ডিজিটেল ডেস্কঃ প্ৰেমিকৰ সৈতে মন্দিৰলৈ গৈ ওভতাৰ পথত প্ৰেমিকৰ সন্মুখতে গণ ধৰ্ষণৰ বিল হ’ল এগৰাকী দলিত যুৱতী৷ কেৱল ইমানে নহয় মোবাইলত আবদ্ধও কৰিলে সমস্ত দৃশ্য৷ সোমবাৰে ওড়িশাত সংঘটিত হয় এই ঘটনা৷ সোমবাৰে দুপৰীয়া ৰাজ্য খনৰ গঞ্জাম জিলাৰ ভঞ্জনগঢ়ৰ ঐতিহ্যমণ্ডিত ঠাকুৰাণি মন্দিৰ দৰ্শন কৰি এহাল প্ৰেমিক-প্ৰেমিকাই ওভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পিছতে তীব্ৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি হয়৷

ৰাজ্যৰ চৰকাৰ খনকো আইন-শৃংখলা ৰক্ষা কৰাত বিফল হোৱা বুলি আক্ৰমণ কৰে৷ এই খবৰক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে লয়৷ জানিব পৰা মতে, সোমবাৰে দুপৰীয়া ৰাজ্যখনৰ গঞ্জাম জিলাৰ ভঞ্জনগঢ়ৰ ঐতিহ্যমণ্ডিত ঠাকুৰাণি মন্দিৰ দৰ্শন কৰি এহাল প্ৰেমিক-প্ৰেমিকাই ওভতি আহি আছিল৷ প্ৰেমিকাগৰাকী এগৰাকী ছাত্ৰী৷ মন্দিৰৰ পৰা কিছু দুৰ অহাৰ পিছতে দুখন বাইকত অহা ৬জন উদণ্ড যুৱকে প্ৰেমিক-প্ৰেমিকা হালক পথত আগভেটা দি ৰখাই৷

৬জন যুৱকে তেওলোকক বেয়াকৈ মাৰ-ধৰ কৰাৰ লগতে তেওলোকৰ তিনিটা মোবাইল লৈ যায়৷ ইমানতে ক্ষান্ত নাথাকি যুৱক কেইজনে প্ৰেমিক-প্ৰেমিকা হালক বাদাম খেতিৰ মাজলৈ টানি লৈ যায়৷ বাদাম খেতিৰ মাজত প্ৰেমিকৰ সন্মুখতে গণ ধৰ্ষণ কৰে প্ৰেমিকাক৷ দুৰ্বৃত্তৰ দলটোৱে অনৈতিক কাৰ্য মোবাইলত আবদ্ধ কৰি আঁতৰি যায়৷

বিপদত পৰি হৈ-হাল্লা কৰাৰ পিছতো কোনো লোকে তেওলোকক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল৷ গঞ্জাম জিলাৰ আৰক্ষী অধীক্ষক আশিষ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ পুৰ্বৰ চিনাকি তিনিগৰাকী যুৱকো ঘটনাৰ সৈতে জৰিত আছে৷ ইতিমধ্যে আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৰ্ষণ, অপৰহণ, ডকাইতিৰ গোচৰ ৰুজু কৰা হৈছে তেওলোকৰ বিৰুদ্ধে৷