যন্ত্ৰণাৰ পৃথিৱীত বাট বুলাৰ পূৰ্বে শান্তিৰে এঘুমটি, ফটোঃ ধনঞ্জয় নাথ
যন্ত্ৰণাৰ পৃথিৱীত বাট বুলাৰ পূৰ্বে শান্তিৰে এঘুমটি, ফটোঃ ধনঞ্জয় নাথ

কোকৰাঝাৰঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকান দ্বিতীয় খণ্ড গাঁৱৰ মণিৰুল ইছলামৰ পত্নী ৰশ্মিনাৰা বেগমক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পিছত আৰু আৰক্ষীয়ে ৰশ্মিনাৰা বেগমক গ্ৰেপ্তাৰ কৰি যোৱা ৯ নৱেম্বৰত কোকৰাঝাৰ ডিটেনচন কেম্পলৈ চালান দিয়া ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।

মুক্তিযুঁজাৰুৰ কন্যা বুলি খ্যাত অন্তঃসত্বা ৰশ্মিনাৰা বেগমক বিদেশী বুলি ঘোষিত কৰি ডিটেনচন কেম্পলৈ চালান দিয়াৰ পিছতে কোকৰাঝাৰ ডিটেনচন কেম্পলৈ বহু ৰাজনৈতিক নেতা, ছাত্ৰ নেতা, আইনজীৱিৰ আগমন ঘটিছিল আৰু সকলোৱে ৰশ্মিনাৰা বেগমৰ হৈ আহনী যুঁজ  দিয়া হ'ব বুলি ঘোষণা কৰিছিল। এমাহ দুমাহ কৈ ৫মাহ পাৰ হ'ল, আইনী যুঁজৰ ফলাফল কি হ'ল সেয়া গম পোৱা নগ'ল।

♦ বিদেশী বুলি ঘোষিত ৰশ্মিনাৰাই জন্ম দিলে কন্যা সন্তান 
♦ হাঁহি-স্ফূৰ্তিৰ পৰিৱৰ্তে হিয়াভগা কান্দোন পৰিয়ালবৰ্গৰ

কিন্তু  ৰশ্মিনাৰা ডিটেনচন কেম্পৰ সুউচ্চ দেৱালৰ ভিতৰতে আৱদ্ধ হৈ ৰল। তিনিমহীয়া গৰ্ভৱতী ৰশ্মিনাৰা বেগমে নিজ ভাগ্যক ধিয়াই ডিটেনচন কেম্পৰ কুটুৰীতে মুক হৈ থাকিল। পৰিয়াল-পৰিজনৰ সহায় অবিহনেই মাতৃত্বৰে গৌৰাৱান্বিত হ'বলৈ ৰশ্মিনাৰাও সাজু হৈ পৰিল।

এখুদ-দুখুদকৈ বাঢ়ি অহা গৰ্ভস্থ সন্তানেও লৰচৰ কৰি যেন সাজু হোৱাৰেই ইংগিত দিলে। হঠাতে কালি পুৱাৰে পৰা আৰম্ভ হ'ল ৰশ্মিনাৰাৰ প্ৰসৱ বেদনা, যি বেদনা মাতৃত্বৰ গৌৰৱেৰে উদ্ভাসিত কৰিবলৈ এক চিৰাচৰিত প্ৰাকৃতিক পৰিঘটনা।

ইয়াৰ পিছতে ডিটেনচন কেম্পৰ কৰ্তৃপক্ষ তথা কোকৰাঝাৰ জিলা কাৰাগাৰৰ কৰ্তৃপক্ষই ৰশ্মিনাৰাক কালি দুপৰীয়া ১২:৩০ বজাত চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। ৰাতিটো অপেক্ষাৰ অন্তত ৰশ্মিনাৰাৰ স্বাভাৱিক প্ৰসৱ নোহোৱাত অাজি চিকিৎসকে ১০ বজাত চিজাৰিয়ান পদ্ধতিৰ সহায় লয়।

দেৱশিশুটি ভূমিষ্ঠ হোৱাৰ লগে লগেই মাতৃ ৰশ্মিনাৰা আৰু পিতৃ মণিৰুল ইছলাম সহিতে পৰিয়ালৰ আন সদস্যই আনন্দিত হোৱাৰ পৰিৱৰ্তে ভাগি পৰে কান্দোনত। সেই মুহূৰ্তত চিকিৎসক, নাৰ্ছ আৰু আনসকলৰ এফালে হিয়াভগা দুখ আৰু আনহাতে মিশ্ৰিত আনন্দৰ পৰিণতিতে হুকহুকাই কন্দাৰ সকৰুণ দৃশ্য নীৰৱে চাই থকাৰ বাহিৰে আন কোনো গত্যান্তৰ নাছিল। সম্প্ৰতি ভূমিষ্ঠ হোৱা কন্যা দেৱশিশুগৰাকীৰ অৱস্থা স্বাভাৱিক যদিও মাতৃক তেজৰ প্ৰয়োজন বুলি জানিব পৰা গৈছে ।

এনে এক সময়ত মাতৃ-শিশুৰ কাষত থিয় হৈ মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদ। মাতৃ-শিশুৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী, কাপোৰ, খাদ্য সামগ্ৰী যোগান ধৰি এবিএমছুৱে মানৱতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে এবিএমছুৰ কৰ্মীসকলে মাতৃগৰাকীক তেজ দিবলৈ সদাপ্ৰস্তুত হৈ আছে।

উল্লেখ্যে যে যোৱা ২৫ ফেব্ৰুৱাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ সাতগৰাকীকৈ বিধায়কে কোকৰাঝাৰ ডিটেনচন কেম্পত হাজিৰ হৈ ৰশ্মিনাৰা বেগমক সাক্ষাৎ কৰিছিল। ডিটেনচন কেম্পত ভৰি থৈ সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল যে বিভিন্ন কাৰণত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিহ্নিত কৰা লোকসকলক দেশৰ নিয়ম অনুসৰি ন্যায় প্ৰদান কৰিবলৈ কংগ্ৰেছ দলে চেষ্টা অব্যাহত ৰাখিব। 

অাগন্তুক সময়ছোৱাত বিষয়টো গুৰুত্বসহকাৰে বিধানসভাত অালোচনা কৰি সমাধানৰ বাট উলিয়াব বুলি মন্তব্য কৰাৰ লগতে বিদেশী বুলি ঘোষিত হোৱা দেশীয় লোকসকলক আইনী সাহাৰ্য আগবঢ়োৱা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছিল বিৰোধী দলপতিগৰাকীয়ে। 

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰিভ্ৰমণ দুইমাহ অতিক্ৰম কৰিলে যদিও কাৰ্যত একো নহ'ল ৰশ্মিনাৰাৰ। চিকিৎসালয়ৰ পৰা মাতৃ-শিশুক অব্যাহতি দিলেই পুনৰাই ঘূৰি যাব লাগিব সুউচ্চ দেৱালেৰে আৱৰা ডিটেনচন কেম্পলৈ যত মাতৃ-শিশু বঞ্চিত হব পিতৃ, পৰিয়াল-পৰিজনৰ উমাল সান্নিধ্যৰ পৰা।

এনেদৰেই এটি দেৱশিশুৱে ন্যায়াধিকৰণে ঘোষিত কৰা বিদেশী মাতৃৰ দুগ্ধপান কৰি আৰু ভাৰতীয় পিতৃৰ উমাল সান্নিধ্যৰ পৰা বঞ্চিত হৈ ডিটেনচন কেম্পৰ কুটুৰীতে ডাঙৰ-দীঘল হ'ব। হয়তো পৰৱৰ্তী সময়ত আইনী মেৰপেছত সোমাই মুক্তি যুঁজাৰু কন্যা মাতৃগৰাকী যাব লাগিব বাংলাদেশলৈ! যদিহে মাতৃ বাংলাদেশলৈ যাবলগীয়া তেন্তে শিশুটি কি হ'ব? এনে ধৰণৰ অলেখ দুঃশ্চিন্তাই খেদি ফুৰাৰ পৰিপ্ৰেক্ষিততে এতিয়া সন্তান জন্মৰ পিছতো হাঁহিৰ পৰিৱৰ্তে ৰশ্মিনাৰাৰ পৰিয়ালত দেখা গৈছে কান্দোনৰ ৰোল।