newsnextone.com| তেজপুৰঃ ২০১৮ বৰ্ষৰ অহা ১৪ অক্টোৱৰৰ পৰা ২৩ অক্টোৱৰলৈ মধ্যপ্ৰদেশৰ জৌধপুৰত অনুষ্ঠিত হ’ব লগা বি চি চি আই টি-২০ মহিলা ক্ৰিকেট টুনামেণ্ট ( ১৯ৰ উদ্ধৰ) ৰ বাবে অসম দল ঘোষনা কৰাৰ বিষয়ে ইতিমধ্যে সকলোতে বিয়পি পৰিছে৷ ৰেচমি দে নেতৃত্বৰ ১৫ জনীয়া দলটোত স্থান লাভ কৰিছে তেজপুৰ মিলনপুৰ নিবাসী ভৱানী  শইকীয়াৰ কন্যা বিংকি মনি শইকীয়াই।

তেজপুৰ জয়মতী পথাৰত বিশেষ অনুশীলন আৰম্ভ কৰি টি-২০ ক্ৰিকেট টুনামেণ্টত অসম দলটোৰ স্থান প্ৰথম গৰাকী তেজপুৰৰ যুৱতী সকলোলৈ গৌৰৱৰ বাতৰি কঢ়িয়াই আনিছে৷ অৱশেষত দলটোৱে বিজয় ধ্বজা উৰুৱাই আহক কামনাৰে প্ৰাৰ্থনা কৰে ৰাইজে৷