নতুন দিল্লীঃ লকডাউন অব্যাহত থকাৰ মাজতে ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৪৮৬ জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰাত দেশত বুধবাৰে সন্ধিয়া পৰ্যন্ত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ২০,৪৭১ জন। এই সময়ছোৱাত ৪৯ জন লোক মৃত্যুমুখত পৰাত ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যাও ৬৫২ জনলৈ বৃদ্ধি পায়। 

যোৱা সোমবাৰে এদিনতে ১৫৪০ জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰা সময়ত কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে এয়াও সদৰী কৰিছিল যে লাহে লাহে ৰোগমুক্ত হ’বলৈ সমৰ্থ হোৱা লোকৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী বৰ্তমান ভাৰতত ক’ভিড-১৯ৰ ক্ষেত্ৰত ৰোগমুক্তৰ হাৰ হৈছে ১৯.৩৬ শতাংশ। অৰ্থাৎ এদিনত ভাৰতত ৬১৮ জনকৈ লোকে সুস্থ হৈ উঠিছে। 

ইফালে লকডাউন থকা সত্বেও কৰ’না আক্ৰান্তৰ সংখ্যাই ২০ হাজাৰৰ সীমা স্পৰ্শ কৰিছে যদিও স্বাস্থ্য মন্ত্ৰণালয়ে লকডাউন নাথাকিলে এই সংখ্যা কেবাগুণ অধিক হ’লহেতেন বুলি মন্তব্য কৰিছে। লকডাউন ৩ মে’লৈ বৃদ্ধি কৰা বাবে এই হাৰ নিয়ন্ত্ৰণৰ ভিতৰতে আছে বুলিও সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।

'লকডাউনৰ পূৰ্বে কৰ’না আক্ৰান্তৰ সংখ্যা দুগুণ হ’বলৈ সময় লাগিছিল ৩.৪ দিন। লকডাউনৰ বাবে 'ডাবলিং ৰেট’ৰ সময় বৃদ্ধি পাই হৈছেগৈ ৭.৫ দিন। এয়া আমাৰ বাবে খুবেই আশাব্যঞ্জক খবৰ।’-লকডাউনৰ সুফলৰ কথা উল্লেখ কৰি এইদৰে কয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ অগ্ৰৱালে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব অগ্ৰৱালে সদৰী কৰা মতে, কৰ’না ভাইৰাছ বৰ্তমান দেশৰ ৪০৩ খন জিলালৈ সংক্ৰমিত হৈছে। ২ এপ্ৰিললৈকে সেয়া মাত্ৰ ২১১ খন জিলাতে সীমাৱদ্ধ হৈ আছিল। তেওঁ আৰু কয় যে ভাৰতৰ মুঠ কৰ’না ৰোগীৰ ৪৫ শতাংশই আছে দেশৰ ৬খনকৈ প্ৰধান মহানগৰত। অন্যতম ছুপাৰ স্প্ৰেডাৰ তবলীগ জামাতৰ সৈতে সম্পৰ্কিত কৰ'না ৰোগীৰ সংখ্যা মুঠ কৰ'না আক্ৰান্তৰ ৩০ শতাংশ বুলিও সদৰী কৰে যুটীয়া সচিবগৰাকীয়ে।

মহানগৰ হিচাপে কৰ’না আক্ৰান্তৰ ক্ষেত্ৰত ৩০০০ ৰোগীৰে শীৰ্ষস্থানত আছে মুম্বাই। ইয়াৰ পিছতে ২০৮১ জন ৰোগীৰে দিল্লীয়ে দ্বিতীয়, ১২৯৮ গৰাকী ৰোগীৰে আহমেদাবাদে তৃতীয়, ৯১৫ গৰাকী ৰোগীৰে ইন্দোৰে চতুৰ্থ, ৬৬০ গৰাকী ৰোগীৰে পুণেই পঞ্চম আৰু ৫৩৭ গৰাকী ৰোগীৰে ষষ্ঠ স্থানত আছে জয়পুৰ।

আনহাতে, দেশৰ কৰ’না ৰোগীৰ ৬০ শতাংশ ৰোগীয়েই হৈছে ৫খন ৰাজ্যৰ। এই ৫খন ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, ৰাজস্থান আৰু তামিলনাডু। এই ৰাজ্যকেইখনত কৰ’না প্ৰভাৱান্বিত অঞ্চলসমূহৰ মাজৰ পৰা হটস্পট আৰু ৰেড জ’ন চিহ্নিত কৰি স্বাস্থ্য বিভাগে দ্ৰুত গতিৰে ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ উঠি-পৰি লাগিছে।

উল্লেখ্য যে, ভাগি পৰা অৰ্থনীতিক গতি দিবলৈ লকডাউন পৰ্যায়ক্ৰমে উঠোৱাৰ অংশ হিচাপে সোমবাৰৰ পৰা চৰকাৰে গ্ৰামাঞ্চলৰ একাংশ উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে। ইয়াৰ মাজতে তেলেংগানা চৰকাৰে ৰাজ্যখনত কৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱালৈ চাই ৭ মে’লৈকে বৃদ্ধি কৰিছে লকডাউনৰ সময়সীমা। সেয়া হ’লেও ৩ মে’ৰ পিছত দেশৰ বাকী ৰাজ্যসমূহত পৰিৱেশ স্বাভাৱিক হৈ উঠিব বুলি গভীৰ আশাৰে বাট চাই ৰৈছে সৰ্বসাধাৰণে।