দিল্লীঃ আটাইতকৈ অনুন্নত জীৱন শৈলীৰ চহৰ দিল্লী ৷ মাৰ্চাৰৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ ৰাজধানী চহৰখন বিগত বৰ্ষৰ সমীক্ষাতো একেই স্থানতে আছিল৷ আনহাতে দিল্লীৰ বিপৰীতে আটাইতকৈ উন্নত চহৰখন হৈছে হায়দাৰাবাদ৷

প্ৰত্যেক বছৰে কৰা এই সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে যে বিগত বৰ্ষ সমীক্ষা আৰু এই বছৰৰ সমীক্ষাত বিশেষ পাৰ্থক্য নাই৷ কেৱল চেন্নাইত এইবছৰ যোৱা বছৰতকৈ তুলনামুলকভাৱে পৰিবহনৰ মানদণ্ড উন্নত হৈছে৷ আনহাতে আটাইতকৈ কম অপৰাধ হোৱা চহৰখন হৈছে হায়দাৰাবাদ৷

চহৰখনত আৰক্ষীৰ ভুমিকাও শক্তিশালী হোৱাৰ বিপৰীতে অপৰাধ, বায়ু প্ৰদুষণ আৰু পৰ্যাপ্ত পানীৰ সুবিধাৰ ক্ষেত্ৰতো দিল্লীৰ অৱস্থা শোচনীয়৷ মাৰ্চাৰৰ এই সমীক্ষা সমগ্ৰ বিশ্বতে কৰিছে৷ মুলতঃ চহৰসমুহৰ আন্তঃগাঁথনি, খোৱা-পানী , বিদ্যুত যোগান, দুৰভাষ আৰু মেইল সেৱা আৰু পৰিবহনৰ ওপৰত ভিত্তি কৰি এই জৰিপ কৰা হৈছে ৷ আনহাতে দক্ষিণ এছিয়াৰ দেশসমুহতকৈ ভাৰতৰ চহৰসমুহৰ মানদণ্ড উন্নত৷ দক্ষিণ এছিয়াৰ দেশসমুহৰ ভিতৰত আটাইতকৈ উন্নত হৈছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো৷