newsnextone.com| নগাঁওঃ নগাঁও জিলাৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গজেন চন্দ্ৰ দাসে চলিত বৰ্ষৰ জিলা ভিত্তিত কৃতী শিক্ষকৰ বঁটা লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দক্ষিণপাটৰ প্ৰয়াত থানেশ্বৰ দাস আৰু সত্যৱতী দাসৰ পুত্ৰ গজেন চন্দ্ৰ দাসে কাৰ্বি আংলং জিলাৰ বৈঠালাংছু আৰু ডকমকাৰ বাগপানী এম ই স্কুলত কিছুদিন শিক্ষকতা কৰি পৰৱৰ্ত্তী সময়ত ঘাঁহী মহমৰীয়া আঞ্চলিক হাইস্কুলতো সহকাৰী শিক্ষক হিচাপে শিক্ষকতা কৰি ১৯৮৮ চনত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰি শিক্ষাদানৰ দৰে পৱিত্ৰ কৰ্মত ব্ৰতী আছে। 

বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত দক্ষিণপাট শাখা আঞ্চলিক ছাত্ৰ সন্থা আৰু দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকাৰ লগতে তেওঁ দক্ষিণপাট আঞ্চলিক গণ সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক হিচাপে দ্বায়িত্ব পালন কৰিছিল।

২০০৮ চনত দক্ষিণপাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চম বাৰ্ষিক বিশেষ অধিবেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সদস্যৰ লগতে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী সমিতিৰ যুটীয়া সম্পাদক হিচাপে সুচাৰুৰূপে দ্বায়িত্ব পালন কৰা কৃতী শিক্ষক দাস অসম সাহিত্য সভাৰ অধীনৰ দক্ষিণপাটৰ মনচুন কলা পৰিষদৰো উপ সভাপতি। দাসে ২০১৭ বৰ্ষত অনুষ্ঠিত গুনোৎসৱত নডেল বিষয়া হিচাপে দায়িত্ব পালন কৰাৰ ওপৰি ২০১৬ চনৰ পৰা দক্ষিণপাট বিদ্যালয় গোটৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত জড়িত কৃতী শিক্ষক গৰাকীক শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ৫৭ তম্ শিক্ষক দিৱসত নগাঁও জিলা পুথিভঁৰালত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। শিক্ষক গৰাকীয়ে এই বঁটা লাভ কৰাৰ পাছত স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ লগতে মহমৰীয়া ৰাজহুৱা ভৱনত সুধাকন্ঠৰ জন্ম দিনত এক সভাত সম্বৰ্ধনা জনোৱা হয়।