ANI

newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ব্ৰাজিলৰ এগৰাকী ২৫ বৰ্ষীয় মহিলাক আটক কৰা হৈছে৷ জানিব পৰা মতে, মাৰাত্মক কোকেইনৰ তালাচী চলাই নিচাযুক্ত পদাৰ্থ নিয়ন্ত্ৰণ ব্যুৰ’ (এনচিবি)য়ে মহিলা ড্ৰাগ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ মহিলাগৰাকীৰ শৰীৰত সৰ্বমুঠ ১০৬ টা কোকেইনৰ কেপচুল পোৱা গৈছে বুলি জানিব পৰা গৈছে৷ 

নিচাযুক্ত পদাৰ্থ নিয়ন্ত্ৰণ ব্যুৰ’ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, এনচিবিয়ে এক গোপন সূত্ৰৰ পম খেদি ১৪ মে’ত ব্ৰাজিলৰ চাঔ পাউলোৰ পৰা বিমান যোগে ভাৰতলৈ অহা মহিলাগাৰীক আটক কৰিবলৈ সক্ষম হয়৷ পিছত মহিলাগৰাকীক চফদৰগঞ্জ হস্পিতাললৈ নি এক্সৰে’ পৰীক্ষা কৰাত মহিলাগৰাকীৰ শৰীৰত কোকেইনৰ কেপচুল থকা বুলি নিশ্চিত হয়৷ 

মহিলাগৰাকীৰ শৰীৰৰ পৰা ৯৩০ গ্ৰামৰ ১০৬ টা শুদ্ধ আমেৰিকান কোকেইনৰ কেপচুল উদ্ধাৰ হয়৷ এনচিবিয়ে মহিলাগৰাকীক আটক কৰি আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ 

দক্ষিণ আমেৰিকান ড্ৰাগছ মাফিয়াই ভাৰতৰ ড্ৰাগছ ব্যৱসায়ীলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ মহিলা গৰাকীৰ ব্যৱহাৰ কৰা বুলি এনচিবিয়ে সন্দেহ প্ৰকাশ কৰিছে৷