ৰঙিয়াঃ ৰঙিয়াত সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৰঙিয়া জনকল্যাণ সমিতিৰ উদ্যোগত অহা ১৬ আৰু ১৭ ডিচেম্বৰত তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা খন ৰঙিয়া সংগম সংঘৰ বাকৰিত অনুষ্ঠিত হ’ব।

ৰঙিয়া জনকল্যাণ সমিতিৰ সভাপতি আনিছৰ ৰহমান আৰু সম্পাদক নাৰায়ণ দত্তই খেল সমূহ সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত কৰা হ’ব বুলি কয়।

চেম্পিয়ন দলক নগদ ২০ হাজাৰ টকা আৰু ৰাণাৰ্চ-আপ দলক বটাঁসহ নগদ ১০ হাজাৰ টকা প্ৰদান কৰিব। লগতে খেলৰ মেন অৱ দ্যা ছী-ৰিয আৰু মেন অৱ দ্যা মেচ বটাঁ প্ৰদান কৰা হ’ব৷ ক্ৰিকেট দলসমূহক খেল পৰিচালনা সমিতিৰ সভাপতি আনিছৰ ৰহমান আৰু সম্পাদক নাৰায়ণ দত্তৰ ৭০০২৩-০২৮৭৫ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিচালনা সমিতিয়ে।