থিৰুৱানন্তপুৰমঃ নভেল কৰ’না। দেশত এতিয়ালৈ ৫ জন লোক ইয়াৰ চিকাৰ হৈছে। বিমান বন্দৰৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন হৈ থকাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। মহাৰাষ্ট্ৰসহ কেবাখনো ৰাজ্যত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলৈ জাননী জাৰি কৰা হৈছে। কিন্তু বহুতেই সেয়া মানিবলৈ অস্বীকাৰ কৰা দেখা গৈছে। কিছুমানে আকৌ পৰীক্ষা-নিৰীক্ষাৰ পৰাও নিজকে দূৰত ৰাখিছে আৰু কোৱাৰেণ্টাইনো কৰা নাই। ফলত নিজৰ লগতে এইসকল লোকে বিপদ মাতি আনিছে আনসকললৈও। 

এজনৰ ভুলৰ বাবে বিপদত পৰিল বহুজন

ঘটনাটো কেৰালাৰ কাছাৰগোডৰ। এগৰাকী কৰ’না সংক্ৰমিত লোকে মধ্যপ্ৰাচ্যৰ পৰা ঘৰলৈ উভতিছিল। তেওঁক কোৱা হৈছিল কোৱাৰেণ্টাইন হৈ থাকিবলৈ। কিন্তু তালৈকে পৰোৱাই নকৰি 'মোৰ কৰ’না হ’বই নোৱাৰে’ ভাবেৰে সামাজিক দায়িত্ব উপলব্ধি কৰিবলৈ অনিচ্ছুক লোকজনে দুখনকৈ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ লগতে এখন শোকসভাতো ভাগ লয়। বিধায়কসহ কেবাগৰাকী লোকৰ সৈতে মিলিত হয় আৰু বাছ-ৰেলেৰ ভ্ৰমণ অব্যাহত ৰাখে। এই সময়ছোৱাত লোকজনে এখন ফুটবল খেলো উপভোগ কৰে।

ফলত কাছাৰগোড অঞ্চলত উক্ত লোকজনৰ উপৰিও এতিয়ালৈকে আন ৬জনকৈ লোকৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছ। এই খবৰ পোৱা মাত্ৰকে কেৰালা চৰকাৰে উক্ত অঞ্চলতো ছীল কৰি দিছে। আনহাতে অঞ্চলটো কৰ্ণাটকৰ সীমামূৰীয়া হোৱাত কৰ্ণাটক চৰকাৰেও নিজৰ সীমা ছীল কৰিছে।

কেৰালা চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই লোকজনক সোধ-পোচ কৰি এক চৰকাৰী বিবৃতিও জাৰি কৰিছে। এই চৰকাৰী বিবৃতিত লোকজনে দেশলৈ উভতি আহি কেৰালাৰ কোন কোন ঠাইলৈ গৈছিল সেই বিষয়ে উল্লেখ কৰিছে। 

'কাছাৰগোডত কৰ’নাৰ সংক্ৰমণ এজন বিশেষ লোকৰ বাবে হৈছে। এই লোকজনে ছেল্ফ-কোৱাৰেণ্টাইন ফলো নকৰিলে। লোকজনে কৰিপুৰলৈ বিমানত আহিছিল আৰু তাতে এদিন ৰৈছিল। তাৰ পিছত লোকজনে কাছাৰগোডলৈ ৰেলেৰে আহিছিল। বাকীকেইদিন লোকজনে কোনো সাৱধানতা অৱলম্বন নকৰাকৈ কেবাটাও অনুষ্ঠানত ভাগ লৈছে। ইয়াৰ ভিতৰত এখন ফুটবল মেচো আছে। কাছাৰগোডত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভয় খোৱাৰ কোনো কাৰণ নাই। কোনোৱে যেন এই লোকজনৰ দৰে ভুল নকৰে।’-এইদৰে উল্লেখ কৰা হৈছে চৰকাৰী বিবৃতিটোত।

ইফালে লোকজনৰ এনে দায়িত্বহীন কাণ্ডৰ পিছতে স্থানীয় দুজন বিধায়কক কোৱাৰেণ্টাইনত ৰখাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এসপ্তাহৰ বাবে সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ক্লাব আৰু ধাৰ্মিক স্থল বন্ধ ৰখাৰো নিৰ্দেশ জাৰি কৰিছে স্থানীয় প্ৰশাসনে। 

ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে সংক্ৰমণ

স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে শনিবাৰে সন্ধিয়া পৰ্যন্ত ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২৯০ গৰাকী। ইয়াৰে ৫জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। ২২ জনক সুস্থ হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। শুকুৰবাৰৰ দিনটোত ভাৰতত এদিনতে সৰ্বাধিক ৬৭ জন লোক এই ভাইৰাছত আক্ৰান্ত হয়। শনিবাৰৰ দিনটোতো পোহৰলৈ আহে কেবাটাও পজিটিভ ধৰা পৰাৰ ঘটনা। এনে পৰিপ্ৰেক্ষিতত ইয়াক ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত কাইলৈ সমগ্ৰ দেশে পালন কৰিবলৈ ওলাইছে জনতাৰ কাৰ্ফিউ।