স্বাধীনতা দিৱস বুলি ক'লেই সৰুকালৰ কথা মনত পৰে। কাগজৰ সৰু পতাকা আকি বাঁহৰ কামিত লগাই স্কুললৈ গৈছিলো। কি আনন্দ! স্কুলত পতাকা উত্তোলনৰ পিছত স্কুলৰ পৰা ওলাই  শাৰী পাতি ৰাজ আলিৰে চিঞৰি চিঞৰি ঘূৰিছিলো পতাকা জোকাৰি জোকাৰি। সমস্বৰে গাইছিলো- স্বাধীন ভাৰত কি জয়, মহাত্মা গান্ধী কি জয়, জৱাহৰলাল নেহৰু কি জয়। কি যে আনন্দ।

যিমানে ডাঙৰ হ'লো, যিমানে বুজা হ'লো সিমানে নাইকিয়া হ'ল স্বাধীনতা দিৱসৰ আনন্দ।

আমি চাকৰি আৰম্ভ কৰাৰ দিনৰে পৰা অসমৰ মানুহ লাহে লাহে ভাৰতীয় দেশ প্ৰেমৰ পৰা দূৰলৈ গৈছে। আলফাৰ স্বাধীন অসমৰ দাবীৰ পিছত অসমৰ একাংশ লোকে স্বাধীনতা দিৱসত ভাগ লোৱাৰ কথা পাহৰিয়ে গ’ল। সত্তৰৰ দশকৰ পৰা আজিলৈকে আলফা আৰু অন্যান্য উগ্ৰবাদী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান দিয়ে। স্বাধীনতা দিৱসত অসমৰ বেছিভাগ সাধাৰণ মানুহ ঘৰৰ ভিতৰতে সোমাই থকা হ’ল।

আমিও কাহানিও চৰকাৰী স্বাধীনতা দিবসলৈ যোৱা নাই। অসমত স্বাধীনতা দিৱস মন্ত্ৰী-বিষয়াৰহে উৎসৱ হৈ পৰিল। এমুঠিমান চৰকাৰী কৰ্মচাৰী আৰু মন্ত্ৰী-বিধায়ক, দলীয় লোকৰ বাহিৰে অইন মানুহ স্বাধীনতা দিবসলৈ নাযায়েই।

আমিও নাযাওঁ কাৰণ যোৱাটো এক বিপদজনক কথা! ক'ত কেতিয়া কেনেকৈ বোমা ফুটে হিচাপ নাই।
হাজাৰ হওক স্বাধীনতা দিৱসতকৈ নিজৰ জীৱনৰ মূল্য বেছি!

কলেজৰ অধ্যাপক হৈ থকা সময়ত পতাকা উত্তোলনৰ কথাই নাই। বিন্দাছ ঘৰত বহি  স্বাধীনতা দিবস পালন কৰো! লাহে লাহে সেই কথা পাহৰি গ’লো। স্বাধীনতা দিবস গণতন্ত্ৰ দিবস ঘৰত থাকি লেখা পঢ়া কামেই কৰাটো অভ্যাস হৈ গ’ল।

কলেজৰ অধ্যক্ষ হৈ থকা সময়ত পতাকা তুলিবলৈ যাবলৈ বাধ্য হৈছো। মাজে মাজে কলেজৰ এন চি চি অফিচাৰলৈ দায়িত্ব ঠেলিছো। মাজে মাজে কলেজৰ এন চি চি অফিচাৰলৈ দায়িত্ব ঠেলিছো। মুঠতে স্কুলত পঢ়া দিনৰ সেই আগ্ৰহ আজিলৈকে অন্তৰত বিচাৰি নাপালো।

এইবাৰ বহুদিনৰ মূৰত হেপাহেৰে পতাকা উত্তোলন কৰিম ৰাজহুৱাভাৱে। বৃহত্তৰ গুৱাহাটী পদপথ ব্যৱসায়ীসকলে মোক পতাকা উত্তোলন কৰিবলৈ মাতিছে। ছয়মাইলৰ পদপথত পদপথ ব্যৱসায়ীসকলৰ পতাকা উত্তোলন কৰিম। বহুদিন ধৰি সমাজৰ এই অৱহেলিত লোকসকলৰ উপদেষ্টা হৈ আছো। চৰকাৰে তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ সাক্ষী হৈ আছো। এই সকলৰ সৈতে এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰিম হেঁপাহেৰে!

পুনশ্চঃ

উত্তৰ পূৱ ভাৰতবৰ্ষৰ একাংশ লোকে আজিও তেওঁলোকৰ স্বাধীনতা দিৱস ১৪ আগষ্টত পালন কৰে। আজিও তেওঁলোকে নিজক ভাৰতীয় বুলি নকয়। The Naga Saga নামৰ কিতাপ এখনৰ লিখক Kaka D Iralu নামৰ এজনে নিজকে নগা স্বাধীনতা যুদ্ধৰ সৈনিক বুলি পৰিচয় দি নগা স্বাধীনতা যুদ্ধৰ ইতিহাসৰ বিৱৰণ দাঙি ধৰিছে। এই গ্ৰন্থৰ প্ৰথম অধ্যায়ৰ সাৰাংশত লিখকে উল্লেখ কৰিছে এনেদৰে-
1. The Nagas from time immorial were a nation posessing all the prerequisites of state hood.
2. The Naga and Indian National and geographical identities are two seperate and different entities alltogether. The difference is based on race culture language religion and history.
3. Prior to 1947 Nagaland was still largely a souverign country though the British occupied a few portion of the Naga territory. There was no written treaty between the Nagas and the Brutish relating to surrender or capitulation of their land to the British Empire.
4. Prior to 1947, the Naga National Council had communicated its wishes both to India, Britain, and the world that it will form a souverign democratic relublic called Nagaland . All these historical facts relatibg to this rights were communicated to the world in writing. When India refused to recognised this rights the Naga National Council  declared Nagalands Independance on 14th August 1947.

কিতাপখনত আকৌ উল্লেখ আছে যে ১৯৪৭ ৰ ১৯ জুলাইত নগা জাতীয় পৰিষদৰ নেতা এ জেদ ফিজো আৰু অন্যান্য সকলে মহাত্মা গান্ধীক দিল্লীত লগ ধৰি দহটা প্ৰধান কাৰণ দৰ্শাই নগাসকলৰ স্বাধীনতা বিচাৰিছিল। গান্ধীজীয়ে হেনো নগাসকলৰ এই দাবী যুক্তি সংগত বুলি মানি লৈছিল।

কিতাপ খনত লিখা আছে, 'the most important point discused was Gandhijis assurance that the Nagas have every right to be independent if they didn't want to join the Indian Nation.’

কিতাপখনত আকৌ উল্লেখ আছে যে নগা প্ৰতিনিধিসকলে গান্ধীজীক জনাইছিল সেই কথা যে তেতিয়াৰ অসমৰ গৱৰ্ণৰ ছাৰ আকবৰ হাইদৰীয়ে নগাসকলক ভাবুকি দি কৈছিল নগাসকলে যদি ভাৰতৰ লগত থাকিবলৈ অস্বীকাৰ কৰে তেনেহ’লে তেওঁলোকক দমন কৰিবলৈ সৈন্য ব্যৱহাৰ কৰা হ’ব।

তেতিয়া হেনো গান্ধীজীয়ে কৈছিল "Sir Akbar is wrong. He cannot do that. I will come to Naga hills; I will ask them to shoot me first before one Naga is shoot.’

গান্ধীয়ে হেনো এই কথাও কৈছিল নগা নেতাসকলক, '১৪ আগষ্টলৈ কিয় ৰখা তোমালোকে কাইলৈকে স্বাধীনতা ঘোষণা নকৰা কিয়?’ (সূত্ৰ : The Naga Saga, pp 1-55)

কথা বিলাক ভাবিলে আচৰিত লাগে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ এই বিলাক কাহিনী আমি বহুতে নাজানো। 

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)