নতুন দিল্লীঃ শীঘ্ৰেই দেশত কৰ’না আক্ৰান্তই পাৰ কৰিব ৫০ হাজাৰৰ সীমা। টেষ্ট যিমানেই বাঢ়িছে সিমানেই আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। লকডাউনৰ তৃতীয় পৰ্যায় অব্যাহত থকাৰ মাজতে বুধবাৰে পুৱাৰ ভাগলৈকে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ ৪৯,৩৯১ জন। তাৎপৰ্যপূৰ্ণ যে বিগত ৩ দিনৰ ভিতৰতে দেশত নতুনকৈ আক্ৰান্ত হৈছে অতিকমেও ৮০০০ জনকৈ লোক।

স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটৰ তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত নতুনকৈ পজিটিভ ধৰা পৰা লোকৰ সংখ্যা হৈছে ২৯৫৮ জন। মঙলবাৰে পুৱা এই সংখ্যা আছিল ৩৯০০ জন। ইফালে, মৃত্যুৰ সংখ্যাও বৃদ্ধি পায়েই আছে। ২৪ ঘণ্টাত নতুনকৈ ১২৬ জন লোকে প্ৰাণ হেৰুওৱাত ভাৰতত কৰ’নাত মৃত্যুমুখত পৰা লোকৰ সংখ্যা হৈছেগৈ ১৬৯৪ জন।

মৃত্যুৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ উভতিছে ১৪,১৮৩ জন ৰোগী। স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে ভাৰতত কৰ’নাৰ আৰোগ্যৰ হাৰ হৈছে ২৮.৭১ শতাংশ। আৰোগ্যৰ হাৰক লৈ চৰকাৰ সন্তুষ্ট হৈ থাকিলেও বিশেষজ্ঞসকলে সকীয়াই দিছে যে দেশত এতিয়াও কৰ’না ভাইৰাছৰ প্ৰকৃত ৰূপ দেখা পোৱা হোৱা নাই। অহা ৪-৬ সপ্তাহৰ ভিতৰত ভাইৰাছবিধে আৰু ভয়াৱহ ৰূপ ধাৰণ কৰাৰো আশংকা প্ৰকাশ কৰিছে মহামাৰী বিশেষজ্ঞসকলে।

উল্লেখ্য যে, টাস্ক ফৰ্চৰ বিশষেজ্ঞসকলেও লকডাউনৰ পূৰ্বেই চৰকাৰক কৰ'না সম্পৰ্কে সকীয়াই দি টেষ্ট আৰু কোৱাৰেণ্টাইনত সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছিল। কিন্তু সেই সময়ত তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল বুলি কেবাটাও সংবাদ মাধ্যমৰ আগত আক্ষেপ প্ৰকাশ কৰিছিল কেবাগৰাকী বিশেষজ্ঞই। অৱশেষত এতিয়া বিশেষজ্ঞসকলৰ আশংকা সত্য প্ৰমাণিত কৰি লকডাউন অব্যাহত থকা সত্বেও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আক্ৰান্তৰ সংখ্যা।

কৰ’নাক লৈ এনেদৰে আতংক বৃদ্ধি পোৱাৰ সময়তে মঙলবাৰে টাস্ক ফ’ৰ্চৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকত ভেকচিনৰ অগ্ৰগতি, ঔষধৰ সন্ধান, চিকিৎসা পদ্ধতি আদি বিষয়ক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত অতি কমেও ৩০ বিধ ভেকচিনক লৈ বিভিন্ন পৰ্যায়ত সন্ধান আৰু গৱেষণা চলি আছে বুলি সদৰী কৰে।