Printer-friendly version

নিৰ্ভয়া কাণ্ডৰ পূৰ্বে ধৰ্ষণৰ গোচৰত ফাঁচীকাঠত কাক ওলমোৱা হৈছিল? মনত থকাসকলৰ বাৰু কোনো কথা নাই। মনত নথকাসকলেও গুগলত ছাৰ্চ কৰিলেই এই প্ৰশ্নৰ উত্তৰ পলকতে পাব যদিও ইয়াৰ সৈতে জড়িত হৈ আছে অনেক ৰহস্যঘন ঘটনাৰাজি। সেই সময়ত আজিৰ দৰে ইণ্টাৰনেট সংযোগৰ ক্ষিপ্ৰ ব্যৱস্থা নাছিল। দুই এখন মহানগৰৰ বাদে দেশৰ অধিকাংশ প্ৰান্ততে নাছিল ইণ্টাৰনেট। নিউজ চেনেলো ইমান নাছিল। বাতৰি কাকতেই আছিল খবৰ লাভৰ প্ৰধান উৎস। 

তেনে দিনত সকলোৰে মাজত চৰ্চা লাভ কৰিছিল এটা বিশেষ খবৰে। ডাঙৰসকলে অনুচ্চ স্বৰেৰে ইজনে আনজনৰ সৈতে সেই বিষয়ে পাতিছিল আৰু সৰু ল’ৰা-ছোৱালী দেখিলেই সেয়া বাদ দি আন প্ৰসংগ উলিয়াবলৈ চেষ্টা কৰিছিল। কিয়নো ঘটনাটো আছিল অতি বীভৎস আৰু ভয়ানক। ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰাজন সকলোৰে দৃষ্টিত আছিল এজন অতি নিকৃষ্ট। ঘটনাৰ সৈতে জড়িতজনক মানুহ আখ্যা দিয়াৰ পক্ষপাতী নাছিল কোনো। সেইজন ইমানেই অধম আছিল যে ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামেও অস্বীকাৰ কৰিছিল ক্ষমা কৰি দিবলৈ। যিটো দিনত সেই অপৰাধীজনক কলকাতাৰ আলিপুৰ জেইলত ফাঁচী কাঠত ওলমোৱা হৈছিল সেই দিনটো আছিল ২০০৪ চনৰ ১৪ আগষ্ট। এয়া আছিল ভাৰতত একবিংশ শতিকাত ধৰ্ষণৰ গোচৰত মৃত্যুদণ্ড প্ৰদান কৰা প্ৰথমটো ঘটনা।

ইয়াৰ এদিন পিছত আছিল স্বাধীনতা দিৱস। অপৰাধীজনক ফাঁচী কাঠত ওলমোৱাৰ বাতৰি পাই স্বস্তিৰ নিশ্বাস এৰিছিল দেশবাসীয়ে। সেই ফাঁচীৰ ১৬ বছৰ পিছত আজি পুনৰ ধৰ্ষণৰ গোচৰত ধৰ্ষণকাৰীক ফাঁচী দিয়া হয়। ১৬ বছৰ পূৰ্বে ধৰ্ষণৰ গোচৰত যাক ফাঁচী দিয়া হৈছিল সেইজনৰ নাম আছিল ধনঞ্জয় চেটাৰ্জী। ১৯৯০ চনত সংঘটিত হেতেল পাৰেখ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ এটি গোচৰৰ দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ফাঁচী কাঠত ওলমোৱা হৈছিল ধনঞ্জয়ক।

কোন আছিল হেতেল পাৰেখ? কি হৈছিল তেওঁৰ সৈতে?

হেতেল পাৰেখ আছিল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। কলকাতাৰ ভৱানীপুৰৰ এটি এপাৰ্টমেণ্টৰ তৃতীয় মহলাত পিতৃ-মাতৃৰ সৈতে আছিল হেতেল। সমুখত থকা আনটো এপাৰ্টমেণ্টত বাস কৰা এগৰাকী গুজৰাটী শিক্ষকৰ ওচৰলৈ গৈ পঢ়া-শুনাত সহায় লৈছিল ছাত্ৰীগৰাকীয়ে। তেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছিল। পৰীক্ষাৰ কেইদিন সঠিকমতে উত্তৰবোৰ লিখিলে নে নাই সেয়া জানিবলৈ শিক্ষকজনৰ ওচৰলৈ অহা-যোৱা কৰিছিল হেতেলে। 

১৯৯০ চনৰ ৫ মাৰ্চৰ দিনা পৰীক্ষা দি ঘৰলৈ উভতিছিল ছাত্ৰীগৰাকী। তাৰ পিছত প্ৰশ্নকাকতখন লৈ শিক্ষকজনৰ এপাৰ্টমেণ্টলৈ গৈছিল হেতেল। শিক্ষকজন ঘৰত নথকাত তেওঁ উভতি আহিছিল। তেতিয়া হেতেলক উক্ত এপাৰ্টমেণ্টটোত বাস কৰা কাজল বাগছী নামৰ এগৰাকী মহিলাই দেখা পাইছিল আৰু মাত লগাইছিল। ঘৰলৈ উভতি কিছু সময়ৰ বাবে মাকৰ লগতেই আছিল হেতেল। সন্ধিয়া প্ৰায় ৫ বজাত মন্দিৰলৈ বুলি ওলাই গৈছিল মাক। আধাঘণ্টা পিছত যেতিয়া মাক ঘৰ আহি পাইছিল তেতিয়া দুৱাৰ বন্ধ আছিল। খুলিবলৈ চেষ্টা কৰিছিল যদিও ভিতৰৰ পৰা কাৰো মাত শুনা নাছিল। উপায়হীন হৈ মাকে সহায়ৰ বাবে চুবুৰীয়াসকলক চিঞৰি মাতিছিল।  

দুৱাৰ ভাঙি দিয়াৰ লগে লগে মাক আৰু ছ’চাইটিৰ অন্যসকলে দেখিছিল যে দুৱাৰৰ কাষতে নিথৰ হৈ পৰি আছে ছাত্ৰীগৰাকী। তেজেৰে লুতুৰি-পুতুৰি শৰীৰত স্পষ্ট হৈ আছিল ২১টাকৈ চোকা অস্ত্ৰৰ ঘাপ। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছিল চাঞ্চল্যৰ। হঠাৎ একাংশ লোকৰ সন্দেহ উপজিছিল এপাৰ্টমেণ্টত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰা ধনঞ্জয় চেটাৰ্জীৰ ওপৰত। যি সময়ত এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল তেতিয়া ডিউটি শেষ হৈছিল ধনঞ্জয়ৰ।

প্ৰত্যক্ষদৰ্শীসকলে আৰক্ষীক জনোৱা মতে ঘটনা সংঘটিত হোৱাৰ সময়ত হেটেল থকা এপাৰ্টমেণ্টৰ আশে-পাশে দেখা গৈছিল ধনঞ্জয়ক। লিফ্ট চলোৱা লোকজনেও ধনঞ্জয়ক হেতেল থকা মহলাটোত নমাই দিয়া বুলি জনাইছিল। সকলোৱে নিশ্চিত হৈছিল যে সমগ্ৰ কাণ্ড ধনঞ্জয়েই সংঘটিত কৰিছে। সকলোৱে ধনঞ্জয়কে জগৰীয়া কৰাৰ খবৰ ধনঞ্জয়ৰ কাণত পৰাত এপাৰ্টমেণ্ট পৰি পলায়ন কৰিছিল তেওঁ। প্ৰায় দুমাহৰ পিছত উক্ত স্থানতেই ধনঞ্জয়ক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয় আৰক্ষী।

ঘটনাক লৈ ৰহস্য, ধনঞ্জয়ৰ বিৰুদ্ধে মৃতদেহকো ধৰ্ষণ কৰাৰ বাতৰি...

গোচৰ চলি থকা সময়ত পোহৰলৈ আহিছিল উক্ত কাণ্ডৰ এটাৰ পিছত এটাকৈ দৃশ্যপট। মিডিয়াৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে সকলোতে ঘটনাটোক লৈ এনে পৰিৱেশৰ সৃষ্টি হৈছিল যে ধনঞ্জয়ক যদিহে ফাঁচী দিয়া নহয় তেন্তে ভাৰতীয় আইন প্ৰহসনত পৰিণত হৈ পৰিব। কেবাখনো কাকত আৰু টিভি চেনেলে এইবুলিও বাতৰি পৰিৱেশন কৰিছিল যে হেতেলক হত্যাৰ পিছত মৃতদেহটোকো ধৰ্ষণ কৰিবলৈ এৰা নাছিল ধনঞ্জয়ে। বনজুইৰ দৰে সমগ্ৰ দেশৰ চুকে-কোণে বিয়পি পৰিছিল এই খবৰ। বহুতৰ বাবে তেতিয়া ধনঞ্জয় শব্দটোৱে হৈ পৰিছিল ঘৃণাৰ নামান্তৰ।

১৯৯৪ চনত কলকাতা উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ পিছত ধনঞ্জয়ৰ গোচৰত স্থগিতাদেশ জাৰি হয়। এদিন ফাইলত কিবাকিবি বিচাৰোতে পুনৰ ধনঞ্জয়ৰ ফাইলৰ প্ৰসংগ উত্থাপিত হয়। ২০০৩ চনৰ নৱেম্বৰত সমগ্ৰ দেশতে এই লৈ তুমুল চৰ্চা হ’বলৈ ধৰে যে এতিয়ালৈকে কিয় ধনঞ্জয় গোচৰৰ স্থগিতাদেশ প্ৰত্যাহাৰ কৰা হোৱা নাই? ইয়াৰ পিছতে ক্ষিপ্ৰতাৰে আৰম্ভ হৈছিল বিচাৰ প্ৰক্ৰিয়া। 

২০০৪ চনত আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি হাৰ মানিবলৈ বাধ্য হৈ পৰিছিল ধনঞ্জয়। শেষ উপায় হিচাপে ৰাষ্ট্ৰপতিলৈ ক্ষমা বিচাৰি আবেদন জনাইছিল ধনঞ্জয়ে। কিন্তু ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে নাকচ কৰিছিল সেই আবেদন। ধনঞ্জয়ক ফাঁচী দিয়া জল্লাদ নাটা মলিকে সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত জনোৱা মতে ফাঁচী দিবৰ দিনাখন নিজেই খোজকাঢ়ি ফাঁচীৰ ৰচীৰ কাষত গৈ থিয় হৈছিল ধনঞ্জয়। কিন্তু শেষ মুহূৰ্ততো তেওঁ বিৰবিৰাই আছিল, 'মই একো কৰা নাই। মই সেইবোৰ একো কৰা নাছিলো। সকলোৱে মিলি মোক মাৰি পেলালে।’ 

অৱশেষত আদালতৰ হুকুমতেই নিৰ্ধাৰিত সময় অনুযায়ী ফাঁচীকাঠত ওলমোৱা হৈছিল ধনঞ্জয়ক। পৰিয়ালৰ লোকে মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ কৰাত জেল কৰ্তৃপক্ষই নিজাকৈ ব্যৱস্থা কৰিছিল শেষকৃত্যৰ। হেতেলৰ আত্মা আৰু পৰিয়ালৰ লোকসকলে ন্যায় লাভ কৰাৰ লগতে দোষীয়ে উচিত শাস্তি পোৱা বুলি সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছিল। 

লাহে লাহে দূৰ হৈছিল ৰহস্য

১১ বছৰ পিছত পুনৰ খোল খাইছিল ধনঞ্জয় গোচৰৰ ফাইল। তাৰ পিছত যি তথ্য পোহৰলৈ আহিছিল সেই তথ্যই ভাৰতীয় আইন ব্যৱস্থাৰ ওপৰতে উত্থাপন কৰিছিল প্ৰশ্নচিহ্নৰ।

২০১৫ চনত কলকাতাৰ ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউৰ দুগৰাকী অধ্যাপকে সমগ্ৰ ঘটনা পুনৰ বিশ্লেষণ কৰে। এই বিশ্লেষণত স্পষ্ট হৈ পৰে যে আইনৰ দীঘল হাতে উক্ত গোচৰটোত বহু ঠাই ঢুকিয়েই নাপালে। সমগ্ৰ ঘটনাটোক নতুন ধৰণৰে অধ্যায়ন কৰা অধ্যাপক দুগৰাকী হৈছে দেৱাশীষ সেনগুপ্তা আৰু প্ৰবল চৌধুৰী। দুয়ো বিশ্লেষণৰ অন্তত এটি প্ৰতিবেদন প্ৰস্তুত কৰে। এই প্ৰতিবেদনত অধ্যাপক দুগৰাকীয়ে উত্থাপন কৰে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। ইয়াকে লৈ বাংলা চলচিত্ৰ পৰিচালক অৰিন্দম শীলে এখন চিনেমাও নিৰ্মাণ কৰে 'ধনঞ্জয়’ নামেৰে। চিনেমাখন চোৱাৰ পিছতে দৰ্শকসকলে ভাবিবলৈ বাধ্য হৈ পৰে যে হেতেলে প্ৰকৃততে ন্যায় পালে নে নাপালে! 

আইনে কি কি ঢুকি নাপালে? 

২০১৫ চনত প্ৰকাশ পোৱা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল কোনেও নভবা, কাৰো মনলৈ নহা বহু কথা। এইবোৰৰ ভিতৰত অন্যতম আছিল ফৰেনছিক ৰিপৰ্টৰ প্ৰতিবেদন আৰু টাইমিং। হেটেলৰ ফৰেনছিক গৱেষণাৰ প্ৰতিবেদনত উল্লেখ থকা ফটোত আঘাতৰ চিনবোৰ দেখুওৱা হৈছে আৰু এই আঘাতৰ সকলোবোৰেই আছে শৰীৰৰ ওপৰভাগত, ডিঙিৰ ওচৰত। প্ৰশ্ন উত্থাপিত হৈছে যে যদিহে ধৰ্ষণ সংঘটিত হৈছিল তেন্তে আঘাত শৰীৰ নিম্নাংশ, উৰু, বুকু আৰু তপিনাতো থাকিলহেতেন। টনা-আজোৰাৰো চিন থাকিলহেতেন। লগতে ভেজিনাতো আঘাত স্পষ্ট হ’লহেতেন। কিন্তু এনে কোনো আঘাত ফৰেনছিকৰ প্ৰতিবেদনত দেখা পোৱা হোৱা নাছিল। 

মৰণোত্তৰ প্ৰতিবেদনত চিকিৎসকে কৈছে যে মৃত্যুৰ পূৰ্বে হেতেলে ছেক্স কৰিছিল। কিয়নো হেতেলৰ হাইমেনত সামান্য ফাট মেলা দেখা গৈছিল আৰু ভেজিনাৰ বাহিৰত বীৰ্য পোৱা গৈছিল। ইয়াৰ ওপৰত ভিত্তি কৰি এয়া কোৱা হৈছিল যে হেতেলক ধৰ্ষণ কৰা হৈছে। কিন্তু আচৰিত ধৰণে হেতেলৰ ভেজিনাৰ ভিতৰত বীৰ্য পোৱা হোৱা নাছিল। বীৰ্য পোৱা গৈছিল হেতেলৰ পিউবিক হেয়াৰত আৰু আণ্ডাৰৱেৰত। ফৰেনছিক গৱেষণা মতে ইয়াৰ অৰ্থ হৈছে ছেক্স নিজৰ ইচ্ছামতে হোৱা। ইয়াৰ পিছত হেতেলে ভালকৈ কাপোৰো পিন্ধিছিল আৰু তেতিয়াই আণ্ডাৰৱেৰত বীৰ্য লাগিছিল। 

এই প্ৰতিবেদনে বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন চিহ্ন উত্থাপন কৰিছে টাইমিঙক লৈ। সমগ্ৰ ঘটনা সংঘটিত হৈছে মাত্ৰ আধাঘণ্টাত। মাতৃয়ে আৰক্ষীক জনোৱা মতে সমগ্ৰ ঘটনা সংঘটিত হৈচে সন্ধিয়া প্ৰায় ৫.২০ বজাৰ পৰা ৫.৫০ বজাৰ ভিতৰত। এইখিনি সময়ত ঘৰৰ পৰা বাহিৰৰ মন্দিৰলৈ ওলাই গৈছিল মাতৃ। সেই আধা ঘণ্টা সময়তে ধনঞ্জয় ওপৰলৈ আহিছিল লিফটত উঠি। তাৰ পিছত ধৰ্ষণ কৰি হেতেলক হত্যা কৰিছিল। কিন্তু প্ৰশ্ন হৈছে যে যিহেতু হেতেলৰ শৰীৰ দুৱাৰমুখতে তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল তেন্তে অকণো তেজ নলগাকৈ আধাঘণ্টাতে ধনঞ্জয়ে কিদৰে তললৈ নামি গ’ল?

আদালতত  প্ৰমাণ হিচাপে এটা ঘড়ী পেছ কৰা হৈছিল আৰু উক্ত ঘড়ীতো পৰিয়ালৰ লোকসকলে ধনঞ্জয়ে তেওঁলোকৰ ঘৰৰ পৰা চুৰি কৰা বুলি অভিযোগ কৰিছিল। আৰক্ষীয়ে চাৰ্টৰ এটা বুটামো আদালতত দাখিল কৰে। এই বুটামটো ধনঞ্জয়ৰ চাৰ্টৰ পৰা হেতেলৰ ঘৰত পৰি গৈছিল বুলি জনাইছিল আৰক্ষীয়ে। চেইন এডালো জমা দিছিল আৰক্ষীয়ে। চেইনডাল আছিল আন এজন ছিকিউৰিটি গাৰ্ডৰ আৰু সেইজন গাৰ্ডে ছেইনডাল ধনঞ্জয়ক পিন্ধিবলৈ দিয়া বুলি কৈছিল। সেই গাৰ্ডজনে জনাইছিল যে তেওঁ তলৰ পৰা তৃতীয় মহলালৈ যোৱা ধনঞ্জয়ক মাত লগাইছিল আৰু তেতিয়া ধনঞ্জয়ে বেলকনিৰে মূৰটো বাহিৰলৈ উলিয়াই উত্তৰ দিছিল। অনুসন্ধানত পোহৰলৈ আহে যে উক্ত বেলকনিত গ্ৰীল লগোৱা আছিল আৰু তাৰ পৰা মূল বাহিৰলৈ উলিয়াই মাত দিয়াতো সম্ভৱেই নহয়। লগতে বেলকনিটো এনে ঠাইত আছে যে তলৰ পৰা সেয়া দেখাই পোৱা নাযায়। 

প্ৰতিবেদনত উল্লেখ কৰা আন কেতবোৰ তথ্য

১। ধৰ্ষণৰ কথা কোনে কৰিছিল আৰু কিয় কৰিছিল? চিকিৎসকে কেৱল ছেক্সৰ কথাহে কৈছিল। ছেক্স আৰু ধৰ্ষণৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য। ছেক্স ইচ্ছা আৰু আগ্ৰহত হয় আৰু ধৰ্ষণ বলপূৰ্বক। এই দুয়োটাক কেতিয়াও একাকাৰ কৰিব পৰা নাযায়।
২। হেতেলৰ মাক যেতিয়া পুনৰ উভতিছিল তেতিয়া লগে লগে দুৱাৰ ভাঙি দিবলৈ গোটখোৱা লোকসকলক কৈছিল। তেওঁ এবাৰলৈও ভবা নাছিল যে হেতেল হয়তো পৰীক্ষা দি আহি ভাগৰত টোপনিও যাব পাৰে। আনকি ভিতৰত থকা টেলিফোনটোলৈ অইনৰ ঘৰৰ পৰা ফোন কৰি চোৱাৰো প্ৰয়োজনবোধ নকৰিলে।
৩। আৰক্ষী আহি পাওতে যথেষ্ট পলম হৈছিল। তেতিয়ালৈকে প্ৰমাণবোৰ নষ্ট কৰিবলৈ যথেষ্ট সময় পাইছিল। হেতেলৰ মাতৃয়ে মৃতদেহ দুৱাৰমুখৰ পৰা আনি লিফট পাইছিল আৰু তাতেই ঘৰৰ বাকী সদস্যসকল অহালৈ অপেক্ষা কৰিছিল। আৰক্ষী আৰু চিকিৎসকেও লিফটতে মৃতদেহ পৰীক্ষা কৰিছিল।
৪। যিজন লিফটমেনে ধনঞ্জয়ক তৃতীয় মহলাত নমাই থৈ অহা বুলি কৈছিল সেইজনে পিছত আদালতত সেয়া নহয় বুলি কৈছিল।
৫। যিটো ঘড়ী চুৰি কৰাৰ কথা কোৱা হৈছে সেই ঘড়ীতো হেতেলৰ ঘৰত আছিল নে নাই তাৰ কোনো প্ৰমাণ নাই। ঘড়ীটো প্ৰকৃততে কাৰ আছিল সেই সম্পৰ্কেও আদালতে প্ৰশ্ন নকৰিলে।
৬। হেতেলৰ শৰীৰৰ ২২ টা আঘাতৰ চিন আছিল। ডিঙিত চেপি ধৰাৰ চিন আছিল। কিন্তু ঘৰ তথা ধনঞ্জয় থকা কোঠা ক’তো অস্ত্ৰ পোৱা হোৱা নাছিল। এপাৰ্টমেণ্টৰ আশে-পাশেও অস্ত্ৰ উদ্ধাৰ হোৱা নাছিল। হেতেলক আঘাত কৰা অস্ত্ৰক লৈও আদালতত প্ৰশ্নৰ অৱতাৰণা নহ’ল।
৭। হেতেলৰ মৰণোত্তৰ পৰীক্ষাত পেটত ১০০ গ্ৰাম খাদ্যদ্ৰব্য পোৱা গৈছিল। তেতিয়ালৈকে সেয়া হজম হোৱা নাছিল। অৰ্থাৎ খাদ্যখিনি খোৱাৰ কিছু সময় পিছতে মৃত্যু হৈছিল। পৰীক্ষা দি ঘৰলৈ অহাৰ পিছত প্ৰায় ১ বজাৰ পৰা ২ বজাৰ ভিতৰত খাদ্য খালে সন্ধিয়া ৫.৩০ বজালৈকে খাদ্যখিনিৰ কিছু অংশ পাঁচন হ’লহেতেন।
৮। হেতেলৰ শৰীৰত পোৱা বীৰ্য ধনঞ্জয়ৰ সৈতে মিলাই চাব পৰা গ’লহেতেন। কিন্তু ফৰেনছিকৰ প্ৰতিবেদনত কোৱা হৈছিল যে যিখিনি বীৰ্য হেতেলৰ মৃতদেহত পোৱা গৈছিল সেয়া ধনঞ্জয়ৰ বীৰ্যৰ সৈতে মিলাই চাবলৈ যথেষ্ট নহয়।
৯। আধাঘণ্টাৰ ভিতৰত ধৰ্ষণ আৰু হত্যা কৰি ঘড়ী চুৰি কৰাৰ লগতে তলত থকা গাৰ্ডক মাতো লগাইছিল ধনঞ্জয়ে। অথচ এগৰাকী ছোৱালীক ধৰ্ষণ কৰি ২২ টাকৈ ঠাইত অস্ত্ৰৰে আঘাত কৰাৰ পিছতো কোনেও সামান্যতমো চিঞৰ-বাখৰ নুশুনিলে। 
১০। আদালতে বাৰে বাৰে মতাৰ পিছতো হেতেলৰ মাক আদালতত উপস্থিত হোৱাৰ পৰা বিৰত আছিল। মাক তেতিয়াই আহিছিল যেতিয়া আদালতে ২ ঘণ্টাৰ জাননী দিছিল।
১১। হেতেলৰ পৰিয়ালে কৈছিল যে ধনঞ্জয়ে প্ৰায়ে হেতেলক জোকাইছিল আৰু ভাবুকি দিছিল। ধনঞ্জয়ৰ ভয়-ভাবুকিক লৈ তেওঁলোক চিন্তাত পৰিছিল বুলিও জনাইছিল আৰক্ষী আৰু আদালতক। যদি সেয়াই হ’লহেতেন তেন্তে হেতেলক পৰিয়ালৰ লোকসকলে কোনো কাৰণতে তেনেকৈ অকলে এৰি থৈ নগ’লহেতেন আৰু হেতেলেও ধনঞ্জয়ক দেখিয়েই দুৱাৰ বন্ধ কৰি দিলেহেতেন বা চিঞৰ-বাখৰ কৰিলেহেতেন। আনহাতে তদন্তত পোহৰলৈ আহিছিল যে হেতেলহতৰ ঘৰৰ দুৱাৰত আই লেন্স লগোৱা আছিল। গতিকে আই লেন্সেৰে ধনঞ্জয়ক দেখিলে হেতেলে কোনোকাৰণতে দুৱাৰ খুলি নিদিলেহেতেন যদিহে সঁচাকৈয়ে ধনঞ্জয়ে হেতেলক বাটে-ঘাতে দুৰ্ব্যৱহাৰ কৰিলেহেতেন।

হেতেলৰ মৃত্যুৰ পিছতেই মুম্বাইলৈ গুচি গৈছিল পিতৃ-মাতৃ

হেতেলৰ মৃত্যুৰ ৬ মাহ পিছতে পিতৃ-মাতৃ তথা গোটেই পাৰেখ পৰিয়ালটো মুম্বাইলৈ গুচি গৈছিল। হেতেলৰ পিতৃৰ ব্যৱসায়ৰ কেন্দ্ৰবিন্দু আছিল কলকাতা। তৎসত্বেও তেওঁলোকে পশ্চিমবংগ এৰি মুম্বাইত নতুন জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোক সকলোৱেই মিডিয়াৰ পৰা নিজকে আঁতৰাই ৰখাৰ চেষ্টা চলাইছিল। আনহাতে আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ভাগৰি পৰিছিল ধনঞ্জয়। ফাঁচীৰ পিছত সকলো কাহিনী যেতিয়া পোহৰলৈ আহিছিল তেতিয়া বহুতেই ক’বলৈ আৰম্ভ কৰিছিল যে হেতেলে নিজৰ ইচ্ছামতেই ছেক্স কৰিছিল আৰু সেয়া জানিব পাৰিছিল মাকে। ৰক্ষণশীল পৰিয়ালটোৱে এয়া মুঠেই সহ্য কৰিব নোৱাৰিলে। অৱশেষত পৰিয়ালৰ লোকৰ হাততেই হত্যাকাণ্ড সংঘটিত হৈছিল যদিও সমগ্ৰ কাহিনীয়ে বাহিৰৰ পৃথিৱীখনৰ বাবে গ্ৰহণ কৰিছিল এক নতুন ৰূপ। সেয়ে হয়তো ফাঁচীৰ দিনটোতো ফাঁচীৰ ৰচী ডিঙিত নিজেই তুলি লৈ ধনঞ্জয়ে বিৰবিৰাইছিল, 'মই নিৰ্দোষী, মই নিৰ্দোষী!’