নতুন দিল্লীঃ দিল্লীত হিংসাত্মক ঘটনা সংঘটিত কৰা আক্ৰমণকাৰীসকলৰ কবলৰ পৰা বাদ পৰা নাছিল বিদ্যালয়ো। NDTV আৰু ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুযায়ী উত্তৰ-পূব দিল্লীৰ শিৱ বিহাৰ অঞ্চলৰ এটা গলিত ওচৰা-ওচৰিকৈ থকা দুখনকৈ স্কুলত ধ্বংসলীলা চলাইছিল উন্মত্ত লোকসকলে। হিংসাত্মক ঘটনাৰ সাক্ষী হৈ ৰোৱা এই বিদ্যালয় দুখন হৈছে ডি আৰ পি কনভেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু ৰাজধানী পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।

দুয়োখন বিদ্যালয়তে ২৪ ঘণ্টা ধৰি আক্ৰমণকাৰীসকলে বাহৰ পাতি থকাৰ কথাও জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীসকলে। খবৰ দিয়াৰ পিছতো বিদ্যালয় দুখনক আক্ৰমণকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে স্থানীয় লোকসকলে। দুদিন পিছত যেতিয়া আৰক্ষী আহি উপস্থিত হৈছিল তেতিয়া বিদ্যালয় দুখন এৰি পলায়ন কৰিছিল তাত আত্মগোপন কৰি থকা আক্ৰমণকাৰীসকলে।

চকীদাৰক বন্দী কৰি জ্বলাই দিলে স্কুল

NDTVৰ সাংবাদিকে ৰাজধানী পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উপস্থিত হৈ ঘটনা সন্দৰ্ভত জনাবলৈ কোৱাত কেমেৰাৰ সমুখতে কান্দোনত ভাঙি পৰে চকীদাৰজন। কান্দি কান্দি তেওঁ বৰ্ণনা কৰে সেই দুদিনৰ হৃদয় বিদাৰকৰ কাহিনী। 'সোমবাৰে সিহঁত দলে-বলে আহিছিল। গোটেই স্কুলখন দখল কৰি লৈছিল। মোক পিছৰ এটা কোঠাত পৰিয়ালৰ সৈতে মনে মনে সোমাই থাকিবলৈ কৈছিল। সিহঁতে সকলোবোৰ এফালৰ পৰা জ্বলাই গৈছিল, ধ্বংস কৰি গৈছিল। আৰক্ষী আহিছিল দুদিন পিছত। আৰক্ষী অহাতহে মই কোঠাটোৰ পৰা বাহিৰলৈ ওলাইছিলো।’-এইদৰে কয় চকীদাৰ মনোজ চন্দ্ৰাই।

'সিহঁতে মোৰ কোৱাৰ্টাৰৰ পৰা সকলো কাঢ়ি লৈ গৈছিল। আৰক্ষীক জনালে আৰু চিঞৰিলে মোক আৰু মোৰ পৰিয়ালক মাৰি পেলাব বুলি ভাবুকি দিছিল। কোনোমতে সিঁহতৰ কবলৰ পৰা নিজক আৰু পৰিয়ালক বচাই ৰাখিছো। এই দুদিন লঘোণে-ভোকে কেনেকৈ আছো সেয়া ওপৰৱালাইহে জানে।’-চকীদাৰজনে ভয়তে কঁপি কঁপি কয়।

দুদিন পিছত বিদ্যালয়খনলৈ আহি শোকত ভাগি পৰে প্ৰতিষ্ঠাপক ফৈজাল ফাৰুক। সাংবাদিকৰ আগত তেওঁ কয়, 'আমি হতভম্ব। এতিয়া আমি মুখ্যমন্ত্ৰীলৈ চিঠি লিখি সহায় বিচৰাৰ কথা ভাবিছো। নহ’লে আমি ইমান ডাঙৰ স্কুল হঠাৎ ভাল কৰিবলৈ ক’ত ইমান ধন পাম? আমি বছৰেকীয়া পৰীক্ষাও স্থগিত ৰাখিছো। পৰিস্থিতি ভাললৈ নহালৈকে স্কুল বন্ধ ৰাখিবলৈ আমি বাধ্য। ছাত্ৰ-ছাত্ৰীবোৰেও ভয় খাই আছে।’

জুই নুমাবলৈ নাহিল ফায়াৰ ব্ৰিগেড, দুদিন পিছতহে আহিল পুলিচ

ওচৰা-ওচৰিকৈ থকা দুয়োখন বিদ্যালয়কে একেলগে দখল কৰি লৈছিল আক্ৰমণকাৰীসকলে। ইমানেই নহয়, বিদ্যালয়খনত থকা কিতাপবোৰ ফালি ৰাস্তাত দলিয়াই দিছিল। দুদিন ধৰি ৰাস্তাত পৰি আছিল ফালি পেলাই দিয়া কিতাপবোৰ। আক্ৰমণকাৰী দলটোৱে বিদ্যালয়খনৰ আচবাবৰো ক্ষতি-সাধন কৰা দেখা গৈছে।

আনহাতে, ডি আৰ পি কনভেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলতো সমানেই ধ্বংসলীলা চলাইছিল দলটোৱে। শ্ৰেণীকোঠাৰ লগতে আক্ৰমণকাৰীসকলে ব্লেকবৰ্ডো ভাঙি পেলাইছে। তাতেই ক্ষান্ত নাথাকি জ্বলাই দিছিল লাইব্ৰেৰী। বিদ্যালয়খনৰ স্বত্বাধিকাৰী ধৰ্মেশ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, 'আৰক্ষী দুদিন পিছতহে ইয়ালৈ আহিছে। দেশৰ ৰাজধানী মহানগৰত দাউদাউকৈ জ্বলি থকা এখন বিদ্যালয়লৈ আহিবলৈ আৰক্ষীক দুদিন সময় লাগে। তেন্তে ভাবক দেশৰ অৱস্থা কি হৈছে? আচৰিত কথা কি জানে? খবৰ দিয়াৰ পিছতো ফায়াৰ ব্ৰিগেড আহিয়েই নাপালে। দুদিন ধৰি লাইব্ৰেৰীৰ জুই জ্বলি জ্বলি নিজেই নুমাই গ’ল।’

আক্ৰমণকাৰীসকলে সন্ত্ৰাসবাদী সংগঠনৰ ষ্টাইলত বিদ্যালয়খনক আক্ৰমণৰ ঘাটি কৰি লোৱা বুলিও সন্দেহ প্ৰকাশ কৰে স্বত্বাধিকাৰীগৰাকীয়ে। 'বিদ্যালয়ৰ সমুখৰ বিল্ডিঙটোত দীঘল ৰচী ওলমি আছে। সেই ৰচীৰে চিনেমাৰ কায়দাত সিহঁতে সন্ত্ৰাসবাদী ষ্টাইলত বিদ্যালয় চৌহদত প্ৰৱেশ কৰি চকীদাৰক আৱদ্ধ কৰি ৰাখি এইবোৰ কৰিছে। ভয়াৱহ, খুবেই ভয়াৱহ পৰিস্থিতি।’- শংকিত মনেৰে কয় ধৰ্মেশ শৰ্মাই।

জ্বলি গ'ল সকলো ৰেকৰ্ড, উদ্বিগ্ন ছাত্ৰ-ছাত্ৰী

অঞ্চলটোৰ আন এখন বিদ্যালয় অৰুণ মডাৰ্ণ পাব্লিক স্কুলতো একেই অবৰ্ণনীয় পৰিৱেশ। আক্ৰমণকাৰীয়ে এফালৰ পৰা ধ্বংস কৰি পেলোৱা বিদ্যালয়খনত উপস্থিত হৈ ভাৱলেশহীন হৈ পৰিছে অধ্যক্ষ জ্যোতি ৰাণী। আধাপোৰা ফাইলবোৰ বুটলি বুটলি সাংবাদিকৰ আগত অধ্যক্ষগৰাকীয়ে বৰ্ণনা কৰিছে অপূৰণীয় ক্ষতিৰ কথা। 'যেতিয়া মই আমাৰ স্কুলখন জ্বলাই দিয়াৰ খবৰ পাইছিলো তেতিয়া থৰথৰকৈ কপিছিলো। সকলোবোৰ কম্পিউটাৰ জ্বলি শেষ হৈ গৈছে। সকলো ৰেকৰ্ড শেষ এতিয়া। তাৰ মাজতে যি পাৰো উদ্ধাৰৰ চেষ্টা চলাইছো। দিল্লীত এনে দিন যে আহিব সপোনতো ভবা নাছিলো।’-অধ্যক্ষগৰাকীয়ে কয়।

হিংসাত্মক ঘটনাই এনেদৰে শেষ কৰি পেলোৱা বিদ্যালয়কেইখনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েই এতিয়া উদ্বিগ্নতাৰে দিন কটাবলৈ বাধ্য হৈ পৰিছে। সমানেই চিন্তিত অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলো। 'আমাৰ স্কুলখন জ্বলি গ’ল। কি হ’ব এতিয়া আমাৰ। মই এডমিট কাৰ্ডো অনা নাছিলো। শুনিছো সেয়া জ্বলি ছাই হৈ গৈছে। এটা বছৰ হেৰুৱাবলগীয়া হ’লে আমাৰ কি হ’ব।’-কান্দি কান্দি কয় অৰুণ মডাৰ্ণ পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ বিভোৰ চৌধুৰীয়ে। 

'মোৰ দুৰ্যোগ ব্যৱস্থাপনাক লৈ মই প্ৰস্তুত কৰা ছ’চিয়েল চায়েন্সৰ এছাইনমেণ্ট আৰু বাকী বিষয়বোৰৰ প্ৰজেক্টো জ্বলি গ’ল জুইত। সেই সকলোবোৰ শেষ হৈ গ’ল। এতিয়া কি হ’ব সেয়া ভাবি টেনশ্যনত আছো। মোৰ বাকী ক্লাছমেটবোৰৰো একেই দশা।’-ছাত্ৰজনে কয়। বিদ্যালয়খনৰ কেৰাণী নীতু চৌধুৰীয়ে জনোৱা মতে জ্বলি ছাই হৈ যোৱা ডকুমেণ্টছবোৰৰ এতিয়া কি হ’ব সেই লৈ উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল। 'বৃহস্পতিবাৰৰ পৰা মোলৈ বহুত ফোন আহিছে। সকলোৰে এটাই প্ৰশ্ন এতিয়া কি হ’ব? আমি মেনেজমেণ্ট কমিটি আৰু অধ্যক্ষৰ লগত কথা পাতিছো। তেওঁলোকক আশ্বস্ত কৰিবলৈ চেষ্টা চলাইছো যে কিবা নহয় কিবা এটা উপায় আমাৰ ফালৰ পৰা গ্ৰহণ কৰা হ’ব।’-নীতুৱে কয়।