শিমলুগুৰিঃ বিলাসী গাড়ী নথকা মন্ত্ৰী-বিধায়ক আজিৰ দিনত পাবলৈ নাই৷ মন্ত্ৰী-বিধায়ক বাদ দিয়ক সাধাৰণ একো একোজন নেতা-পালিনেতাই লাখ লাখ টকাৰ মুল্যৰ গাড়ীৰে ঘুৰা-ফুৰা কৰে৷ কাইলৈ বাছত উঠি ঘুৰি ফুৰা লোকজনে বিধায়ক হৈয়ে বছৰটোৰ ভিতৰতে কেইবাখনো গাড়ী-ৰাজ প্ৰসাদ সদৃশ আট্টালিকাৰ গৰাকী হৈ পৰে৷ যেন তেওলোকে অতীত পাহৰি যায়৷ খোৱাৰ পৰা পিন্ধনলৈকে সকলো সলনি হয় তেওলোকৰ৷

তেওলোক যেন ৰজা হৈ পৰে৷ ক্ষমতাই তেওলোকৰ সকলো সলনি কৰি পেলায়৷ তেওলোকৰ বিৰুদ্ধে লুটি-পুটি খোৱাৰ অভিযোগ উত্থাপন হয়৷ সদাগৰ হৈ পৰে তেওলোক৷ কিন্তু তাৰ বিপৰীতে কিছু লোকে সততাৰ সৈতে আজিও সহ-অৱস্থান কৰি আহিছে৷ মন্ত্ৰী-বিধায়ক সাংসদ হৈও দুৰ্নীতিৰ চেকা লাগিব নিদিয়া এনে বহু ৰাজনীতি কৰা লোক আজিও আছে৷

অগপৰ প্ৰাক্তন বয়োজ্যেষ্ঠ নেতা থানেশ্বৰ বড়ো তিনিবাৰ মন্ত্ৰী হৈ এতিয়া তৰ্জাৰ ঘৰত থাকে৷ সম্পত্তি বুলি বলৈ একো নাই৷ তেনে লোক সমাজত আজিও আছে৷ যাৰ দম্ভ অহংকাৰ নাই৷ ৰাজনীতি কৰি নেতা হোৱাৰ পিছতো সদায় তেওলোক মানুহৰ মাজতে আছে৷ উজনিৰ চিপিআই নেতা দ্ৰুপদ বৰগোঁহাই আজিও জনসাধৰণৰ মাজতে আছে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ মাদুৰি গাঁৱত ০৭ নৱেম্বৰ ১৯৪১ চনত জন্ম গ্ৰহণ কৰিছিল৷ নাজিৰা হাইস্কুল আৰু শিৱসাগৰ কলেজৰ বিএ পাছ কৰে৷

তাৰ পিছতে তেও ১৯৬০ চনৰ পৰা কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰে৷ তাৰ মাজতে তেও ১৯৬৩ চনত চিপিআইৰ সদস্য পদ গ্ৰহণ কৰে৷ সৰ্বভাৰতীয় ইয়ুধ ফেডাৰেছনত সক্ৰিয় হৈ থকাৰ লগতে চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সৈতেও জড়িত আছিল৷  ১৯৯৮ চনৰ পৰা ২০০৪ ৰাজ্য সভাৰ সাংসদ হয়৷ ২০০৪ চনৰ যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰে যদিও ২০০৬ চনত নাজিৰা বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াইৰ পত্নী সেই সময়ৰ মন্ত্ৰী হেমপ্ৰভা শইকীয়াক হৰুৱাই বিধায়ক হয়৷

বৰ্তমানেও তেও কমিউনিষ্ট দলৰ যৌথ মঞ্চৰ সম্পাদক৷ জনতাৰ ভোট লৈ ক্ষমতাৰ অপ ব্যৱহাৰ কৰাৰ অভিযোগ নাই তেওৰ বিৰুদ্ধে৷ দুৰ্নীতি কৰাৰ অভিযোগ নাই তেওৰ বিৰুদ্ধে৷ এনে লোক অসমৰ ৰাজনীতিত বহু আছে৷ বিলাসিতা-প্ৰচাৰ আদিৰ পৰা শতযোজন দূৰত থাকে তেওলোকে৷ সাধাৰণ জীৱন যাপন কৰা দ্ৰুপদ বৰগোঁহাই সকলোৰে আপোন৷ প্ৰাক্তন সাংসদ-বিধায়ক, সংগ্ৰামী নেতা, দ্ৰুপদ বৰগোঁহাইক ৰাজহুৱা সম্বর্ধনা যচিব ৰাইজে৷

শিৱসাগৰৰ নাজিৰাৰ ৰাইজে ৰাজহুৱা সম্বৰ্ধনা যাচিবৰ ববাে সাজু হৈছে৷ সততাৰ স্বীকৃতি দিব খুজিছে তেওক৷ অহা ১২ নৱেম্বৰত নাজিৰাৰ এমচিক্লাৱত "দ্ৰুপদ বৰগোঁহাই অভিনন্দন অনুষ্ঠান" শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে দল-সংগঠনে। দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠিত হ’ব কাৰ্যসূচীৰ পুৱা আয়োজক সমিতিৰ সভাপতি মহেন্দ্ৰ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভৰাম্ভ কৰিব। "জ্যোতি বিষ্ণু কলাঙ্গন" অসমৰ দ্বাৰা প্ৰদৰ্শিত হব লগা "চিত্ৰ ভাস্কৰ্য"ৰ প্ৰদৰ্শনীৰ দ্বাৰা উদঘাটন কৰিব বিশিষ্ট লেখক সাংবাদিক 'জনমত' কাকতৰ সম্পাদক ধৰ্ম বৰুৱাই। দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব অভিনন্দন অনুষ্ঠানৰ৷

শিক্ষাবিদ, বুদ্ধিজীৱি অৱনী বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত নিৰ্দিষ্ট বক্তা তথা মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব জ্যেষ্ঠ সাংবাদিক, বুদ্ধিজীৱি হাইদৰ হুছেইনে। অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিখনকৈ গ্ৰন্থৰ উন্মোচন কৰা হ’ব।

"এক সংগ্ৰামী সত্বাঃ দ্ৰুপদ বৰগোঁহাই" গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট কথাশিল্পী নাহেন্দ্ৰ পাদুনে, "দ্ৰুপদ বৰগোঁহাইৰ প্ৰৱন্ধ সংকলন" নামৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ ফনী চেতিয়াই আৰু তৃতীয়খন গ্ৰন্থ "স্মৃতি জলঙাইদিঃ" দ্ৰুপদ বৰগোঁহাইৰ আত্মকথা উন্মোচন কৰিব লেখক অৱসৰ প্ৰাপ্ত অধ্যাপক দুৰ্ল্লভ বুঢ়াগোঁহায়ে। ডিমুৱাল বিদ্যাভৱনৰ শিল্পীয়ে সমবেত সংগীত, সত্তসুৰ সংগীত বিদ্যালয়ৰ শিল্পীয়ে নৃত্য, সুৰসমলয়, জিকিৰ, ঝুমুই, কবিতা আবৃতি আদি সাহিত্য-সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। অনুষ্ঠানত দল-সংগঠন দ্ৰুপদ বৰগোঁহাইক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিব৷