কোকৰাঝাৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই একপক্ষীয়ভাৱে কোকৰাঝাৰৰ তিনিটা পৰীক্ষা কেন্দ্ৰ বৰপেটাৰ ভৱানীপুৰ আঞ্চলিক কলেজলৈ স্থানান্তৰ কৰাৰ প্ৰতিবাদত প্ৰশিক্ষাৰ্থীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উক্ত পৰীক্ষা কেন্দ্ৰ তিনিটাৰ বাকী থকা পৰীক্ষাসমূহ বাতিল কৰিছে।

আজি বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে বিটিচিৰ শিক্ষা সঞ্চালকালয়ৰ প্ৰতিনিধিৰ আগত কোকৰাঝাৰ জিলাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম বৰ্ষৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ তিনিটা পৰীক্ষা কেন্দ্ৰ ক্ৰমে  ফকিৰাগ্ৰাম কলেজ, ডায়েট  আৰু আৰু বিএড কলেজৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হবলগীয়া পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাসমূহ বাতিল কৰা হৈছে বুলি সদৰী কৰে। 

উল্লেখ্য যে যোৱা ১৯ মে'ৰ পৰা আৰম্ভ হোৱা প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ পৰীক্ষাসমূহ উক্ত তিনিওটা কেন্দ্ৰত চলি থকা অৱস্থাতে বিশ্ববিদ্যালয়খনৰ এটা পৰ্যবেক্ষকৰ দলে যোৱা ২১ মে'ৰ দিনাখন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিছিল। ইয়াৰ পিছতেই ২৩ মে'ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে কাকতত এক বিজ্ঞাপনযোগে কোকৰাঝাৰ জিলাৰ তিনিটা পৰীক্ষা কেন্দ্ৰৰ বাকী থকা পৰীক্ষাসমূহ বৰপেটালৈ স্থানান্তৰ কৰা হৈছে বুলি বিবৃতি দিয়াত প্ৰশিক্ষাৰ্থীসকল ক্ষুব্ধ হৈ পৰে।

প্ৰশিক্ষাৰ্থীসকলে বিটিচিৰ শিক্ষা সঞ্চালকালয়ৰ সন্মুখত ধৰ্ণা দিয়াৰ লগতে কোনোপধ্যে বৰপেটালৈ পৰীক্ষা দিবলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত আৰু প্ৰশিক্ষাৰ্থীসকলে শিক্ষা সঞ্চালকক এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি বিষয়টো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনোৱাত আজি বিটিচিৰ শিক্ষা সঞ্চালক ৰবি শংকৰ বৰগয়াৰীয়ে বিষয়টো আলোচনাৰ্থে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়লৈ জিলা আঁচনি বিষয়া লক্ষণ  দাসক প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে।

বিটিচিৰ শিক্ষা সঞ্চালকৰ প্ৰতিনিধি হিচাপে যোৱা জিলা আঁচনি বিষয়া লক্ষণ দাসৰ সৈতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক আলোচনাত মিলিত হয়। অৱশেষত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰপেটালৈ পৰীক্ষা স্থানান্তৰ কৰাৰ সিদ্ধান্ত বাতিল কৰি উক্ত পৰীক্ষা কেন্দ্ৰ তিনিটাৰ বাকী থকা পৰীক্ষাসমূহো বাতিল কৰিছে। বিটিচিৰ শিক্ষা সঞ্চালক আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰবৰ্তী পৰ্যায়ত  আলোচনা কৰি  পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰিব বুলি বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰিছে ।