ডিজিটেল ৰিপ'ৰ্টঃ নিজাকৈ নথকালৈকে সুকীয়া কথা। এতিয়া নিজাকৈ হ'ল যেতিয়া whatsapp, messenger বাদ দিয়ক। বাদ দিয়াতো অসম্ভৱ হ'লেও ডাউনলোড কৰক Atmiyo। কিয়নো এই Atmiyo হৈছে অসমৰ।

এজন অসমীয়া যুৱকে যুগান্তকাৰী পদক্ষেপ হাতত লৈ প্ৰথমবাৰলৈ ৰাজ্যত মুকলি কৰিবলৈ ওলাইছে হোৱাটছএপ, ফেচবুক, টুইটাৰ সদৃশ এক ছ’চিয়েল নেটৱৰ্কিং ছাইট। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসাধাৰণ যুৱকজনে।

মূলত whatsapp, messengerৰ দৰে এই ছ'চিয়েল মিডিয়া মেছেজিং এপটোৰ নাম ৰখা হৈছে "Atmiyo"। আত্মীয়সকলৰ সৈতে অনলাইন কানেক্ট হৈ থকাৰ সুবিধা আগবঢ়াব এই অসমীয়া এপটোৱে। কেৱল whatsapp বুলিয়েই নহয়, এই এপবিধত থাকিব ফেচবুক সদৃশ একাধিক ফিচাৰ্ছ।

বুধবাৰে আনুষ্ঠানিকভাৱে এক অনুষ্ঠানত ডিব্ৰুগড়ত এই ঘোষণা কৰে এগৰাকী মেধাৱী যুৱকে। whatsapp, messenger, facebookৰ দৰে মেছেজিং এপ মুকলি কৰিবলৈ সাহস কৰা এই যুৱকজন হৈছে ঋষশৃংগ চাংমাই।

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাক আৰু এখোপ আগুৱাই নিয়া যুৱকজনে আজি এক সংবাদমেলত এই কথা সদৰী কৰে। কাইলৈ নিশা ১২ বজাৰ পৰা Google Play Store যোগে ডাউনলোড কৰিব পৰা যাব 'আত্মীয়’ এপ।

উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা এই এপছত আনলিমিটেড Data, Video, Audio আদি বাৰ্তা প্ৰেৰণ কৰিব পৰা যাব। মোবাইল, কম্পিউটাৰ উভয়তে ব্যৱহাৰ কৰিব পৰা যাব এই 'আত্মীয়’ এপ। তদুপৰি ভুলতে প্ৰেৰিত বাৰ্তা Delete কৰিব পৰাৰো সুবিধা থাকিব এই ছ’চিয়েল নেটৱৰ্কিং ছাইটত। 

newsnextone.comৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয় যে এই এপবিধৰ ফলত যিখিনি উপাৰ্জন হ'ব সেই সকলোখিনি অসমতে থাকিব।  whatsappৰ দৰে সম্পূৰ্ণ encryptionৰ ব্যৱস্থা থকা এই এপত আছে একাধিক বিশেষ সুবিধা।

"Atmiyoৰ জৰিয়তে মোবাইল ডিভাইচৰ মেমৰীৰ অধিক স্পেচ আৱদ্ধ নকৰাকৈয়ে একেলগে ১০০০লৈকে ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰিব পৰা যাব। এই এপৰ ছাইজ হৈছে ৪০ (চল্লিছ) এম বি।"- অক্টোবৰ মাহৰ প্ৰথম ভাগত ডেস্কটপ ভাৰ্ছন অধিক আকৰ্ষণীয় ফিচাৰৰ সহায়ত মুকলি পাব বুলি উল্লেখ কৰি ঋষশৃংগই কয়।

ইয়াৰ লগতে আত্মীয় মিউজিক নামৰ এপ্লিকেশ্যনো মুকলিৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ সংগীতৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ উদ্দেশ্যে এই এপ মুকলি কৰা হৈছে বুলিও সদৰী কৰিছে যুৱকজনে।

"মিউজিক এপ্লিকেশ্যনে অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িতসকলক যথেষ্ট সহায় কৰিব বুলি আমি আশাবাদী। এই মিউজিক এপ্লিকেশ্যনৰ জৰিয়তে শিল্পীসকলে সম্পূৰ্ণ সুৰক্ষিতভাৱে গীত মুকলি কৰিব পাৰিব। অহা নৱেম্বৰত আমাৰ এই মিউজিক এপ্লিকেশ্যন সৰ্বসাধাৰণৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হ'ব।"-এইদৰে কয় বিশেষ প্ৰতিভাৰ গৰাকী যুৱকজনে।

উল্লেখ্য যে চীনত whatsappৰ পৰিৱৰ্তে ব্যৱহাৰ হয় চীনা মেছেজিং এপ wechat। একেদৰে ৰাছিয়াতো ৰাছিয়ান লোকসকলে সেই দেশত নিৰ্মিত এপ ব্যৱহাৰ কৰে। তেনেক্ষেত্ৰত অসমৰ লোকসকলেও 'আত্মীয়' এপবিধক মোবাইল আৰু কম্পিউটাৰত নিজৰ আত্মীয় কৰি ল'ব বুলি আশা কৰিছে ঋষশৃংগই।