নতুন দিল্লীঃ কৰ'না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত কোনো লোকে যাতে ভোকত থাকিবলগীয়া নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি এক সংবাদমেলযোগে সদৰী কৰিছে এই কথা।

এই অনুযায়ী দেশৰ দৰিদ্ৰ লোকসকলৰ লগতে ক্ষতিগ্ৰস্তসকলৰ বাবে আজিৰ সংবাদমেলত ১.৭০ লাখ কোটি টকাৰ সাহায্য পেকেজৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। সাহায্য পেকেজৰ ধনৰাশি আৰ্থিকভাৱে দুৰ্বল কৃষক আৰু শ্ৰমিকসকলক অতিৰিক্ত খাদ্য সামগ্ৰী প্ৰদান আৰু পোনপটীয়াকৈ বেংক একাউণ্টযোগে ধন প্ৰদানত ব্যয় কৰা হ’ব। ইয়াৰ লগতে কৰ'না মহামাৰীৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা আৰ্থিক ব্যৱস্থাক উদ্ধাৰতো ব্যৱহাৰ কৰা হ'ব এই পেকেজৰ ধনৰাশি।  

আজিৰ সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে কি কি মূল ঘোষণা কৰিলে সেয়া তলত আগবঢ়োৱা হ'ল।

১. কোনো লোকে যাতে ভোকত মৰিবলগীয়া নহয় তাৰ বাবে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি দৰিদ্ৰ লোকৰ ভোজনৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ জৰিয়তে ৮০ কোটি হিতাধিকাৰীক অহা ৩ মাহৰ বাবে বিনামূলীয়াকৈ অতিৰিক্ত ৫ কিলোগ্ৰামকৈ চাউল অথবা ঘেঁহু দিয়া হ’ব। লগতে প্ৰদান কৰা হ’ব ১ কিলোগ্ৰামকৈ দাইল। 

২. প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ বছৰি ৬০০০ টকাকৈ প্ৰদান কৰা হ’ব। ইয়াৰ প্ৰথমটো কিস্তি হিচাপে অহা এপ্ৰিলৰ ভিতৰত সকলো কৃষককে ২০০০ টকাকৈ দিয়া হ’ব। এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব ৮ কোটি কৃষকক।

৩. শ্ৰমিকসকলৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। কৰ’নাৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা মনৰেগা শ্ৰমিকসকলকৰ দৈনিক মজুৰি ১৮২ টকাৰ পৰা বৃদ্ধি কৰি ২০২ টকা কৰা হৈছে। এই শ্ৰমিকসকলৰ প্ৰতিগৰাকীকে অতিৰিক্ত ২০০০ টকাকৈ প্ৰদান কৰা হ’ব।

৪.  ২০ কোটি মহিলাকো সামৰি লৈছে এই সাহায্য পেকেজে। এই অনুযায়ী দেশৰ ২০ কোটি মহিলাক জনধন একাউণ্টত পোনপটীয়াকৈ অহা ৩ মাহৰ বাবে মাহিলি ৫০০ টকাকৈ প্ৰদান কৰা হ’ব। আনহাতে মহিলা আত্মসহায়ক গোটসমূহক প্ৰদান কৰা বিশেষ ঋণ। এই ঋণৰ পৰিমাণ দুগুণ কৰা হৈছে। কোনোধৰণৰ মদগেজ নোহোৱাকৈ প্ৰদান কৰা হ’ব এই ঋণ।

৫. উজ্জ্বলা যোজনাৰ অধীনত হিতাধিকাৰীসকলক অহা ৩ মাহৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব ৰন্ধন গেছ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ বৃদ্ধ আৰু বিধৱা মহিলাসকলকো এককালীনভাৱে ১০০০ টকাৰ সাহায্য প্ৰদান কৰাৰ কথা সদৰী কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে।

৬. ইপিএফৰ নিয়মৰো সালসলনি কৰিছে চৰকাৰে। কম দৰমহা লাভ কৰাসকলৰ পিএফৰ ধন ৩ মাহৰ বাবে চৰকাৰে নিজেই বহন কৰিব। ব্যক্তিগত খণ্ডৰ ১০০ জন পৰ্যন্ত কৰ্মচাৰী থকা প্ৰতিষ্ঠানসমূহক ইপিএফৰ বাবেও ৩ মাহৰ ধন চৰকাৰে নিজেই প্ৰদান কৰিব। 

৭. কৰ’না ভাইৰাছৰ চিকিৎসাৰ সৈতে স্বাস্থ্যকৰ্মীসকলৰ বাবে ৫০ লাখ টকা পৰ্যন্ত বীমাৰ ব্যৱস্থা কৰিছে চৰকাৰে। 

৮. 'আমি দেশৰ কোনো দুখীয়া লোককে ভোকত মৰিবলৈ এৰি দিব নোৱাৰো। দেশৰ সকলো লোককে কুশলে ৰখাতো আমাৰ প্ৰধান আৰু মূল লক্ষ্য।’-সংবাদমেলত কয় বিত্তমন্ত্ৰীগৰাকীয়ে।