সন্মানীয় দেশবাসী কৰ'না ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বই অভাৱনীয় সংকটৰ সন্মুখীন হৈছে। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধতকৈয়ো অধিক দেশ এই সংকটৰ ফলত প্ৰভাৱান্বিত হৈছে। অহা এসপ্তাহলৈ সম্ভৱপৰ সকলো কাম ঘৰৰ পৰা কৰিবলৈ আহ্বান জনাইছো। 

আমাৰ পৰিয়ালত যিসকল বয়োজ্যেষ্ঠ লোক আছে, বিশেষকৈ ৬০ বছৰৰ ওপৰৰ লোকসকল ঘৰৰ পৰা বাহিৰলৈ আৰু এসপ্তাহ ওলাব নালাগে। আজিৰ প্ৰজন্মই পুৰণি দিনৰ বহু কথা হয়তো নাজানে। মই যেতিয়া সৰু আছিলো তেতিয়া ৰাতি গাঁৱে গাঁৱে ব্লেকআউট হৈছিল। 

সেয়ে মই আজি দেশবাসীৰ পৰা আৰু এক সমৰ্থন বিচাৰিছো। এয়া হৈছে জনতাৰ সান্ধ্য আইন। এয়া হৈছে জনতাই জনতাৰ বাবে নিজে নিজৰ ওপৰত জাৰি কৰা সান্ধ্য আইন।

এই সান্ধ্য আইন অনুযায়ী অহা ২২ মাৰ্চৰ দিনটোক সকলোৱে জনতাৰ সান্ধ্য আইন হিচাপে পালন কৰক। এই দিনটোত সকলোৱে পুৱাৰ পৰা একেবাৰে নিশালৈ কেৱল ঘৰতে থাকক। অৱশ্যে অত্যাৱশ্যাকীয় সেৱাৰ সৈতে জড়িতসকলে বাহিৰলৈ ওলাবই লাগিব। তাৰ বাদে সকলোৱে জনতাৰ সান্ধ্য আইন পালন কৰক আৰু সেয়া সফল কৰক। 

এই জনতাৰ সান্ধ্যা আইনে আমাক অনাগত দিনৰ বাবে সাজু হোৱাত সহায় কৰিব। ৰাজ্য চৰকাৰক মই আহ্বান জনাইছো এয়া সফল কৰি তোলাত আগভাগ ল'বলৈ।

মোৰ বোধেৰে এই জনতাৰ সান্ধ্য আইনে বিশ্বকো বাট দেখুৱাব। জনতাৰ সান্ধ্য আইনৰ দিনটোত ২২ মাৰ্চত মই আপোনালোকৰ পৰা আৰু এটা সহযোগ বিচাৰিছো। যোৱা সময়ছোৱাত বিভিন্নজনে নিজৰ জীৱনৰ কথা নাভাবি অইনৰ সেৱাত ব্ৰতী হৈ আছে। আজিৰ পৰিস্থিতিলৈ চাই এয়া সামান্য অৱস্থা বুলিব নোৱাৰি। আজিৰ সময়ত তেওঁলোকে সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে। সেয়ে সকলোৱে সজাগ হ'ব লাগিব। 

মই বিচাৰিছো ২২ মাৰ্চৰ দিনটোত আমি সকলোৱে এই সকলো লোকক ধন্যবাদ জনাও। ধন্যবাদ দিয়া এই ব্যৱস্থাৰ জৰিয়তে দেশৰ সকলো লোকক ঐক্যৱদ্ধ কৰিব। সেইদিনা আমি সন্ধিয়া ৫ বজাত নিজৰ ঘৰৰ দুৱাৰমুখত নতুবা খিৰিকিমুখত ৫ মিনিটৰ বাবে এইসকল লোকক ধন্যবাদ জনাম। কেনেকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। আমি হাত চাপৰি বজাই, ঘণ্টা বজাই এইকেইদিন নিজৰ সংক্ৰমণৰ কথা পাহৰি জনতাৰ সেৱা কৰাসকলক ধন্যবাদ জনাম। 

এই সময়ছোৱাত হাস্পতালত ডাক্তৰসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি কৰা উচিত নহয়। সেয়ে এইকেইদিন ৰুটিন চেকআপ কৰাৰ পৰা বিৰত থাকক। যদিহে পৰামৰ্শ লবলগীয়া থাকে তেন্তে ফোনযোগেই চিনাকি ডাক্তৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক। যদিহে সৰুসুৰা অপাৰেশ্যনৰ সময় আছিল তেন্তে সেয়াও এমাহলৈ পিছুৱাই দিয়ক।

প্ৰিয় দেশবাসী, কৰনাৰ বিৰুদ্ধে যুজিবলৈ বিত্ত মন্ত্ৰালয়ে টাস্ক ফৰ্চ গঠনৰ সিদ্ধান্ত লৈছে। এই টাস্ক ফৰ্চে আৰ্থিক সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। এই মহামাৰীয়ে দেশৰ সকলোকে প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা আছে। সেয়ে ব্যৱসায়ী, উদ্যোগপতি আৰু নিয়োগকৰ্তাসকলক মানৱীয় দৃষ্টি দিবলৈ আহ্বান জনাইছো। কৰ্মচাৰীসকলৰ দৰমহা নাকাটিবলৈ আহ্বান জনাইছো।

খাদ্য সমাগ্ৰী, অত্যাৱশ্যাকীয় সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব। সেয়ে এই সংকটৰ সময়ত সম্ভৱ হল বুলিয়েই আমি সামগ্ৰী প্ৰয়োজনতকৈ বেছিকৈ মজুত কৰিবলৈ লৰা-ঢপৰা লগাই সমাজৰ বাকীসকলক সমস্যাত পেলোৱাতো উচিত নহয়। 

এনে সময়ত বহু কঠিন পৰিস্থিতি আহে। আংশকা আৰু উৰাবাতৰি বিয়পে। আমাৰ আশা পূৰণ নহয়। কিন্তু এই বিপদ বহুত ডাঙৰ। এয়া সমগ্ৰ বিশ্বৰ বাবে প্ৰত্যাহ্বান। কোনে দেশেই কাকো সহায় কৰিব পৰা নাই। গতিকে আমি কৰনাৰ পৰা নিজকে বচাই ৰখাত গুৰুত্ব দিব লাগিব। আজি দেশৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা সকলো স্থানীয় প্ৰশাসনে এই মহামাৰী দূৰ কৰিবলৈ চেষ্টা চলাই আছে। আপোনাসকলেও চেষ্টা চলাব লাগিব। 

মই আশা কৰিছো এই মহামাৰীৰ বিৰুদ্ধে মানৱ জাতিৰ জয় হব, ভাৰতৰ জয় হব। আহক আমি নিজক বচাও, দেশক বচাও, সকলোকে বচাও। পুনৰবাৰ সকলোকে জনতাৰ সান্ধ্য আইন পালন কৰিবলৈ, নিজৰ জীৱনক তুচ্ছ কৰি দেশৰ সেৱা কৰাসকলক কৃতজ্ঞতা জনাবলৈ আহ্বান জনাইছো।