ডিজিটেল ডেস্কঃ কথাই কথাই সনাস ল’বলৈ হিমালয় পৰ্বতলৈ যাম বুলি কোৱা মানুহ ধেৰ ওলাব। কিন্তু বিয়া পাতিবলৈ একা ? পিছে এনে সিদ্ধান্ত লোৱা মানুহো ওলাল। এহাল প্ৰেমিকে সিদ্ধান্ত ল’লে যে বিয়া পাতিলৈ উচ্চতাৰ শিখৰতে বিয়া পাতিব। প্ৰেমক আক্ষৰিক অৰ্থতে উচ্চতালৈ লৈ গ’ল এই প্ৰেমিকে। 

কেলিফৰ্ণিয়াৰ এই প্ৰেমিকহাল হৈছে ৩৫ বৰ্ষীয় জেমচ চিজম আৰু ৩২ বৰ্ষীয় এছলে স্কিমেইজাৰ। দুয়োজনেই পাৰম্পৰিক বিয়াথলীৰ পৰিৱৰ্তে এভাৰেষ্ট শৃংগত বিয়া পাতিবলৈ মন কৰিলে। 

কথা মতেই কাম। ছুটী লৈ দুয়োজনে ওলাল হিমালয় যাত্ৰাত। হিমালয় পৰ্বতৰ বেছ কেম্পত ৫ ডিগ্ৰী ফাৰেণহাইট উষ্ণতাত বিয়াৰ সাজ পিন্ধি দুয়ো বিয়াত বহিল। ১ ঘণ্টা ৩০ মিনিটত বিয়া সামৰি ফটোগ্ৰাফীৰ দলটোৰ সৈতে দুয়ো উভতিল। 

এই দম্পত্তিহালৰ বিয়াৰ যাত্ৰাৰ দৃশ্যবোৰ কেমেৰাত আবদ্ধ কৰিলে চাৰ্লেটন চাৰ্চিল নামৰ ৱেডিং ফটোগ্ৰাফাৰজনে। ইনষ্টাগ্ৰামত ফটোবোৰ শ্বেয়াৰো কৰি যাত্ৰাৰ বৰ্ণনাও দি গ’ল চাৰ্চিলে।