ডিজিটেল ডেস্কঃ ধৰ্ষক বাবাজীৰ ডেৰাত যিমানেই তালাচী আগবাঢ়িছে, সিমানেই হতবাক হৈ পৰিছে আৰক্ষী বিষয়াসকল। ৰাম ৰহিম 'বাবাজী’য়ে ডেৰা সচ্চা চৌদাৰ নাম লৈ গোপনে গোপনে যে একাধিক অনৈতিক কাৰ্যকলাপ চলাই আহিছিল সেয়া স্পষ্ট কৰি তুলিছে এটি সুৰংগই।

ৰাম ৰহিমৰ কোৱাৰ্টাৰৰ সৈতে সংলগ্ন এই সুৰংগটোৱে সংযোগ কৰিছে মহিলা ভক্ত অৰ্থাৎ সাধ্বীসকল থকা ভৱনলৈকে। সুংৰগটোৰ অত্যাধুনিক ৰূপ দেখি তালাচী চলোৱা আৰক্ষীসকলো হতভম্ব হৈ পৰে বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, শনিবাৰ দ্বিতীয় দিনাৰ তালাচীত সম্ভেদ পোৱা হয় এই সুৰংগটোৰ। মহিলা ভক্তসকল থকা ভৱনৰ সৈতে সংযুক্ত এই সুৰংগৰ ঠায়ে ঠায়ে আছে শুব আৰু বহিব পৰাৰ সুব্যৱস্থা। জানিব পৰা মতে সুৰংগটোৱে সংযোগ কৰা মহিলা ভক্ত থকা ভৱনটোতে ৰখা হৈছিল নতুনকৈ আগমন ঘটা যুৱতী ভক্তসকলক।

তালৈ চাই আৰক্ষী নিশ্চিত হৈছে যে এই সুৰংগটো বাবাজীয়ে নিজৰ যৌন লালসা পূৰণৰ উদ্দেশ্য আগত ৰাখিয়েই এনেদৰে আটোমটোকাৰিকৈ নিৰ্মাণ কৰিছিল। সুৰংগটোৰে ৰাম ৰহিমৰ স্বৰ্গ সদৃশ বিলাসী কোঠালৈ লৈ অনা হৈছিল নৱাগত সুন্দৰী ভক্তসকলক। 

তাৰ পিছতে প্ৰতিদিনে উক্ত সুৰংগটোৰে এগৰাকীৰ পিছত আনগৰাকী ভক্তৰ ৰূপ-যৌৱন উপভোগ কৰি গৈছিল অইনক কাম-ক্ৰোধ-লোভ-মোহ আদি পৰিহাৰ কৰিবলৈ উপদেশ দিয়া বাবাজীয়ে। জানিব পৰা মতে, এই সুৰংগটোক ৰাম ৰহিমে নাম দিছিল গুফা।