দিল্লীঃ ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত নজিৰবিহীন ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। কলকাতা উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত ন্যায়াধীশ চি এচ কাৰ্ণাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে পৰোৱানা।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সত্বেও আদালতত হাজিৰ নথকাৰ বাবেই অৱমাননাৰ আধাৰত দহ হাজাৰ টকাৰ জামিনযোগ্য পৰোৱানা জাৰী কৰে সৰ্বোচ্চ ন্যায়ালয়খনে। 

মাদ্ৰাছ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ কাৰ্যৰত আৰু অৱসৰপ্ৰাপ্ত ন্য়ায়াধীশৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰি আদালত অৱমাননা গোচৰৰ সমুখীন হোৱা কাৰ্ণাৰক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। 

কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা হেতুকে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জে এছ ঠাকুৰৰ নেতৃত্বাধীন ৭ জনীয়া পেনেলে এই সিদ্ধান্ত ল’বলগীয়া হয়।