নতুন দিল্লীঃ বিশ্বত ছবিজগতৰ এক বৃহৎ তথা সন্মানীয় আমেৰিকান এৱাৰ্ড একাডেমী অক্সাৰ হৈছে অন্যতম৷ছবিজগতৰ লগত জড়িত থকা প্ৰত্যেকে এই সন্মান লাভ কৰিবলৈ যথেষ্ট কষ্ট, ধৈৰ্য, একাগ্ৰতা কাম কৰি আহিছে৷তাৰেই পৰিণাম স্বৰূপ নেচনেল এবাৰ্ড লাভ কৰা ছবি নিৰ্মাতা গজেন্দ্ৰ অহিৰেৰ ‘ডিয়ৰ মৌলী’ ছিনেমাখনে এক সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ মাৰাঠী ছবিজগতৰ নিৰ্মাতা-নিৰ্দেশক হিচাপে খ্যাত গজেন্দ্ৰ অহিৰেই জীৱনত বহু চিনেমা নিৰ্মাণ কৰিলে যদিও তেখেতৰ ‘ডিয়ৰ মৌলী’ নামৰ ছবিখনে এক সফলতাৰ শীৰ্ষত আগবাঢ়িবলৈ সাজু হৈছে৷ ডিচেম্বৰত আমেৰিকাস্থিত লচ এঞ্জেলিচত অনুষ্ঠিত হ’বলগীয়া ‘অস্কাৰ’ অনুষ্ঠানৰ বাবে এই চিনেমাখনক প্ৰথমবাৰৰ বাবে মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে৷

ইণ্ডো-স্বুইদিশৰ সহযোগত হিন্দী আৰু ইংৰাজী ভাষাত নিৰ্মাণ কৰি উলিওৱা এই ছবিখনত আলোক ৰজবাড়ে, গুৰবাণী গিল আৰু মৃণ্ময়ী গোডবোলেইৰ দ্বাৰা অভিনীত তাৰকাসকলে সুন্দৰ অভিনয় কৰিছে বুলি শলাগ লৈছে বহুলোকে৷

উল্লেখযোগ্য যে, অক্সাৰৰ অনুষ্ঠানত ৭ ডিচেম্বৰৰপৰা ১৩ ডিচেম্বৰলৈকে চিনেমা মুকলি কৰি প্ৰদৰ্শন কৰা হ’ব৷ লগতে ছবিখনত সম্পাদনাত প্ৰবীন নিচ্ছল আৰু ৰতন জৈনৰ লগতে চিনেমাৰ দলৰ সৈতে কাম কৰা মনমোহন চেট্টী আৰু গণেশ জৈনে ছিনেমাখনক প্ৰদৰ্শন কৰিব বুলি শেহতীয়াকৈ জানিব পৰা গৈছে৷ আনহাতে ভাৰতীয় ছিনেমাজগতত দিনক দিনে কষ্ট কৰি অহা লোকে নিজক যোগ্যতাৰে এনে সন্মানীয় অনুষ্ঠানত আগবঢ়াবলৈ সক্ষম হৈছে বুলি চিনেমাজগতত বিবেচিত হৈছে৷