ধুবুৰীঃ পৰিৱৰ্তনৰ শ্ল’গানেৰে দিছপুৰৰ গাদী দখল কৰা ৰাজ্য চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ণক গুৰুত্ব দিয়া দেখা নাযায়৷ আজিও ৰাজ্যৰ বাট-পথৰ ভয়াবহ অৱস্থাৰ বাবে হাজাৰ হাজাৰ লোকে যমৰ-যাতনা ভোগ কৰি আহিছে৷ বাট-পথ, বিশুদ্ধ খোৱাপানী যোগান, শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়ণৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ ৰাজ্যৰ বিভিন্ন জিলাৰ গ্ৰাম্য অঞ্চলৰ লোকে বিশেষকৈ বাট-পথৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ বিপৰীত নহয় নামনিৰ ধুবুৰী জিলাও৷

জিলা খনত বাট পথৰ সমূহৰ আজিও উন্নয়ণ নহ’ল৷ ঐতিহ্যমণ্ডিত গৌৰীপুৰ চহৰৰ সমীপৰে বৈ যোৱা গদাধৰ নৈত এখন দলং নিৰ্মাণ নকৰাত ৰাইজে যমৰ যাতনা ভোগ কৰি আহিছে৷ নিতৌ শ-শ লোকে গৌৰীপুৰৰ-শ্যাইনঝাৰ কুটীৰ পথেৰে অহা-যোৱা কৰে যদিও পথটোৰ গদাধৰ নৈৰ ওপৰত দলং নথকাত ৰাইজে ব্যাপক সমস্যাত পৰি আহিছে৷

বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় নেতা-পালিনেতাই নৈ খনৰ ওপৰত এখন দলং নিৰ্মাই কৰাত গুৰুত্ব আৰোপ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ স্থানীয় ৰাইজে কেইবাবাৰো আবেদন-নিবেদন কৰে যদিও চৰকাৰে দলং খন নিৰ্মাণৰ নকৰাত লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ কাৰ্যসূচী হাতত লৈছিল। পিছত ভোট কেন্দ্ৰত একাংশ নেতাই আহি নিৰ্বাচনৰ পিছত দলংখন নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দি ভোট আদায় কৰিছিল ৰাইজৰ৷

কিন্তু নিৰ্বাচন পাৰ হ’ল যদিও আজিলৈ নিৰ্মাণ নহ’ল দলং খন৷ ৰাইজে এতিয়া দান বৰঙণি সংগ্ৰহ কৰি বাঁহৰ দলং নিৰ্মাণ কৰি আহ-যাহ অব্যাহত ৰাখিছে৷ প্ৰতিবছৰে নৈখনৰ বুকুৰে পাৰ হ’বৰ বাবে গাঁঠিৰ ধন ভাঙি ৰাইজে এখন দলং নিৰ্মাণ কৰি লব লগা হয়৷ স্কুলীয় ছাত্ৰ-ছাত্ৰীৰ লগতে, চাকৰিয়াল, ব্যৱসায়ী আদিয়ে ব্যাপক সমস্যাত পৰে পথটোৰ বাবে৷ দলং খন নিৰ্মাণৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ ভাবুকি প্ৰদান কৰে ৰাইজে৷