নতুন দিল্লীঃ বৃহস্পতিবাৰে সন্ধিয়ালৈকে আছিল ২১,৭০০। শুকুৰবাৰে পুৱা সেয়া বাঢ়ি হয়গৈ ২৩,০৭৭। সন্ধিয়াৰ ভাগলৈ সেই সংখ্যা আৰু বৃদ্ধি পাই হয়গৈ ২৩,৪৫২। ভাৰতত এইদৰে ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰ’না আক্ৰান্তৰ সংখ্যা। 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা মতে, বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা শুকুৰবাৰৰ সন্ধিয়ালৈকে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ১,৭৫২ জন লোক। ইয়াৰ লগতে এই সময়ছোৱাত কৰ’নাত নতুনকৈ ৩৭ জনৰ প্ৰাণহানি হোৱাত ৰোগবিধৰ ফলত ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই ৭২৩ জনলৈ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে এই মুহূৰ্তত ভাৰতত সক্ৰিয় হৈ থকা কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১৭,৯১৫ জন। আক্ৰান্তসকলৰ মাজত আছে ৭৭ জনকৈ বিদেশী নাগৰিকো। ইতিমধ্যে ৪,৮১৩ জন সুস্থ হৈ উঠা বুলিও আজি সংবাদ মেলত জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে।

সংবাদ মেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ অগ্ৰৱালে কয় যে যোৱা ২৮ দিনত দেশৰ ১৫ খনকৈ জিলাত নতুন কোনো সংক্ৰমণৰ ঘটনা ধৰা পৰা নাই। একেদৰে যোৱা ১৪ দিনত কৰ’না পজিটিভ ধৰা নপৰা মুঠ জিলাৰ সংখ্যা হৈছে ৮০ খন। সামূহিক সংক্ৰমণ ৰোধ কৰিবলৈ জিলা আৰু ৰাজ্য পৰ্যায়ত পৰ্ববেক্ষণ আৰম্ভ হৈছে বুলিও জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকীয়ে।

আজিৰ সংবাদ মেলত উপস্থিত থকা নেশ্যনেল চেণ্টাৰ ফৰ ডিজিছ কণ্ট্ৰ’লৰ সঞ্চালক ডাঃ সুজিত সিঙে জনাই যে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে পৰ্যবেক্ষণ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। 'প্ৰায় ৯ লাখ ৪৫ হাজাৰ লোক পৰ্যবেক্ষণ ব্যৱস্থাৰ আওতাত আছে।’-সুজিত সিঙে কয়।

স্বাস্থ্য বিভাগৰ যুটীয়া সচিব লাভ অগ্ৰৱালে জনোৱা মতে মহাৰাষ্ট্ৰত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৬৪৩০ গৰাকী। ইয়াৰ ভিতৰত কেৱল মুম্বাইতে আক্ৰান্ত হৈছে ৪ সহস্ৰাধিক। ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৮৩ জনৰ। মহাৰাষ্ট্ৰৰ পিছতে কৰ’না আক্ৰান্তৰ দিশেৰে দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে গুজৰাট। আনহাতে কেৰালাত কৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱা বুলিও জনাইছে যুটীয়া সচিবগৰাকীয়ে।

ইফালে লকডাউন সময়মতে আৰু পৰিকল্পিতভাৱে ঘোষণা কৰা বুলি দাবী কৰি থকাৰ সময়তে কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চৰ একাংশ সদস্যই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ বাতৰি পোৱা গৈছে। মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানীৰে গঠিত টাস্ক ফ’ৰ্চৰ অধিকাংশ সদস্যই বৈঠকত চৰকাৰে ঘোষণা কৰা লকডাউন অপৰিকল্পিত বুলি মন্তব্য প্ৰকাশ কৰাৰ কথা পোহৰলৈ আহিছে। 

একাংশ বিশেষজ্ঞই লকডাউন পৰিকল্পিতভাৱে নকৰা বাবে সেয়া প্ৰত্যাহাৰ কৰাৰ পিছতে দেশত কৰ’নাৰ সংক্ৰমণ অধিক হাৰত বৃদ্ধি পাব পাৰে বুলিও শংকা ব্যক্ত কৰিছে। এই সন্দৰ্ভত প্ৰকাশিত আমাৰ পূৰ্বৰ বিশেষ প্ৰতিবেদন তলৰ লিংক দুটাত ক্লিক কৰি পঢ়িব পাৰিব।

♦ লকডাউনৰ সদব্যৱহাৰত ব্যৰ্থ নেকি চৰকাৰ! টাস্ক ফ'ৰ্চৰ বৈঠকত কি আলোচনা চলিছিল?

 লকডাউনৰ পিছতো বাঢ়িব পাৰে কৰ'নাৰ সংক্ৰমণ! চৰকাৰক সকীয়ালে বিশেষজ্ঞই