নতুন দিল্লীঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী শীলা দীক্ষিতৰ শনিবাৰে দেহাৱসান ঘটে৷

হৃদ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ এস্ক’ৰ্টত মুখ্যমন্ত্ৰীগৰাকীৰ হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাত আজি পুৱা দিল্লীৰ আখোলাস্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷

১৯৯৮ ৰপৰা ২০১৩ লৈকে মুঠ ১৫ বছৰ ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে। ১৯৩৪ চনত পঞ্জাৱত জন্মগ্ৰহণ কৰা শীলা দীক্ষিত বিগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল। 

২০১৪ চনত কেৰালাৰ ৰাজ্যপালৰ দায়িত্বতো আছিল বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰীগৰাকী। আনহাতে টুইটাৰ যোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

সেইদৰে ১৯৮৬ পৰা ১৯৮৯ লৈকে কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে। এই খবৰে গোটেই দিল্লীতে আজিৰ শোকৰ ছাঁ বিয়পায়৷