সমগ্ৰ বিশ্ব এতিয়া ক'ৰ'না ভাইৰাছৰ গ্ৰাসত। ইয়াৰ মাজতে এই ভাইৰাছবিধক পৰাস্ত কৰিবলৈ প্ৰতিষেধক উদ্ভাৱনৰ বাবে গৱেষণাগাৰত বিজ্ঞানীসকলে অব্যাহত ৰাখিছে গৱেষণা। প্ৰতিষেধক প্ৰস্তুতকৰণত বিজ্ঞানীসকলে সফলতা অৰ্জন কৰিলেও সাধাৰণ লোকসকল ইয়াৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা কিমান? এই সন্দৰ্ভত NNOৰ পঢ়ুৱৈসকলৰ বাবে নিম্ন উল্লিখিত লেখাটো লিখিছে পাপুলজ্যোতি বৰগোহাঞিয়ে। 


বিশ্ব স্বাস্থ্য সংস্থাই ক'ভিড-১৯ ৰোগক মহামাৰী হিচাপে ঘোষণা কৰাৰ পাছত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কুৱাৰিন্টিন বা লকডাউনৰ দৰে এনে কঠোৰ ব্যৱস্থাৱলীয়ে সংক্ৰমণৰ গতি কিছু ধীৰ কৰিছে সঁচা, কিন্তু এক ফলপ্ৰসূ প্ৰতিষেধকৰ উদ্ভাৱন নোহোৱালৈকে এই ৰোগ নিৰ্মূল হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। 

বৰ্তমানে বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ৩৫ টা কোম্পানী আৰু শিক্ষানুষ্ঠানে ক'ভিড-১৯ ৰোগৰ প্ৰতিষেধক আৱিষ্কাৰৰ কামত নিজকে নিয়োজিত কৰিছে। ইতিমধ্যে ইয়াৰে চাৰিটা প্ৰতিষ্ঠানে জন্তুৰ শৰীৰত প্ৰতিষেধকৰ পৰীক্ষণ সম্পন্ন কৰিছে। মডাৰ্ণা নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা কোম্পানীয়ে প্ৰথমবাৰৰ বাবে মানৱ শৰীৰতো নিজে প্ৰস্তুত কৰা প্ৰতিষেধকৰ পৰীক্ষা কৰিবলৈ সাজু হৈছে। 

তেনেই কম সময়ৰ ভিতৰতে যে প্ৰতিষেধক প্ৰস্তুতকৰণত ইমানখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাৰ কাৰণ প্ৰধানকৈ দুটা। প্ৰথমতে, ক'ভিড-১৯ ৰোগ সৃষ্টি কৰা Sars-CoV-2 ভাইৰাছবিধৰ বিষয়ে অধ্যয়ন কৰি চীনে ভাইৰাছবিধৰ জিনীয় অনুক্ৰমৰ বিষয়ে বহুখিনি কথা পোহৰলৈ আনিছিল। যোৱা জানুৱাৰী মাহত চীনে নিজৰ গৱেষণালব্ধ তথ্যসমূহ ৰাজহুৱা কৰি দিয়ে। এই তথ্যসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞক ভাইৰাছবিধৰ চৰিত্ৰ আৰু আচৰণ সম্পৰ্কে গৱেষণা কৰাত বহুখিনি সহায় কৰিছে। 

দ্বিতীয়তে, যদিও ক'ভিড-১৯ নামৰ ৰোগটোৱে বিশ্বজুৰি মহামাৰীৰ ৰূপ ল'ব বুলি  কোনেও অনুমান কৰিব পৰা নাছিল, তথাপি ইনফ্লুয়েঞ্জা সদৃশ কোনো ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকল সদায়ে সচেতন হৈ আছিল। সেয়ে কিছুমান নমুনা (prototype) ভাইৰাছৰ ওপৰত তেওঁলোকে পূৰ্বৰে পৰা অবিৰতভাৱে গৱেষণা চলাই আছিল। ২০০২-০৪ চীনত উদ্ভৱ হোৱা Sars নামৰ ৰোগটো সৃষ্টি কৰা ক'ৰ'না ভাইৰাছ বিধৰ সৈতে ক'ভিদ-১৯ সৃষ্টিকাৰী ভাইৰাছ বিধৰ জিনীয় গাঁথনিৰ ক্ষেত্ৰত ৮০-৯০ শতাংশ মিল আছে। সেই Sars ৰোগৰ বিষয়ে পূৰ্বতে চলোৱা অধ্যয়নৰ পৰা ক'ভিদ-১৯ৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে গৱেষণাৰত বিজ্ঞানীসকল উপকৃত হৈছে। 

বিজ্ঞানে হয়তো অনতিপলমে বিচাৰি উলিয়াব ক'ভিদ-১৯ৰ প্ৰতিষেধক, কিন্তু সেই প্ৰতিষেধৰ ব্যাপক উৎপাদন (mass production) কেতিয়া আৰম্ভ হ'ব আৰু সৰ্বসাধাৰণৰ বাবে ই কেতিয়া উপলব্ধ হ'ব সেইকথা এতিয়াও স্পষ্ট হোৱা নাই। বৃটেইনৰ দৰে দেশে বজাৰত উপলব্ধ কৰাতকৈ প্ৰথমতে স্বাস্থ্যকৰ্মী, শিশু আৰু গৰ্ভৱতী মহিলাক প্ৰতিষেধক প্ৰদান কৰাহে উচিত হ'ব বুলি মত দিছে। 

অন্যহাতে, অনুন্নত আৰু উন্নয়নশীল দেশবোৰ সাধাৰণতে মহামাৰীত বেছি ক্ষতিগ্ৰস্ত হয়। এনে দেশবোৰৰ স্বাস্থ্যসেৱাৰ অৱস্থা পঁয়ালগা আৰু সাধাৰণ জনতাৰ ক্ৰয়ক্ষমতাও কম। গতিকে মূল্য যদি আকাশলংঘী হয় তেনেহ'লে এই দেশবোৰক ক'ভিদ-১৯ৰ প্ৰতিষেধকে তৎকালীনভাৱে উপকৃত কৰিব বুলি আশা কৰিব নোৱাৰি।