• ক'ভিড ভেকচিন কোনটোৰ কাৰ্যক্ষমতা বেছি : ক'ভাক্সিন, ক'ভিশ্বিল্ড নে নতুনকৈ অহা স্পুটনিক ?

গুৱাহাটীঃ  বিশ্বৰ আন আন দেশৰ লগতে আমাৰ দেশতো কভিড ১৯ ভাইৰাছজনিত অতিমাৰীয়ে অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কভিড ভৰাইৰাছৰ এই সমক্ৰমনক ৰোধ কৰিবলৈ পৃথিৱীৰ বিজ্ঞানী সকলে এই বেমাৰটোৰ ভেকচিন ইতিমধ্যেই প্ৰস্তুত কৰি উলিয়াইছে ৷ আমাৰ দেশতো চৰকাৰীভাবে প্ৰধানকৈ ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড নামৰ দুটা ভেকচিনক গ্ৰহন কৰা দেখা গৈছে৷

ইতিমধ্যে দেশত ক'ভিড ভেকচিনৰ প্ৰথমটো টিকাকৰণ অভিযান চলি থকা দেখা গৈছে আৰু দ্বিতীয়টি টিকাকৰণ অভিযানো আৰম্ভ হৈছে ৷ টিকাকৰণৰ বাবে ভাৰতত "ক'ভাক্সিন" আৰু "ক'ভিশ্বিল্ড" নামৰ ভেকচিন দুটাৰ ব্যৱহাৰ কৰা দেখা  হৈছে ৷ আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰো যে এই দুয়োটা ভেকচিনৰ পাৰ্থক্যবোৰনো কি কি?

উল্লেখযোগ্য যে ভাৰতত দ্বিতীয়টি টিকাকৰণ অভিযান পহিলা মাৰ্চৰ পৰা আৰম্ভ হৈছে য'ত ৬০ বছৰ উৰ্ধৰ আৰু লগতে ৪৫ বছৰৰ উৰ্ধৰ লক্ষণযুক্ত ব্যক্তিক এই ভেকচিন প্ৰদান কৰা হৈছে ৷ বৰ্তমান চৰকাৰে জনসাধাৰণক ভেকচিন নিৰ্বাচনৰ ক্ষমতা দিয়া নাই ৷ গতিকে আপোনালোকেও বোধহয় জানিব বিচাৰিছে কোনটো ভেকচিনৰ ৰক্ষন ক্ষমতা বেছি ৷ আহকচোন আজি আমি দুয়োটা ভেকচিনৰে কাৰ্যক্ষমতাৰ ওপৰত এটা সমীক্ষাত্মক আলোচনা কৰি চাওঁ ৷
ভেকচিন প্ৰস্তুতকৰ্তা:

Covaxin Vaccine


ক'ভাক্সিন নামৰ ভেকচিনটি "ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চ" (ICMR) আৰু "নেশ্বনেল ইঞ্চটিটিউড অৱ ভাইৰ'লজি" (NIV)ৰ সহযোগত হায়দৰাবাদস্থিত "ভাৰত বায়'টেক ইন্টাৰনেশ্বনেল লিমিটেড" নামৰ প্ৰতিষ্ঠানটিয়ে প্ৰস্তুত কৰি উলিয়াইছে ৷

 Covishield Vaccine 

অন্যহাতে ক'ভিশ্বিল্ড নামৰ ভেকচিনটি "চেৰাম ইঞ্চটিটিউড অৱ ইণ্ডিয়া" (SII)ৰ সহযোগত প্ৰস্তুত কৰি উলিয়াইছে অক্সফ'ৰ্ড এষ্ট্ৰাজেনেকা নামৰ প্ৰতিষ্ঠানটিয়ে ৷

ভেকচিনৰ প্ৰকাৰ: ক'ভাক্সিন হৈছে এটা নিস্ক্ৰিয় ভেকচিন যাক মৃত ভাইৰাচৰ ওপৰত পৰীক্ষা কৰি প্ৰস্তুত কৰা হৈছে ৷ ভেকচিনটো নিস্ক্ৰিয় অৱস্থাত থকা এটা সম্পূৰ্ণ ভিৰিয়ন ভেৰ' কোষৰ (Whole Virion inactivated Vero cell derived technology) সহায়ত প্ৰস্তুত কৰা হৈছে ৷ এই নিস্ক্ৰিয় অৱস্থাত থকা ভাইৰাছটোৱে এজন ব্যক্তিক আক্ৰান্ত কৰিব নোৱাৰে কিন্তু শৰীৰৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থাপনাক সক্ৰিয় কৰি ভাইৰাছটোৰ বিপক্ষে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে ৷ 

অন্যহাতে ক'ভিশ্বিল্ড প্ৰস্তুত কৰা হৈছে এটা ভাইৰাছ সংক্ৰমন কৰা পৰিবাহকৰ ওপৰত যি আগৰ ক'ভাক্সিন প্ৰস্তুত প্ৰণালীতকৈ সম্পূৰ্ণ বেলেগ ৷ চিম্পাঞ্জীৰ পৰা সংগ্ৰহ কৰা ChAdOx1 নামৰ এডিন' ভাইৰাছটোৰ অলপ সালসলনি কৰি ক'ভিড ১৯ৰ স্পাইক প্ৰটিন মানুহৰ শৰীৰৰ কোষলৈ লৈ যাব পৰাকৈ প্ৰস্তুত কৰা হৈছে ৷ ঠাণ্ডা স্বভাৱৰ এই ভাইৰাচটোৱে তাৰ গ্ৰহন কৰোতাক আক্ৰান্ত কৰাৰ ক্ষমতা নাৰাখে কিন্তু ই শৰীৰৰ প্ৰতিৰোধক তন্ত্ৰক এনেকুৱা ভাইৰাচৰ বিপক্ষে নিজকে প্ৰস্তুত কৰাত সহায়কৰ ভূমিকা গ্ৰহন কৰে ৷

ভেকচিন দিয়াৰ নিৰ্ধাৰিত মাত্ৰা: দুয়োটা ভেকচিনৰ মাজৰ প্ৰদান কৰিবলগীয়া নিৰ্ধাৰিত মাত্ৰাৰ প্ৰথমতে কোনো ব্যৱধান নাছিল ৷ দুয়োটা ভেকচিনেই ২৮ ৰ পৰা ৪২ দিনৰ ব্যৱধানত দিয়া হৈছিল ৷ কিন্তু বৰ্তমান নতুন জাননী অনুসৰি ক'ভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় দ'জৰ ব্যৱধান ১২ ৰ পৰা ১৬ সপ্তাহৰ ভিতৰত হ'ব লাগিব ৷ কিন্তু ক'ভাক্সিনৰ ক্ষেত্ৰত আগৰ ৬ ৰ পৰা ৮ সপ্তাহৰ ব্যৱধানটোৱেই বৰ্তি আছে ৷ 

সংৰক্ষনৰ নিয়মাৱলী: দুয়োটা ভেকচিনেই সাধাৰণ ফ্ৰীজৰ ২-৮ ডিগ্ৰী চেন্টিগ্ৰেডৰ ভিতৰত সংৰক্ষন কৰা হয় ৷ সেয়েহে এইটো তাপমাত্ৰাত ভেকচিনদুটাৰ পৰিবহন তথা সংৰক্ষন, দুয়োটাই সহজ হৈ পৰে ৷ 

কাৰ্যকাৰিতা: দুয়োটা ভেকচিনেই আৰম্ভনিৰে পৰা ক'ৰ'না ভাইৰাছৰ বিপক্ষে ৰোগ প্ৰতিৰোধী কাৰ্যক্ষমতাৰ এটা সন্তোষজনক ফলাফল ডাঙি ধৰিছে ৷
এটা আন্তঃৰাষ্ট্ৰীয় তথ্য অনুসৰি ক'ভিশ্বিল্ড ভেকচিনটোৰ কাৰ্যকাৰিতা প্ৰায় ৯০% আৰু ক'ভাক্সিনৰ কাৰ্যকাৰিতা প্ৰায় ৮১% বুলি প্ৰকাশ পাইছে ৷ 

ভেকচিন দুটাৰ দাম: বৰ্তমান দুয়োটা ভেকচিনেই চৰকাৰী স্বাস্থ্যকেন্দ্ৰ সমূহত বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷ ব্যক্তিগত স্বাস্থ্যকেন্দ্ৰসমূহত ভেকচিন দুটাৰ দাম চৰকাৰে ২৫০ টকাকৈ নিৰ্ধাৰণ কৰি দিছে ৷ 

ভেকচিন দুটাই কিদৰে কাম কৰে?: ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড দুয়োটা হৈছে আন্ত:পেশীয় ভেকচিন ৷ 

হিতাধিকাৰীৰ বয়স: ক'ভিশ্বিল্ড ভেকচিনটো ১৮ বছৰ আৰু উৰ্ধৰ ব্যক্তিৰ বাবে আৰু ক'ভাক্সিন ভেকচিনটো ১২ বছৰ আৰু উৰ্ধৰ শিশুৰ বাবে প্ৰস্তুত কৰা হৈছে ৷ কিন্তু এতিয়ালৈকে ১২ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলাক দিব পাৰি বুলি আশ্বাস দিয়া হোৱা নাই ৷ 

ক'ভিড ভেকচিনৰ শেহতীয়া খবৰ:

* এতিয়ালৈ ভাৰতক প্ৰায় ১২০ মিলিয়ন ক'ভিড ভেকচিন দিয়া হৈছে য'ত ইতিমধ্যেই ১৪ মিলিয়নতকৈ ওপৰৰ লোকে দ্বিতীয়টি টিকাকৰণ সম্পন্ন কৰিছে ৷ 
* ভাৰত চৰকাৰৰ স্বাস্থ্যবিষয়াসকলৰ মতে ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড দুয়োটা ভেকচিনেই মিউটেশ্বন হোৱা ইউ কে/ দক্ষিন আফ্ৰিকা / ব্ৰাজিলৰ ভাইৰাচৰ বিপক্ষে কাম কৰাত সফল হৈছে ৷ 

* জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলৈ ৰাচিয়াৰ স্পুটনিক-৫ ভেকচিনক অনুজ্ঞাপত্ৰ দিয়া হৈছে ৷ ইতিমধ্যেই ৰাচিয়াই ১ লাখ স্পুটনিক-৫ ভেকচিন  ভাৰতলৈ প্ৰেৰণ কৰিছে ৷ ভাৰতত ইয়াৰ নিৰ্মানৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে ড° ৰেড্ডিজ্ লেবৰেটৰিয়ে ৷ নতুন গৱেষণা অনুসৰি স্পুটনিকে কোনো ধৰণৰ এলাৰ্জিৰ সৃষ্টি নকৰে ৷ ভাৰতে এতিয়া প্ৰতিবছৰে ৮৫০ মিলিয়ন স্পুটনিক নিৰ্মান কৰাৰ প্ৰয়াস কৰিব ৷ 

* কাৰ্যক্ষমতাৰ ওপৰত ক'বলৈ গ'লে স্পুটনিকে ক'ভাক্সিন আৰু ক'ভিশ্বিল্ড দুয়োটাকে বহুখিনি পিছুৱাই গৈছে ৷ গৱেষণাৰ তথ্য অনুসৰি স্পুটনিকৰ কাৰ্যক্ষমতা ৯১.৬% য'ত ক'ভিশ্বিল্ডৰ কাৰ্যক্ষমতা ৯০% (গ্লবেল ৰিপৰ্ট অনুসৰি) আৰু ক'ভাক্সিনৰ ৮১% (তৃতীয় লানি পৰীক্ষাৰ পিছত) ৷ ভাৰত বায়'টেকৰ সূত্ৰ অনুসৰি তেওঁলোকে ক'ভাক্সিনৰ নিৰ্মান প্ৰতিমাহে ১২ মিলিয়নলৈ বৃদ্ধি কৰিব ৷

লিখক: ড° গীতাৰ্থ কৌশিক, প্ৰৱক্তা,ৰঙাপাৰা মহাবিদ্যালয়