনাৰ বাবে পঠোৱাৰ পিছতো এতিয়ালৈ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰিব পৰা নাই একমাত্ৰ ৰাজনৈতিক লাভা-লাভাৰ স্বাৰ্থত।

এনে এক অৰাজক পৰিস্থিতিত বিৰোধী দলপতি আৰু প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ ভূমিকাও বিচাৰ্যৰ বিষয় হৈ পৰিছে। কিয়নো বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়াৰ ভূমিকা এইক্ষেত্ৰত দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। যিহেতু প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা আৰু সম্পাদক ৰূপক শৰ্মাৰ কথামতে দেৱব্ৰত শইকীয়াই কাম কৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। যাৰ প্ৰভাৱ পৰিছে কাৰ্যনিৰ্বাহক গঠনৰ ক্ষেত্ৰত। বহুতে কাৰ্যনিৰ্বাহক গঠনৰ ক্ষেত্ৰত তৰুণ গগৈৰ হস্তক্ষেপ বিচাৰিছে যদিও তৰুণ গগৈয়ে ৰিপুণ বৰালৈ গা ঠেলি হোহোকা-পিছলা অৱস্থান গ্ৰহণ কৰিছে। এই কাৰ্যই তৰুণ গগৈৰ দলত থকা প্ৰভাৱ আৰু ৰিপুণ বৰাৰ ওপৰত থকা নেতৃত্বৰ প্ৰভাৱকে নস্যাৎ কৰিছে।

উল্লেখ্য যে সভাপতি ৰিপুণ বৰাই বহুবছৰ ধৰি ৰাজনৈতিক পদবীৰ পৰা আঁ‌তৰত থকাৰ বাবে অৰ্থনৈতিক অচলা অৱস্থাই বিৰাজ কৰিছে। এই অৰ্থনৈতিক অচলা অৱস্থাই দল পৰিচালনাৰ ক্ষেত্ৰত গভীৰ সংকটৰ সৃষ্টি কৰিছে। এনে ক্ষেত্ৰত নাম আহিছে ৰকিবুল হুছেইনৰো। কিয়নো বিৰোধী দলপতি আসনৰ দৌৰৰ পৰা বাহিৰ হোৱা ৰকিবুল হুছেইনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক সহায় নকৰা বুলি অভিযোগ উত্থাপিত হৈছে। তাৰ পৰিবৰ্তে গোপনে চিপৰাং মৰা ৰাজনীতিত জড়িত হৈ পৰিছে।

মুঠৰ ওপৰত ৰাজনৈতিক ক্ষমতা লাভৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্ৰেছ কমিটিক কেকোঁ‌ৰাই নিজৰ দেহ চেপি খুলি খাই শেষ কৰাৰ দৰে লবীকেন্দ্ৰিক ৰাজনীতিয়ে কংগ্ৰেছক শেষ কৰি আনিছে। এনেধৰণৰ ত্ৰিকোণীয়া ৰাজনৈতিক ক্ষমতাৰ খকে কংগ্ৰেছৰ ভিতৰচ'ৰাত এক অৰাজক অৱস্থা বিৰাজ কৰিছে তাক বুজিবলৈ তৃণমূল কৰ্মীৰ মাজত বাকী ৰোৱা নাই বুলি গুজৱ আৰম্ভ হৈছে। ইফালে অংকুৰ দত্তৰ দৰে ৰাজ্যিক কৰ্মীয়ে দল এৰি বিজেপিত যোগ দিয়াটোৱেও তৃণমূল কৰ্মীসকলক দলটোৰ ভৱিষ্যত সন্দৰ্ভত বাৰুকৈয়ে ভবাই তোলা পৰিলক্ষিত হৈছে।