photo by Rimjhim Sarma
photo by Rimjhim Sarma

গুৱাহাটীঃ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয় আৰু আহমেদাবাদস্থিত নেশ্যনেল ইনষ্টিটিউট অব ডিজাইন (NID)ৰ মাজত শিপিনী আৰু শিল্পীৰ আয় বৃদ্ধিৰ বাবে সম্পাদিত হোৱা চুক্তি মৰ্মে গুৱাহাটীৰ খানাপাৰাস্থিত শিপিনী সেৱা কেন্দ্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ডিজাইন কৰ্মশালা আৰু ক্ৰেতা-বিক্ৰেতাৰ আলোচনা চক্ৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা কৰ্মশালাত যোগদান কৰা হস্ততাঁত আৰু হস্তশিল্পৰ শিপিনী তথা কলা- কুশলীসকলক সামগ্ৰীৰ উৎপাদনত গুণগত দিশৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰোৱাৰ লগতে উৎপাদনৰ পৰা কিদৰে অধিক লাভ পাব পাৰি সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব৷

আজি অনুষ্ঠিত কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক পদ্মনাভ দাস, মেঘালয় চৰকাৰৰ ৰেচম আৰু বয়ন শিল্প বিভাগৰ সঞ্চালক সুৰহিত বুৰছুং, কেন্দ্ৰীয় চৰকাৰৰ হস্তশিল্প বিভাগৰ ক্ষেত্ৰীয় সঞ্চালক নীৰলক্ষ্মী পালাই, এন এইচ ডি চি-ৰ মুখ্য প্ৰবন্ধক ঈশ্বৰ ভি পাটিল, নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ কাৰ্যবাহী বিষয়া ছিমূল মেহতা ব্যাস আৰু চেণ্টাৰ ফৰ বেম্বো ইনিচিয়েটিভৰ মুখ্য কাৰ্যবাহী বিষয়া সুশান্ত চি এচ প্ৰমুখ্য বহুকেইজন হস্ততাঁত আৰু বস্ত্ৰশিল্পীৰ লগত জড়িত ব্যাক্তি৷

উদ্ধোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে পদ্মনাভ দাস আৰু সুৰহিত বুৰছাং-এ৷ এই আলোচনা চক্ৰখনৰ উদ্ধোধনী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৩৫ জনতকৈ  অধিক শিল্পী তথা ৩০ গৰাকী থলুৱা ডিজাইনৰে অংশ গ্ৰহণ কৰাৰ লগতে আলোচনা চক্ৰখনৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীও আয়োজন কৰা হয়৷

ইয়াৰ উপৰিও এই কৰ্মশালাখনত ভাৰত চৰকাৰৰ অধীনস্থ হেণ্ডলুম এক্সপ'ৰ্ট কাউন্সিল আৰু এক্সপ'ৰ্ট প্ৰমোশ্যন কাউন্সিল ফৰ হেণ্ডিক্ৰাফটৰ মাধ্যমৰে ১০ গৰাকী ৰপ্তানিকাৰীয়ে অংশগ্ৰহণকাৰী শিপিনী তথা হস্তশিল্পীৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপত মিলিত হয়।

একেটা অনুষ্ঠানতে ক্ৰেতা-বিক্ৰেতাসকলৰ এখন সভাও অনুষ্ঠিত হয়৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মেঘালয় চৰকাৰৰ ৰেচম আৰু বয়ন শিল্প বিভাগৰ সুৰহিত বুৰছুঙে হস্তশিল্পৰ ডিজাইন উন্নত কৰাৰ লগতে কেনেকৈ অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে এই সম্বন্ধে মন্তব্য প্ৰকাশ কৰে৷