অনলাইন প্ৰতিবেদনঃ ভাৰতত আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম টিকটক। ফৈজাল ছিদ্দিকি নামৰ এজন পপুলাৰ ক্ৰিয়েটৰে আপলোড কৰা ভিডিঅ’ এটিৰ বাবেই এতিয়া বিপদত পৰিছে এপবিধ। প্ৰকাশিত বাতৰি মতে, মহিলাৰ গালৈ এচিড দলিয়াই দিয়াৰ দৰে অপৰাধমূলক কাৰ্যক উৎসাহিত কৰিব পৰা ভিডিঅ’ আপলোড কৰিছিল ক্ৰিয়েটৰজনে।

ইয়াৰ পিছতে উক্ত ভিডিঅ’টোক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গাইডলাইন ভংগৰ অপৰাধত টিকটকেও উক্ত ভিডিঅ’টো ডিলিট কৰি দিয়ে যদিও একাংশ লোকে ইয়াৰ ওপৰত ভিত্তি কৰি এপবিধক ভাৰতত নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগেও বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে এনে কাৰ্য সংঘটিত হোৱা বাবে  টিকটকক জবাবদিহি কৰে।

মহিলা আয়োগৰ টিকটকৰ ভাৰতস্থিত 'গ্ৰিভেন্স অফিচাৰ’ক অভিযোগ দাখিল কৰাৰ লগতে ক্ৰিয়েটৰ ফৈজালৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ আৰক্ষীৰো কাষ চাপিছে। মহিলা আয়োগে দাখিল কৰা অভিযোগত কোৱা হৈছে যে এনে ভিডিঅ’ৰ জৰিয়তে কেৱল নাৰীজনিত অপৰাধ সংঘটিত কৰাত উৎসাহ যোগোৱাই নহয়, ই পুৰুষতান্ত্ৰিক মানসিকতাকো স্পষ্ট কৰি তুলিছে।

এই অভিযোগৰ পিছতে টিকটক ইণ্ডিয়াই ছ’চিয়েল মিডিয়াযোগে স্পষ্টীকৰণ প্ৰদান কৰে। 'সকলোকে এখন সুৰক্ষিত আৰু নিৰাপদ অনুভৱ কৰিব পৰা প্লেটফৰ্ম প্ৰদান কৰিবলৈ টিকটক প্ৰতিজ্ঞাৱদ্ধ। আমাৰ চৰ্তাৱলী আৰু নিয়মাৱলীতো কি গ্ৰহণযোগ্য আৰু কি গ্ৰহণযোগ্য নহয় সেয়া স্পষ্টকৈ উল্লেখ কৰা আছে। আমি ইউজাৰসকলক সকলো সময়তে নীতি-নিয়ম মানি চলি এপবিধ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছো।’-এইদৰে কয় টিকটক ইণ্ডিয়াৰ গ্ৰিভেন্স অফিচাৰ অনুপ ভাটিয়াই।


• টিকটকৰ বিতৰ্কিত ক্ৰিয়েটৰ ফৈজাল


তেওঁ আৰু কয়, 'বিগত কিছুদিনত আমি নিয়ম উলংঘা কৰা বহু কণ্টেন্ট প্ৰত্যক্ষ কৰিছো। তেনে কণ্টেন্ট আতৰোৱাৰ লগতে ক্ৰিয়েটৰৰ বিৰুদ্ধে একাউণ্ট ছাছপেণ্ড কৰাৰ দৰে একাধিক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোনো কোনো ক্ষেত্ৰত আমি তেনে ক্ৰিয়েটৰৰ বিৰুদ্ধে আইনৰো কাষ চাপিছো।’

'টিকটক হৈছে সৃষ্টিশীলতা আৰু মত প্ৰকাশৰ স্বাধীনতাত বিশ্বাস কৰা এক প্লেটফৰ্ম। আমি এপবিধক ইতিবাচক মনোভাৱেৰে পৰিপূৰ্ণ কৰি তুলি সকলোকে একেলগে আগুৱাই লৈ যাবলৈ সদায়ে কাম কৰি আহিছো। ইয়াৰ মাজতে দুই-চাৰিজন অসৎ আৰু নেতিবাচক মনোবৃত্তিৰ লোক থকাতো স্বাভাৱিক। তেনে লোকসকলক চিনাক্ত কৰি উলিয়াবলৈকো আমি চেষ্টা অব্যাহত ৰাখিছো।’-এপবিধৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত নহ’বলৈ আহ্বান জনাই এইদৰে কয় টিকটক ইণ্ডিয়াৰ বিষয়াগৰাকীয়ে।

এবছৰ পূৰ্বেও উত্থাপিত হৈছিল টিকটক বন্ধ কৰাৰ দাবী

প্ৰায় ১৫০ খন দেশত ৭৫টাকৈ ভাষাত উপলব্ধ টিকটক বন্ধ কৰাৰ দাবী ২০১৯ চনতো উত্থাপিত হৈছিল। উক্ত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ কেবাটাও উগ্ৰ সংগঠনৰ কেবাগৰাকী নেতাৰ লগতে দুই-এজন কট্টৰ ৰাজনৈতিক নেতা সৰৱ হৈ পৰিছিল টিকটকৰ বিৰুদ্ধে। তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে টিকটকে মুকলিকৈ যৌনতাৰ পোহাৰ মেলিছে আৰু দেশৰ উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। 

একেটা অভিযোগ লৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় মুথু কুমাৰ নামৰ এজন অধিবক্তা। ৰাজহুৱা স্বাৰ্থজনিত আবেদনত তেওঁ উল্লেখ কৰে যে টিকটকৰ ভিডিঅ’বোৰ পৰ্ণ’গ্ৰাফীৰ সদৃশ, এনে ভিডিঅ’ই ভাৰতীয় সংস্কৃতি ধ্বংস কৰিব। এপবিধৰ বাবে শিশুৰ ওপৰত যৌন নিৰ্যাতন বৃদ্ধি পোৱা আৰু বহু লোকে আত্মহত্যা কৰা বুলিও আবেদনখনৰ জৰিয়তে ন্যায়ালয়ক অৱগত কৰিছিল অধিবক্তাগৰাকীয়ে।

মুথু কুমাৰৰ উক্ত আবেদনৰ ওপৰত ভিত্তি কৰিয়েই মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এপবিধৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। ইয়াৰ পিছতে কিছুদিনৰ বাবে ভাৰতত সাময়িকভাৱে বন্ধ কৰা হৈছিল টিকটক। বিপৰীতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হ'বলৈকো যো-জা চলাইছিল Internet Freedom Foundation চমুকৈ আইএফএফ।

ইউজাৰৰ অপকৰ্মৰ বাবে এপ নিষিদ্ধ কৰাতো আইনসন্মত নে?

ভাৰতৰ আই টি এক্টৰ ধাৰা ৭৯-এ অনলাইন মাধ্যম আৰু প্লেটফৰ্মসমূহক মানহানি আৰু আইনী মেৰপেছৰ পৰা সুৰক্ষা প্ৰদান কৰে। এই ধাৰাৰ বাবে ফেচবুক আৰু হোৱাটছএপত শ্বেয়াৰ কৰা বা পোষ্ট কৰা কোনো লেখা, ফটো, অডিঅ’ বা ভিডিঅ’ৰ বাবে ফেচবুক, হোৱাটছএপৰ মালিক নতুবা মেনেজাৰ তথা অন্যান্য দায়িত্ববাহী বিষয়াক গ্ৰেপ্তাৰ কৰিব পৰা নাযায়। একেটা যুক্তিতে টিকটকত কোনো লোকে শ্বেয়াৰ কৰা কন্টেন্টৰ বাবে অনলাইন প্লেটফৰ্ম টিকটক বন্ধ কৰি দিবলৈ ওলোৱাতো ভাৰতীয় আইটি আইনৰ পৰিপন্থী বুলি দাবী কৰি আহিছে আইএফএফে।

২০১৫ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে চেলামেশ্বৰ আৰু আৰ এফ নৰিমনৰ খণ্ড বিচাৰপীঠে আইটি এক্টৰ ধাৰা ৬৬এ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি সেয়া প্ৰত্যাহাৰ কৰিছিল। এই ধাৰা অনুযায়ী অনলাইন প্লেটফৰ্মত আপত্তিজনক কোনো কথা কোৱা যেন লাগিলেই সেই লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। খণ্ড বিচাৰপীঠখনে এই ধাৰা বাক স্বাধীনতাৰ পৰিপন্থী বুলি স্পষ্ট কৰি দি সেয়া প্ৰত্যাহাৰ কৰা বুলি ৰায়দান কৰে।


• টিকটকৰ চিইঅ' কেভিন মেয়ৰ


আইনখন প্ৰত্যাহাৰ কৰি বিচাৰপীঠখনে কয়, 'আপোনাৰ বাবে যিটো অত্যন্ত আপত্তিজনক, মোৰ বাবে সেইটো মুঠেই আপত্তিজনক নহ’ব পাৰে। এয়া হৈছে এক প্ৰকাৰ অস্পষ্ট ধাৰণা। যিটো সকলোৰে বাবে আপত্তিজনক আৰু বিপদজনক তেনে ক্ষেত্ৰতহে আইন কঠোৰ হোৱা উচিত।’

নিষেধাজ্ঞা প্ৰত্যাহাৰৰ এবছৰ

যোৱা ২৪ এপ্ৰিলত টিকটকৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ এবছৰ সম্পূৰ্ণ হয়। নিষেধাজ্ঞা প্ৰত্যাহাৰৰ পিছতে একাধিক নতুন ফিচাৰ্ছ আৰু সুৰক্ষামূলক ব্যৱস্থাৰ সংযোগ কৰে টিকটকে। ভিডিঅ’ ক্ৰিয়েট কৰা প্ৰক্ৰিয়া অধিক সহজ আৰু খৰতকীয়া কৰি তোলাৰ ফলত এপবিধ অতি কম সময়ৰ ভিতৰতে পূৰ্বতকৈও অধিক জনপ্ৰিয় হৈ পৰে।

উল্লেখ্য যে আদালতত নিষেধাজ্ঞাৰ দাবী তুলি জনোৱা আবেদনৰ প্ৰত্যুত্তৰত টিকটকৰ অধিবক্তাই যুক্তি দৰ্শাইছিল যে যি যুক্তিত Tik Tokৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল সেই একে যুক্তিত গুগল, ফেচবুক আৰু হোৱাটছএপৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিব লাগিব। কিয়নো গুগলৰ জৰিয়তে মানুহে পৰ্ণ ৱেবছাইট ছাৰ্ছ কৰে, ফেচবুকৰ-হোৱাটছএপৰ জৰিয়তেও মানুহে বহু অনৈতিক কাম কৰে। অৱশেষত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এপবিধৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি সুৰক্ষা ব্যৱস্থা আৰু নিয়মাৱলীত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

বাংলাদেশত নিষিদ্ধ টিকটক

বিশ্বজুৰি ৫০ কোটিৰো অধিক ইউজাৰ থকা টিকটকৰ বিৰুদ্ধে কেৱল ভাৰততে এনে প্ৰতিবাদৰ ঢৌ উঠিছেনে? ওহো, মুঠেই নহয়। আমেৰিকাতো টিকটকত শিশু-কিশোৰসকলে একাউণ্ট খুলি বিষয়টো অভিভাৱকসকলৰ বাবে জটিল কৰি তুলিছিল। লগে লগে মাৰ্কিন ফেডাৰেল ট্ৰেড কমিছনৰ সৈতে টিকটক আলোচনাত মিলিত হয় আৰু কিছুদিন পিছতে শিশু-কিশোৰসকলৰ বাবে উপযোগী 'টিকটক কিডছ’ নামেৰে কিডছ সংস্কৰণ মুকলি কৰে। 

'টিকটক কিডছ’ শিশুসকলৰ মগজু আৰু চিন্তা শক্তি বিকাশৰ একাধিক উপাদান সংযোজন কৰা হৈছে। ফলত এই নতুন এপবিধক লৈ এতিয়া আমেৰিকাৰ প্ৰতিগৰাকী শিশুৰ লগতে অভিভাৱকসকলো সুখী হৈ পৰিছে। অৱশ্যে কৰ'না ভাইৰাছক লৈ চীনৰ সৈতে সংঘাত দেখা দিয়াত সম্প্ৰতি আমেৰিকাতো পুনৰ টিকটকক লৈ নতুনকৈ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে।

আমেৰিকাৰ লগতে ইণ্ডোনেছিয়াতো চৰকাৰ তথা ইছলামিক মৌলবাদীৰ ৰোষত পৰিছিল টিকটক। ২০১৮ চনৰ জুলাই মাহত ইণ্ডোনেছিয়া চৰকাৰে এপবিধ নিষিদ্ধ ঘোষণা কৰে। কিন্তু নতুন ছিকিউৰিটি ফিচাৰ্ছ সংযোজনৰ পিছতে পুনৰ টিকটকৰ বিৰুদ্ধে জাৰি কৰা সেই নিষেধাজ্ঞা উঠাই লয় ইণ্ডোনেছিয়া চৰকাৰে।

আজিৰ তাৰিখত টিকটক নিষিদ্ধ ঘোষণা কৰা একমাত্ৰ দেশখন হৈছে চুবুৰীয়া বাংলাদেশ। বাংলাদেশে বিগত বৰ্ষৰ আৰম্ভণিতে কেবাটাও গোড়া ইছলামিক সংগঠনৰ দাবীলৈ চাই ২০ হাজাৰৰো অধিক পৰ্ণ ৱেবছাইটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। পৰ্ণ ৱেবছাইটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে অশ্লীলতাৰ অভিযোগত টিকটককো একেটা শাৰীতে ৰাখি নিষিদ্ধ ঘোষণা কৰে বাংলাদেশ চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে।

পিছে ৱেবছাইট বা এপ ইমান সহজতে নিষিদ্ধ কৰিব পাৰি জানো? ওহো মুঠেই নোৱাৰি? পৰ্ণ ৱেবছাইট নিষিদ্ধ কৰিলেও বাংলাদেশত এতিয়াও পূৰ্বৰ দৰেকৈ পৰ্ণ ৱেবছাইট মানুহে চায়েই আছে। আনকি নতুন উপায়েৰে টিকটকো ব্যৱহাৰ কৰি আছে। ভাৰততো বিগত বৰ্ষত পৰ্ণ ৱেবছাইটসমূহ নিষিদ্ধ কৰিবলৈ আদালতে নিৰ্দেশ দিছিল। লগে লগে জিঅ’ই তেনে ছাইটসমূহৰ একচেছ বন্ধ কৰি দিয়ে। কিন্তু তাৰ লগে লগে পুনৰ প্ৰক্সি ডমেইনৰ জৰিয়তে সক্ৰিয় হৈ পৰাত নেটিজেনসকলে আকৌ সেই ৱেবছাইটসমূহ চোৱাৰ সুবিধা লাভ কৰিছে। 

টিকটক ভাল নে বেয়া?

টিকটক দিনে দিনে যিমানেই জনপ্ৰিয় হৈ গৈ আছে সিমানেই ইয়াৰ সমালোচকৰ সংখ্যাও বৃদ্ধি পাইছে। বিশেষকৈ ভাৰতৰ ছ’চিয়েল মিডিয়াত বহু লোকে টিকটকৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দেখা গৈছে। মনোবিজ্ঞানী আৰু ইণ্টাৰনেট বিশেষজ্ঞসকলে কৈছে যে সকলো বস্তুৰে ভাল আৰু বেয়া দিশ থকাৰ লগতে টিকটকৰো দুয়োটা দিশেই আছে।

টিকটক এপ এনেধৰণে ডেভলপ কৰা হৈছে যে ইউজাৰে কি বস্তু চাব সেয়া এপবিধে নিজেই নিৰ্ণয় কৰি দিয়ে। ফেচবুক, ইউটিউব আদিত যিদৰে ইউজাৰে কি চাব, কেনেধৰণৰ কণ্টেন্ট চাব সেয়া নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন উপায় প্ৰদান কৰিছে তেনে উপায় টিকটকত কমকৈ থকা বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে।

একেদৰে ভিডিঅ’সমূহ অতি কম সময়ৰ হোৱা বাবে টিকটকৰ অধিক ব্যৱহাৰৰ ফলত কিশোৰ-কিশোৰী তথা প্ৰাপ্তবয়স্ক লোকৰ মনোজগতত পূৰ্বতকৈ অস্থিৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও দাবী কৰিছে মনোবিজ্ঞানীসকলে। 'এপবিধত ভিডিঅ’সমূহ তেনেই কম সময়ৰ হয়। ইউজাৰে ইটোৰ পিছত সিটো স্ক্ৰলিং কৰি গৈ থাকে। এনে কৰাৰ ফলত বাকী কাম-কাজসমূহো তেওঁলোকে একেৰাহে বহু সময় ধৰি মনোযোগেৰে কৰাতো কষ্টকৰ হৈ পৰে।’-এইদৰে কৈছে এগৰাকী বিশেষজ্ঞই।

আনহাতে ভাল দিশ হিচাপে কোৱা হৈছে যে এপবিধৰ ভিডিঅ’সমূহ চুটি হোৱা বাবে ইয়াৰ পৰা সহজে মনোৰঞ্জন লাভ কৰিব পৰা যায়। ব্যস্ততাপূৰ্ণ জীৱনত দীঘলীয়া ভিডিঅ’ চোৱাতো সম্ভৱ নহয় বাবে কম সময়তে ভিডিঅ’ৰ জৰিয়তে বহু কথা ক’বলৈ চেষ্টা কৰাৰ ফলত ক্ৰিয়েটৰসকলৰ সৃষ্টিশীলতা বৃদ্ধি পোৱাৰো সম্ভাৱনা থাকে।

টিকটক মুখ্য কাৰ্যালয় চীনত আছে নেকি?

টিকটকৰ পেৰেণ্ট কোম্পানী ByteDance মূলত চীনা হ’লেও বৰ্তমান ইয়াৰ মুখ্য কাৰ্যালয় বিশ্বৰ কেবাখনো দেশত অৱস্থিত। চীনা চৰকাৰৰ চেন্সৰশ্বিপৰ পৰা হাত সাৰিবলৈ ByteDance-এ চীনৰ বাদে বাকী দেশসমূহৰ বাবে টিকটকক সম্পূৰ্ণ সুকীয়াকৈ ডেভলপ কৰিছে। চীনা চৰকাৰৰ ৰোষত পৰাৰ আশংকা কৰিয়েই মিউজিকেলিৰ সৈতে চুক্তিৱদ্ধ হোৱাৰ পিছতে টিকটকৰ বাবে চীনা ছাৰ্ভাৰ ব্যৱহাৰ কৰাৰ পৰাও বিৰত আছে ByteDance।

চীনত টিকটকক Douyin নামেৰেহে জনা যায়। কেৱল যে নামটোহে পৃথক তেনে নহয়, Douyinক সম্পূৰ্ণৰূপে চীনা চৰকাৰৰ নীতি-নিৰ্দেশনামতে ডেভলপ কৰা হৈছে। এক কথাত ক’বলৈ চীনত বাকী দেশসমূহত প্ৰচলিত টিকটক সম্পূৰ্ণৰূপে নিষিদ্ধ বুলিব পাৰি। প্ৰশাসনিক কাম-কাজসমূহ কৰাতো যাতে চীনা চৰকাৰৰ পৰা কোনোধৰণৰ বাধা আহি নপৰে তাৰ বাবে টিকটকৰ মুখ্য কাৰ্যালয়ো স্থাপন কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত।


• টিকটকৰ আমেৰিকাস্থিত মুখ্য কাৰ্যালয়ৰ এটি দৃশ্য


চীনক বাদ দি সমগ্ৰ বিশ্বৰ বাকী দেশসমূহক ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে টিকটকৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ কেলিফৰ্ণিয়াৰ কালভাৰ নগৰত স্থাপন কৰাৰ লগতে চিইঅ’ হিচাপেও নিযুক্তি দিয়া হৈছে কেভিন মেয়ৰ নামৰ এগৰাকী মাৰ্কিন ব্যৱসায়ীক। কেলিফৰ্ণিয়াৰ লগতে টিকটকৰ আন দুটা মুখ্য কাৰ্যালয় আছে ছিংগাপুৰ আৰু লণ্ডনত। আনহাতে ভাৰতৰ মুম্বাইত আছে টিকটক ইণ্ডিয়াৰ কাৰ্যালয়। এনেদৰেই এতিয়া নিত্য নতুন ব্যৱসায়িক কৌশলৰে ২০১৬ চনৰ ছেপ্টম্বৰত প্ৰথমবাৰৰ বাবে ভূমুকি মৰাৰ পিছত সমগ্ৰ বিশ্বতে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে টিকটক।