সংবিধানৰ দোহাই : প্ৰতিবাদী কৰি তুলিছে ভাৰতবাসীক...গণতন্ত্ৰৰ পীঠস্থানত বিৰোধী কণ্ঠস্বৰৰ ওপৰত ৰ’লাৰ চলাই শাসকে দহ দিনত ২৫ খন বিধেয়কক আইনী ৰূপ দিলে৷ উত্তৰপ্ৰদেশত ক্ৰমাগত যি ঘটনা ঘটি আছে তাৰ পিছতো কি আমি ক’ব পাৰো যে দেশত গণতন্ত্ৰ বিৰাজ কৰিছে?  ক’বলৈ গ’লে  অগণতান্ত্ৰিক ভাৰতবৰ্ষৰ এক নিদাৰুণ ছবিয়ে প্ৰকট হৈ উঠিছে.......
   উদয়ন বিশ্বাস 

শাসকে বিৰোধীসকলক যিমানেই সমালোচনা নকৰক কিয়, এই কথা সঁচা যে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সমগ্ৰ দেশবাসীয়ে শাসকক উৎখাত কৰাৰ কাৰণে কেতিয়াও আন্দোলন কৰা নাই৷ ৰাষ্ট্ৰৰ সংবিধানক আশ্ৰয় লৈ তেওঁলোকে যুঁজ চলাই যাব বিচাৰে৷ কাৰণ জীয়াই থকাৰ মৰ্যাদাৰ ভিত্তিই হ’ল সংবিধান৷ যিসকলে সংবিধান সম্পৰ্কে একোৱে নাজানে বা সংবিধান পঢ়া নাই তেওঁলোকেও প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কল্যাণত সংবিধান পঢ়িবলৈ বাধ্য হৈছে৷ সম্প্ৰতি সংবিধানৰ মুদ্ৰণ সংখ্যা বৃদ্ধি পাইছে৷ সংবিধানৰ বেটুপাতত কোনোবাৱে আম্বেদকাৰৰ প্ৰতিকৃতি, কোনোবাৱে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰিছে৷ সকলোৰে আশা, ন্যায়ালয়ত নাগৰিকত্ব আইনখন প্ৰত্যাখাত হবই, কাৰণ এয়া সংবিধানৰ প্ৰস্তাৱনাৰ বিৰোধী৷ বিৰুদ্ধ মতামত হ’ল, প্ৰস্তাৱনা কেতিয়াও সংবিধান হ’ব নোৱাৰে৷ প্ৰত্যুত্তৰ হ’ল, যদি প্ৰস্তাৱনা বাতিল হয়, তেতিয়াহলে গোটেই সংবিধানখনেই বাতিল হ’ব৷ মন কৰিব, বৰ্তমান সময়ত প্ৰাতিষ্ঠানিক পৰ্যায়ত সংবিধানখন উঠি আহিছে৷ কেইটামান ৰাজ্যই এই আইন বাতিল কৰাৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে, কোনোকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্বয়ং ঘোষণা কৰিছে এই আইন অসাংবিধানিক৷ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ৰাজপথ-জনপথ সকলো ঠাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসহযোগৰ নতুন বাণী প্ৰকাশ পাইছে৷ ইমান দিন ভাবিছিলোঁ, আইনৰ জৰিয়তে সংবিধানে জনজীৱনত প্ৰভাৱ বিস্তাৰ কৰে৷ কিন্তু বৰ্তমান সময়ত সংবিধানৰ নামত আইন অমান্য আন্দোলন চলি আছে৷ যেন এটা নতুন সাংবিধানিক চৈতন্য বা সাংবিধানিকবোধ ভাৰতবাসীৰ মনত জাগি উঠিছে৷ কাৰণ যেনেদৰে দীৰ্ঘদিনৰ ক্ষোভ গোটেই দেশত বিভিন্ন ভংগীত প্ৰকাশ পাইছে তাক আমি অভ্যুত্থানমূলক সাংবিধানিকতা বা দ্ৰোহকালৰ সংবিধানবোধ বুলি অভিহিত কৰিব পাৰো৷ কিন্তু এই সাংবিধানিকতাৰ কেন্দ্ৰত এটাই প্ৰশ্ন, সেয়া হ’ল ন্যায়ৰ কি হ’ব? সামাজিক ন্যায় বা অৰ্থনৈতিক ন্যায় বাদ দিলে আইনী ন্যায়ৰ আৰু কি অৰ্থ থাকিব? ৰাজনৈতিক ন্যায়ৰেই বা অৰ্থ কি, যদি মৰ্যাদা, ন্যায়বিচাৰ আৰু সুৰক্ষা যদি নিশ্চিত নহয়?
বৰ্তমান সময়ত যি অসন্তোষ তীব্ৰ হৈ উঠি আহিছে, তাতে গুৰুত্বপূৰ্ণ উপাদান হ’ল, সংখ্যালঘু সম্প্ৰদায়ৰ বিদ্ৰোহ, তাৰ প্ৰতি দলিতশ্ৰেণীৰ মানুহৰ ব্যাপক সমৰ্থন৷ আজি এই ক্ষেত্ৰত নতুন সাংবিধানিক চৈতন্যৰ প্ৰকাশ দেখা গৈছে, সেয়া মাথোন সংখ্যালঘুৰ অধিকাৰক কেন্দ্ৰ কৰিয়ে নহয়, সেয়া ঘটিছে বৈষম্যৰ বিৰোধিতা আৰু ন্যায়ৰ দাবীত৷ ৰাইজৰ এই সাংবিধানিকবোধৰ চাৰিটা বৈশিষ্ট্য লক্ষণীয়–প্ৰথমতঃ সংবিধান আইনৰ শাসনৰ প্ৰতীক নহয়, সংবিধান দেশৰ প্ৰতীক৷ সংবিধানৰ মুখৱন্ধ দেশৰ আদৰ্শৰ প্ৰতীক৷ এয়া জাতীয়তাবাদ নহয়, এয়া হ’ল এক নতুন ধৰণৰ সংহতিৰ দিশ নিৰ্দেশকাৰী৷ দ্বিতীয়তঃ এই সংহতি নিৰ্মাণত জাতীয় আন্দোলনৰ পুনৰাবৃত্তি হ’বলৈ ধৰিছে৷ তৃতীয়তঃ সাংবিধানিক ভাৱনা৷ তেওঁলোকৰ ভাৱনাৰ ঠাই বাটৰ ৰাজনীতি, ন্যায়ৰ আকাংক্ষাৰ জনবাদী অভিব্যক্তি৷ চতুৰ্থতঃ এই নতুন সাংবিধানিক চিন্তা সংবিধান আৰু আইনৰ মাজৰ সম্পৰ্কক নতুনকৈ ভাবিবলৈ উদগণি দিছে৷ ইমান দিন আমাৰ ধাৰণা আছিল, আইনৰ জৰিয়তে সংবিধান মূৰ্ত হয়৷ এতিয়া শ্ল’গান উঠিছে, যি আইন সাংবিধানিক ন্যায্যতা নামানে, সেই আইনৰ কোনো মৰ্যাদা নাই৷ ফলত উঠি আহিছে ‘আজাদী’ বুলি এটা শব্দ৷ এই ‘আজাদী’ৰ অৰ্থনো কি? মাথোন স্বাধীনতা নেকি এক প্ৰতিবাদস্পৃহা? এক নতুন আদৰ্শৰ ইংগিত? এক ধৰণৰ আত্মনিয়ন্ত্ৰণবোধ?
 স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত ৰাইজৰ মনত এনেধৰণৰ সাংবিধানিক চিন্তা কিয় মনলৈ আহিল? আচলতে মনমোহন সিংহৰ আমোলৰ শেষৰ ফালে দেশৰ সেনাধ্যক্ষ, শিল্পপতি, ন্যায়ধীশ, ৰাজনৈতিক নেতৃবৃন্দৰ একাংশই ভাবিলে আইনৰ শাসন সুদৃৃঢ় কৰিব লাগিব৷ কাৰণ দেশত বিশৃঙ্খলা বিয়পি পৰিছে৷ নৈৰাজ্য বৰদাস্ত কৰা নহয়৷ দেশৰ অখণ্ডতা আৰু সংহতি বজায় ৰাখিবলৈ হলে প্ৰয়োজনত সকলো পদক্ষেপ গ্ৰহণ কৰা জৰুৰী৷ বৰ্তমানত সেই প্ৰশাসনিক বোধেই ডাঙৰ আকাৰ ধাৰণ কৰিছে৷ ইয়াৰ লগত যুক্ত হৈছে এক ভাষা, এক ধৰ্ম, এক জাতিবোধৰ লগত দেশক আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা৷ ইয়াৰ বিৰুদ্ধে প্ৰকট হৈ উঠিছে সংবিধানবোধ৷ আইন অমান্য আৰু প্ৰতিৰোধৰ পৰিৱেশত স্বাভাৱিক প্ৰক্ৰিয়াত এক বিদ্ৰোহী সংবিধানবোধ মূৰ ডাঙি উঠিছে৷ আইনৰ অনুশাসনে যদি ত্ৰাস সৃষ্টি কৰে তেতিয়াহলে তাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? ইয়াতেই নব্য সাংবিধানিকতাৰ প্ৰাসংগিকতা৷ নাগৰিকত্ব সংশোধনী আইনখন যে সংবিধানবিৰোধী সেই সম্পৰ্কে কোনো দ্বিমত নাই৷ সংবিধানপ্ৰণেতাসকলে আমাক যি সংবিধান দি গৈছে, সেই সংবিধানৰ মৰ্মকথাৰ বিৰুদ্ধে ভয়ংকৰ আইন প্ৰণয়ন কৰা হৈছে৷ সংবিধানত কোৱা হৈছে, সমতা, সমানাধিকাৰৰ কথা৷ নাগৰিকত্ব সংশোধনী আইনখন সেই অধিকাৰ লঙঘন কৰিছে৷ সংবিধানে কৈছে, এই দেশ ধৰ্মনিৰপেক্ষ৷ তিনিখন দেশৰ ‘ধৰ্মীয় কাৰণত উৎপীড়িত সংখ্যালঘু’, হিন্দু, বৌদ্ধ, শিখ, খ্ৰিষ্টান আৰু পাৰ্চিসকলক নাগৰিকত্ব দিয়া হ’ব৷ কিন্তু মুছলমান ধৰ্মাৱলম্বীসকলক কোনো নাগৰিকত্ব দিয়া নহয়৷ মাথোন বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ কথা কোৱা হৈছে৷ কিন্তু পাকিস্তানৰ আহমেদিয়া সম্প্ৰদায় যে উৎপীড়িত সেই সম্পৰ্কে কোনো উল্লেখ নাই৷ প্ৰতিবেশী শ্ৰীলংকাৰ তামিল হিন্দুসকলে কি দোষ কৰিলে? তাৰ পিছত আফগানিস্তানক কিয় ইয়াৰ লগত অন্তৰ্ভুক্ত কৰা হ’ল? আফগানসকলে কেতিয়াও ব্ৰিটিছৰ গুলাম নাছিল৷ আফগানিস্তানত শিখ আৰু হিন্দুসকলে ডাঙৰ ডাঙৰ বেপাৰ কৰিছিল৷ তেওঁলোকে কোনো অত্যাচাৰৰ চিকাৰ হোৱা নাই৷  উচ্ছতম ন্যায়ালয়ে কি ৰায় দিব সেয়া পিছৰ কথা৷ নতুন আইন যে সংবিধানৰ আত্মাক আঘাত কৰিছে সেই সম্পৰ্কে কোনো দ্বিমত নাই৷

 সংসদ ভৱনৰ মৰ্যাদা অৱশেষত থাকিল জানো? 

তাৰ পিছত অতি সম্প্ৰতি সংসদত যি ছবি শাসকে দাঙি ধৰিছে তাক কি আমি গণতন্ত্ৰৰ সঠিক ছবি বুলি ক’ব পাৰিম জানো? ক’বলৈ গ’লে  অগণতান্ত্ৰিক ভাৰতবৰ্ষৰ এক নিদাৰুণ ছবিয়ে প্ৰকট হৈ উঠিছে৷ কোৰোনাৰ ভয়াবহ পৰিস্থিতিৰ সুযোগ লৈ শাসকে লোকসভাত ‘কোয়ে(ন আৱাৰ’ বাতিল কৰি দিলে৷ অথচ ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীযে এই গণতন্ত্ৰৰ মন্দিৰ সংসদ ভৱনত সাষ্টাংগে প্ৰণাম কৰিয়ে প্ৰবেশ কৰিছিল৷ তাৰ মৰ্যাদা অৱশেষত থাকিল জানো? আজি পৰিস্থিতি সঁচাকৈ আস্বাভাৱিক, সংসদৰ ভিতৰত দূৰত্ব বজায় ৰাখি সকলো আয়োজন নি(য়ই অত্যাৱশ্যক৷ কিন্তু সেই বুলি জনপ্ৰতিনিধিসকলৰ সুচিন্তিত প্ৰশ্ন উত্থাপন কৰাৰ বিষয়টো একেবাৰে বন্ধ কৰাৰ কোনো যুক্তি আছে জানো? কাৰণ সংসদৰ মহিমা সংসদীয় গণতন্ত্ৰৰ তন্নিষ্ঠ অনুশীলনৰ জৰিয়তে সাৰ্থক কৰিব লাগে৷ আৰু তাৰ প্ৰথম আৰু প্ৰধান চৰ্ত–অবাধ আৰু স্বচ্চ আলোচনা৷ গণতন্ত্ৰক ‘আলোচনাৰ জৰিয়তে পৰিচালিত শাসন’ বুলি অভিহিত কৰাৰ ঐতিহ্যতহে এই চৰ্তৰ প্ৰৱল স্বীকৃতি৷ অথচ এই মৌলিক গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি শাসকে সামান্যতম শ্ৰদ্ধা নেদেখুৱায়৷ গণতন্ত্ৰৰ পীঠস্থানত বিৰোধী কণ্ঠস্বৰৰ ওপৰত ৰ’লাৰ চলাই শাসকে দহ দিনত ২৫ খন বিধেয়কক আইনী ৰূপ দিলে৷ সঁচাকৈ ভাৰতৰ ইতিহাসত এয়া এক বিপজ্জনক প্ৰৱণতা আৰু গণতন্ত্ৰৰ ওপৰত কুঠাৰাঘাত৷
তাৰ পিছত উত্তৰপ্ৰদেশত ক্ৰমাগত যি ঘটনা ঘটি গৈ আছে তাৰ পিছতো কি আমি ক’ব পাৰো যে দেশত গণতন্ত্ৰ বিৰাজ কৰিছে? গভীৰ ৰাতিত জ্বলন্ত অগ্নিশিখাৰ সন্মুখত এগৰাকী সাহসী সাংবাদিকৰ সাধাৰণ এটা প্ৰশ্ন–‘ইয়াতে কি জ্বলিছে? ইয়ে কেয়া জ্বল ৰহা হায়? ’ হাথৰছৰ সেই পথাৰত ৰাতিৰ আন্ধাৰত শতাধিক আৰক্ষীৰ প্ৰহৰাত কি জ্বলিছিল? অহা বহুদিনলৈ ভাৰতীয় গণতন্ত্ৰক এই ঘটনা টুকুৰিয়ায় যাব৷ ইতিমধ্যে সমগ্ৰ ভাৰত গম পাই গৈছে, এক দলিত দৰিদ্ৰ নাৰীৰ দেহত জুই লগাই ধৰ্ষণৰ সকলো তথ্য লুপ্ত কৰাৰ প্ৰচেষ্টাত যোগী চৰকাৰে আপ্ৰাণ চেষ্টা চলাই গৈছে৷ উত্তৰপ্ৰদেশ চৰকাৰৰ আৰক্ষীয়ে অত্যন্ত সতৰ্কতাৰ সৈতে এক ধৰ্ষিতা কিশোৰীৰ পৰিৱালবৰ্গক শেষকৃত্যৰ অধিকাৰখিনি নিদি ছিগা-ভগা দেহাটো জ্বলাই দিলে৷ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে এতিয়ালৈকে প্ৰকাশ্যে মন্তব্য কৰাৰ অৱকাশ পোৱা নাই৷ কিন্তু পূৰ্ব অভিজ্ঞতাই কয়, এইবিলাক ক্ষেত্ৰত তেওঁ মৌন থকাটোৱে পছন্দ কৰে৷ তেওঁ যিমানেই নিমাত নাথাকক কিয় তেওঁৰ বিবেকে জানে, হাথৰছত ৰাতিৰ আন্ধাৰত সুশাসনৰ আশাই জ্বলিছিল৷ আচলতে দেশৰ স্বাৰ্থত সিদ্ধান্ত ল’ব পৰা স্বইচ্চা শাসকৰ নাই৷ বিমুদ্ৰাকৰণ হ’ল উজ্জ্বল দৃষ্টান্ত৷ নতুন নোট ছপা কৰিবলৈ গৈ ৩০ হাজাৰ কোটি টকা পানীত পেলালে৷ সম পৰিমাণ ক’লা টকাও উদ্ধাৰ নহ’ল৷ বৰং নতুন দুই হাজাৰ টকাৰ নোট জাল হৈ গ’ল৷ নাগৰিকত্ব সংশোধনী আইনখন উত্থাপন কৰাৰ আগত তেনে কোনো চিন্তাচৰ্চা হোৱা নাছিল৷ তাৰ পিছত বৰ্তমানে প্ৰতিবেশী দেশবিলাকে এতিয়া ভাৰতৰ ওপৰত ক্ৰুব্ধ৷ পাকিস্তানৰ ডাঙৰ শত্ৰু বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুৰাষ্ট্ৰ আছিল৷ কিন্তু এই সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে৷ ক্ৰুব্ধ মালয়েচিয়াৰ মহাথিৰ মহম্মদ৷ ক্ষিপ্ত ইউৰোপিয়ান ইউনিয়ন৷ তেওঁলোকৰ সংসদত বিৰূপ প্ৰস্তাৱ গৃহীত নোহোৱাৰ কাৰণে আমাৰ সংসদৰ স্পীকাৰ আৰু বিদেশ মন্ত্ৰকে লাগি আছে৷ এতিয়া আন্তৰ্জাতিক মঞ্চত ভাৰতৰ সন্মান যিখিনি আছিল সেয়াও ধূলিসাৎ হ’ল৷ শ্ৰীলংকা আৰু মালদ্বীপে চীনৰ ফালে গতি কৰিছে৷ পাকিস্তান আৰু নেপাল চীনৰ লগত আছেই৷ বাংলাদেশও লাহে লাহে দূৰলৈ গৈ আছে৷ এটা সময়ৰ ভাৰতৰ নেতৃত্বত জোঁট-নিৰপেক্ষ আন্দোলন বা ছাৰ্ক গঠন হৈছিল, আজি মোডী-শ্বাহৰ আমোলত সকলো ধুই মছি নাইকিয়া হ’ল৷ সাংবিধানিক অধিকাৰলৈ প্ৰতিবাদ স্বাভাৱিকভাৱে ভাবিবলগীয়া৷ মোহনদাস কৰমচাঁদ গান্ধী, মৌলানা আবুল কালাম আজাদ কোনেও ধৰ্মৰ ভিত্তিত জাতিৰ বিভাজন মানি লোৱা নাছিল৷ হিন্দু মুছলমানৰ সমস্যা সমাধানৰ কাৰণে ভগা স্বাস্থ্য লৈ গান্ধীয়ে নোৱাখালি আৰু কলকাতালৈ গৈছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, ‘দিবে আৰ নিবে, মিলাবে মিলিবে, যাবে না ফিৰে–, এই ভাৰতেৰ মহামানৱেৰ সাগৰতীৰে৷ ’ পূৰ্ণ ভাৰতভূমিৰ সেই সাংস্কৃতিক বন্ধন মাথোঁন ভোটৰ কাৰণে আমি বিসৰ্জন দিম জানো? কেইমাহমান আগত বড়োভূমিত প্ৰধানমন্ত্ৰী মোডীৰ মুখত শুনিেছিলো, ‘শ্ৰীমন্ত শংকৰদেৱে অসমসহ সমগ্ৰ বিশ্বক সত্য, সততা, অহিংসাৰ মন্ত্ৰৰে দীক্ষিত হ’বলৈ কৈছিল৷ ’ প্ৰশ্ন হ’ল, পশ্চিমবংগলৈ গ’লে যেনেকৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা তেওঁৰ মনত পৰে ঠিক তেনেকৈ অসমলৈ আহিলেই শংকৰদেৱৰ ভাৱাদৰ্শৰ কথা তেওঁৰ মনত পৰে, ভাল কথা৷ কিন্তু ৰবীন্দ্ৰনাথ বা শংকৰদেৱৰ কোন আদৰ্শ তেওঁ আৰু তেওঁৰ দলে অনুসৰণ কৰিছে– সেয়া প্ৰমাণ সহকাৰে দাঙি ধৰিব পাৰিবনেঞ্জ অসমলৈ আহিলে ভোটৰ কাৰণে শংকৰদেৱৰ কথা মনত পৰিব, পশ্চিমবংগলৈ গ’লে ৰবীন্দ্ৰনাথৰ কথা মনত পৰিব–সেয়াই স্বাভাৱিক৷ আনকিপশ্চিমবংগলৈ গ’লে নেতাজী, বিবেকানন্দ আৰু ৰামকৃষ্ণৰ কথাও মনত পৰে৷ অথচ তেওঁ আৰু তেওঁৰ দলৰ কামৰ লগত শংকৰদেৱ, নেতাজী, ৰবীন্দ্ৰনাথ, ৰামকৃষ্ণ-বিবেকানন্দৰ ভাৱাদৰ্শ, নীতি আৰু কামৰ কোনো মিল বিচাৰি পোৱা নাযায়৷ অসমৰ ৰাইজৰ ভাগ্য ভাল, এতিয়ালৈকে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা বা ড. ভূপেন হাজৰিকাৰ নাম তেওৰঁ মুখত অহা নাই৷ বোধ কৰোঁ তেওঁ আৰু তেওঁৰ দলে তেওঁলোকৰ সম্পৰ্কে নাজানে বা তেওঁলোকৰ পিঠিত বেলেগ এটা মোহৰ আছে কাৰণে বয়কট কৰা হৈছে৷ কিন্তু নেতাজীঞ্জ তেওঁতো সাম্প্ৰদায়িকতাৰ প্ৰচণ্ড বিৰোধী৷ সকলো ধৰ্মৰ মানুহকলৈ তেওঁৰ চিন্তা, তেওঁৰ যুঁজ৷ তেওঁৰ আজাদ হিন্দ ফৌজত সকলো ধৰ্মৰ যুঁজাৰু সাজু আছিল৷ তেওঁৰ এফালে ধীঁলন, আনফালে আছে শাৱনৱাজ খান৷ আনকি মহানিষক্ৰমণ পৰ্বত মিঞা আকবৰ শ্বাহ তেওঁৰ সহযোগী আছিল৷ মণিপুৰত তেওঁ সৌকত মালিকক আজাদ হিন্দ ফৌজৰ পতাকা উত্তোলনৰ দায়িত্ব দিছিল৷ ইয়াৰ পিছত চাবমেৰিণত যেতিয়া ইউৰোপলৈ গৈ আছিল তেতিয়া তেওঁৰ একমাত্ৰ সংগী আছিল হাবিবুৰ ৰহমান৷ আচলতে সুভাষ স্পষ্টতঃ সমাজতন্ত্ৰৰ সমৰ্থক৷ গতিকে নেতাজীৰ নাম উচ্ছাৰণ কৰাটো তেওঁলোকৰ বাবে শোভনীয় নহয়৷ মন কৰিব লাগিব, সুভাষ আপোচহীন ব্ৰিটিছবিৰোধী আছিল৷ আনফালে বিজেপি অৰ্থাৎ আৰ এছ এছ ব্ৰিটিছভক্ত৷ স্বাধীনতা আন্দোলনত তেওঁলোকৰ কোনো অৱদান আছে জানোঞ্জ অৱদান নথকাৰ কাৰণে তেওঁলোকে স্বাধীনতাৰ মৰ্ম বুজি নাপায়৷ পৰিকল্পনা আয়োগৰ কথা প্ৰথমতে নেতাজীয়ে কৈছিল৷ মোডীয়ে ক্ষমতা লাভৰ পিছত সেই আয়োগ তুলি দিলে৷ বিবেকানন্দই সৰ্ব ধৰ্মক শ্ৰদ্ধা প্ৰদৰ্শনৰ জৰিয়তে সকলো শ্ৰেণীৰ মানুহক আপোন কৰি লৈছিল৷ বৰ্তমান সময়ত তেওঁলোকৰ কাৰণে ভোটাৰ আৰু ৰাইজ সমতুল্য হৈ পৰিছে৷ প্ৰকৃত ধৰ্মজ্ঞানীই যেতিয়া মানুহক ভগৱান বুলি মানি লয়, তেতিয়া শাসকে মানুহক ভোটাৰ হিচাপে গ্ৰহণ কৰে৷ 

মত পাৰ্থক্য আৰু বিৰোধিতাই হ’ল গণতন্ত্ৰৰ মাধুৰ্য

দেশৰ আৰ্থিক পৰিস্থিতি অতিকৈ সংকটজনক৷ শাসকে কোৰোনাক দায়ী কৰিলেও বহু আগৰপৰাই আৰ্থিক সংকটৰ সূচনা হৈছিল৷ নিৱনুৱাৰ লগত কৰ্মহীন মানুহৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পাবলৈ ধৰিছে৷ নিত্য প্ৰয়োজনীয় বয়বস্তুৰ মূল্য নিম্ন মধ্যবিত্তৰ হাতৰ পৰা ওলাই গৈ আছে৷ বহু টকা খৰচৰ বিনিময়ত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেশ্বন কাৰ্ড হ’ল৷ এতিয়া গোটেই দেশত হাজাৰ হাজাৰ কোটি টকাৰ বিনিময়ত নাগৰিকপঞ্জী তৈয়াৰ কৰাৰ আয়োজন চলিছে৷ প্ৰশ্ন উঠিছে ইয়াৰ কোনো সাৰ্থকতা আছেনেঞ্জ এফালে অসংখ্য ধৰ্ষণকাণ্ডত এফ আই আৰ কৰা সত্ত্বেও মাহৰ পিছত মাহ গ’লেও সকলোৱে নিৰুত্তাপ৷ মহিলা আৰু শিশু নিৰ্যাতন ক্ৰমাগত নিত্য ঘটনাত পৰ্যবসিত হ’বলৈ ধৰিছে৷ পানী-প্ৰদূষণ, বায়ু-প্ৰদূষণ সহ্যৰ সীমা অতিক্ৰম কৰাৰ পথত৷ এই সময়ত থিয়হৈ সকলো ৰাজনৈতিক দলৰ মুখা ছিঙি ওলাই আহিছে যুৱ আৰু ছাত্ৰসমাজ৷ তেওঁলোকে ধৰ্ম নহয়, বৰ্ণ নহয়, ভাষাৰ নামতো ৰাজনীতি কৰিবলৈ আগ্ৰহী নহয়৷ ভোটৰ প্ৰয়োজনত মাথোঁন ধৰ্মৰ নামত সংখ্যালঘু আৰু সংখ্যাগুৰু সম্প্ৰদায়ক গুৰুত্ব দিয়াৰ প্ৰক্ৰিয়াটোৰ লগতে মানুহৰ মাজত বিভাজনটো বন্ধ হোৱাটো তেওঁলোকে বিচাৰে৷ 
আচলতে আমাৰ প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ কয়৷ কিন্তু ৰাইজৰ ‘মন কি বাত’ শুনিব নিবিচাৰে৷ সাংবাদিকসকলৰ কোনো প্ৰশ্ন তেওঁৰ পছন্দ নহয়৷ অনুগত দুই-এজনক মাতি তেওঁ নিজক প্ৰচাৰ কৰে৷ জনসমাগমত তেওঁ স্বয়ং প্ৰশ্ন কৰে, তেৱেঁই স্বয়ং উত্তৰ দিয়ে৷ অথচ গণতন্ত্ৰৰ দাবী ৰাইজৰ কথা শুনিব লাগিব৷ কেইমাহমান আগত সদ্য প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে কৈছিল, ‘মত পাৰ্থক্য আৰু বিৰোধিতাই হ’ল গণতন্ত্ৰৰ মাধুৰ্য৷ বিতৰ্ক আৰু মতভেদ থাকিবই৷ তাৰ ভিতৰৰ পৰাই সিদ্ধান্ত ওলাই আহিব৷ ’ আমাৰ প্ৰধানমন্ত্ৰীয়ে এইবিলাক কথা বিশ্বাস কৰেনেঞ্জ পাঠকৰ নি(য় মনত আছে, নাগপুৰৰ আৰ এছ এছৰ কাৰ্যালয়ত গৈ প্ৰণৱ মুখাৰ্জীয়ে ভাষণত কৈছিল, ‘ধৰ্মনিৰপেক্ষতা ভাৰতৰ বিশেষ সম্পদ৷ সকলো ধৰ্মৰ সকলো সম্প্ৰদায়ৰ মানুহৰ মাজত সম্প্ৰীতি নাথকিলে দেশ নাথাকে, মৃত্যু অৱশ্যম্ভাৱী৷ ’ তেওঁ দেশৰ প্ৰথম নিৰ্বাচন আয়োগ সুকুমাৰ সেন স্মাৰক বক্তৃতানুষ্ঠানত ভাৰতৰ বৈচিত্ৰ্য আৰু বন্ধুত্বৰ কথা কৈছিল৷ গণতন্ত্ৰত বিৰোধিতাৰ গুৰুত্বৰ কথা শুনালে৷ সেই দিনা তেওঁ গণতন্ত্ৰৰ মূল সুৰটো আকৌ সোঁৱৰায় দিছিল৷ আৰু এখোজ আগবাঢ়ি গৈ কৈছিল, যোৱা কিছুদিন ধৰি তৰুণ সমাজে যেনেকৈ প্ৰতিবাদত নামি আহি নিজৰ বক্তব্য ডাঙি ধৰিছে সেয়া মাথোঁন সমৰ্থনযোগ্য নহয়, অভিনন্দনযোগ্যও৷ ’ সেই সময়ত যিহেতু প্ৰাক্তন ৰাষ্ট্ৰপতি, সেয়ে তেওঁৰ কাৰণে ৰাজনৈতিক অৱস্থান লোৱাটো সম্ভৱ নাছিল৷ গণতন্ত্ৰৰ মহান সেৱক হিচাপে যিখিনি কোৱা প্ৰয়োজন সেয়াই তেওঁ শাসকক কৈ গৈছে৷
: