বোকাজানঃ চীনৰ পিছতে বিশ্বৰ বিভিন্ন প্রান্তত ত্রাসৰ সৃষ্টি কৰা কৰ'না ভাইৰাছে পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ এই ভাইৰাছৰ গ্ৰাসত বৰ্তমান কঁপিছে অসম৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাত আজি পুনৰ নতুনকৈ আৰু দুজন ক'ভিড-১৯ত আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ লগে লগে মহকুমাটোত এই সংখ্যা ৪ জনলৈ বৃদ্ধি হয়। 

আজি চিনাক্ত হোৱা ব্যক্তি দুজন হৈছে ক্ৰমে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবি ন-কাটাৰ বাসিন্দা ভৰত মাহাতু (২৯) আৰু বালিপথাৰ নেপেৰপেত্তিৰ বাসিন্দা গিদিঅন ম'মিন (২৪)। 

উল্লেখ্য যে, ভৰত মাহাতুৱে ২১ মে'ত ৰাজধানী এক্সপ্ৰেছ ৰেলেৰে পাটনাৰ পৰা আহি ২২ মে'ত ডিমাপুৰত অৱতৰণ কৰিছিল আৰু গিদিঅন ম'মিনে ১৮ মে'ত বিশেষ ৰেলযোগে বাংগালুৰুৰ পৰা আহি ২০ মে'ত চাপৰমুখত অৱতৰণ কৰিছিল। পৰৱৰ্তী সময়ত দুয়োকে মহকুমা প্ৰশাসনে বোকাজান নগৰস্থিত হোটেল ধনশিৰি কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন কৰি ৰাখিছিল। 

আজি বোকাজান মহকুমা প্ৰশাসনে যুৱক দুজনৰ স্বাৱৰ নমুনাৰ ফলাফল অনুযায়ী ক'ভিড-১৯ত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। ভৰত মাহাতু আৰু গিদিঅন ম'মিনৰ ৰিপ’ৰ্ট পজিটিভ অহাৰ লগে লগে বোকাজান মহকুমা প্ৰশাসন তৎপৰ হৈ পৰে আৰু ততাতৈয়াকৈ যুৱক দুজনক ১০৮ এম্বুলেঞ্চযোগে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। 

আনহাতে, দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে বহিঃৰাজ্যৰপৰা অসমত প্ৰবেশ কৰা ব্যক্তিসকলক লৈ ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰি কাৰ্বি আংলং জিলা প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসন তৎপৰ হৈ পৰাৰ সমান্তৰালকৈ এই ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বোকাজান মহকুমা প্ৰশাসনে মহকুমাটোত মুঠ ১১ টা কোৱাৰেণ্টাইন কেন্দ্ৰ সাজু কৰি তুলিছে। 

এই কেন্দ্ৰসমূহৰ ভিতৰত টি এন চি হোটেল, প্ৰিয়ংকা ল'জ, ধনশিৰি হোটেল, দয়ানন্দ বিদ্যা নিকেতন, ৰেইঞ্চ ইন হোটেল, ড্ৰিম স্কাই হোটেল, ৰিয়েল হোটেল, সৰিয়হজান ছাই ক্ৰীড়া হোষ্টেল আদি ৮ টা কোৱাৰেণ্টাইন কেন্দ্ৰত মুঠ ১২২ গৰাকী ব্যক্তিক বৰ্তমানলৈকে কোৱাৰেণ্টাইন কৰা হৈছে বুলি বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ কাৰ্যবাহী দণ্ডাধীশ তাহিৰ আলমে জানিবলৈ দিয়ে। বোকাজানৰ এই দুজনৰ দেহত পজিটিভ ধৰা পৰাৰ ফলত ৰাজ্যত বৰ্তমান কৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা এই বাতৰি লিখা পৰলৈকে হৈছেগৈ ৫৯৭ জন।