নতুন দিল্লীঃ দিল্লীৰ মহল্লা ক্লিনিকৰ এগৰাকী চিকিৎসকৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে আশংকাৰ ডাৱৰে ছানি ধৰিছে সমগ্ৰ ৰাজধানী চহৰখনক। প্ৰাৰম্ভিক পদক্ষেপ হিচাপে দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা ৯০০ লোকক নিজ নিজ ঘৰ তথা চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে।

দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে জনোৱা মতে মহল্লা ক্লিনিকৰ এই চিকিৎসকগৰাকী ছৌদি আৰৱ পৰা অহা কৰ’না পজিটিভ ধৰা পৰা এগৰাকী মহিলাৰ সংস্পৰ্শলৈ আহিছিল। ইয়াৰ পিছতে চিকিৎসকগৰাকীও এই ৰোগত আক্ৰান্ত হৈ পৰে। চিকিৎসকগৰাকীৰ লগতে তেওঁৰ পত্নী আৰু কন্যাও চিকাৰ হৈছে কৰ’নাৰ।

প্ৰাপ্ত খবৰ অনুযায়ী ছৌদি আৰৱৰ পৰা আহি দেশত ভৰি থোৱা মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা ৯গৰাকী লোক আক্ৰান্ত হৈছে কৰ’নাত। ইয়াৰে ভিতৰত চিকিৎসকগৰাকী সংক্ৰমিত হৈ পৰাৰ বাতৰিয়ে উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্য বিভাগক, কিয়নো চিকিৎসকগৰাকীয়ে ১২ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ মহল্লা ক্লিনিকত ধাৰাবাহিকভাৱে অতি কমেও ৯০০ ৰোগীক চিকিৎসা প্ৰদান কৰিছিল।  

ছৌদি আৰৱৰ পৰা অহা মহিলাগৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছিল ২৩ মাৰ্চত। ইয়াৰ এদিন পিছতে অৰ্থাৎ ২৪ মাৰ্চত চিকিৎসগৰাকীৰ দেহতো ধৰা পৰে পজিটিভ। ডুবাইৰ পৰা অহা মহিলাগৰাকীৰ পৰিয়ালৰ ৪জনকৈ সদস্যও কৰ’নাত আক্ৰান্ত হৈছে বুলি জনাইছে দিল্লীৰ স্বাস্থ্য বিভাগে। 

ইফালে চিকিৎসকগৰাকী কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক চফদৰজং হাস্পতালত ভৰ্তি কৰা হৈছে। আনহাতে চিকিৎসকগৰাকীৰ কন্যা আৰু পত্নীক ভৰ্তি কৰোৱা হৈছে জিটিবি হাস্পতালত। এইসকল লোকৰ সংস্পৰ্শলৈ অহা সকলো লোককে তৎকালেই দিল্লীৰ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰি কৰ’না টেষ্ট কৰাবলৈকো কোৱা হৈছে।

উল্লেখ্য যে, ভাৰতত আজি দুপৰীয়াৰ ভাগলৈকে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৬৫০ ৰো অধিক। আনহাতে ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যমুখত পৰিছে ১৩ জনকৈ লোকে। যদিহে আশংকা কৰা ধৰণে দিল্লীত চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা আৰু ১০-২০ জন লোকৰ দেহতো কৰ’না ধৰা পৰে তেন্তে সমগ্ৰ দিল্লীত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই নিমিষতে হাজাৰৰ ঘৰ স্পৰ্শ কৰিব বুলি শংকা কৰা হৈছে।