ডিফুঃ পৱিত্ৰ দৌলোৎসৱৰ মাজতে কাৰবি আংলঙ জিলা বিজেপি কৰ্মী-সমৰ্থকৰ মাজত একালৰ বিদ্ৰুহী নেতা তথা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হৰেণ চিং বে'ক আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ টিকট প্ৰদান কৰাৰ পিছত শুকুৰবাৰে আন এক উৎসৱ সদৃশ পৰিৱেশৰ সৃষ্টি হয়৷ 

বৃহস্পতিবাৰে নিশা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হৰেণ চিং বে'ৰ আসন্ন লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰাৰ পিছত পাৰ্বত্য জিলাখনৰ বিজেপি কৰ্মী-সমৰ্থকৰ মাজত পাৰভঙা উছাহৰ ঢল ববলৈ ধৰে৷ আজি পুৱাৰ ভাগত বিজেপিৰ বিভিন্ন মৰ্চা, তৃণমূল পৰ্যায়ৰ কৰ্মী-সমৰ্থক আৰু হৰেণ চিং বে'ৰ অনুৰাগী সকলৰ প্ৰায় সহস্ৰাধিক লোকে পাৰখোৱাত সমবেত হৈ ফুলাম গামোচা আৰু পহ'ৰে প্ৰাৰ্থী হৰেণ চিং বে' আৰু কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক উষ্ম সম্বৰ্ধনা জনায়৷  

দুয়োগৰাকী নেতা শ্ৰদ্ধা সহকাৰে পাৰখোৱাৰপৰা ডিফুৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ সমদল কৰি আনে৷ কৰ্মী-সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজত প্ৰাৰ্থী হৰেণ চিং বে'ক এনেদৰে পাৰখোৱাৰপৰা ডিফুলৈ দীৰ্ঘ পথ ছোৱাৰ বিভিন্ন ঠাইত সম্বৰ্ধনা জনোৱা হয় যে, প্ৰাৰ্থী গৰাকীৰ বিজয় এক প্ৰকাৰ নিশ্চিত বুলি ধৰিলৈ বিজয় উৎসৱ হে পালন কৰা হয়৷ 

বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতা সকলে তিনি পাৰ্বত্য জিলাক সামৰি স্বায়ত্ত ৰাজ্য প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ পুনৰ সেই একে উদ্দেশ্যলৈ কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বায়ত্ত ৰাজ্য গঠনৰ দাবী প্ৰধান মন্ত্ৰীৰ আগত উত্থাপন কৰাৰ লগতে ইয়াক ইছ্যু হিচাপে লৈ পাৰ্বত্য জিলা তিনিখনৰ ৰাইজৰ আশীষ বিচাৰি ডিফু(জনজাতি) লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৰেণ চিং বে'ক বিজয়ী কৰাৰ লগতে পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন কৰি সমবিকাশ কৰিবলৈ আহ্বান জনায়৷ 

আজি সাংবাদিকৰ আগত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ আৰু প্ৰাৰ্থী হৰেণ চিং বে'ই কয় যে, তেওঁলোকৰ প্ৰথম কৰ্তব্য হ'ব জিলা তিনিখনৰ দীৰ্ঘদিনীয়া দাবী ভাৰতীয় সংবিধানৰ সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচী সুবিধা অনুসৰি ২৪৪(ক) ৰ মতে এখন স্বায়ত্ত ৰাজ্যৰ দাবী ৰূপায়ণ কৰা লগতে এমঅ'এছ এমইউ এছৰ সফল ৰূপায়ণ কৰি জিলাখনত পূৰ্বৰ কংগ্ৰেছৰ দুৰ্নীতি বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে পূব আৰু পশ্চিম কাৰবি আংলং লগতে ডিমা হাচাওক জাকত জিলিকা জিলালৈ ৰূপান্তৰিত কৰিবলৈ সংকল্পবদ্ধ হয়৷ 

ইফালে, ডিফু লোকসভা সমষ্টিৰ বাবে বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছৰ বয়োজ্যেষ্ঠ নেতা বিৰেণ চিং ইংতিক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছত নেতা গৰাকী গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত নামি সংবাদিকৰ সৈতে মুখামুখি হৈ বিজেপি চৰকাৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত স্বায়ত্ত ৰাজ্য প্ৰদান কৰিব বুলি কৈ পাহাৰীয়া ৰাইজক চৰম প্ৰতাৰণা কৰিলে বুলি মন্তব্য কৰাৰ লগতে জিলাখনত ভবা ধৰণে উন্নতি হোৱা নাই বুলি অভিযোগ আনে৷ জিলাখনত কৰিবলগীয়া বহু কাম আছে৷ কংগ্ৰেছে পুনৰ তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে আৰু তেওঁ নিজৰ দায়িত্ব পালন জিলাখনৰ সৰ্বাংগীন উন্নতি কৰাৰ বাবে সংকল্পবদ্ধ বুলি পুণৰ ৰাইজৰ আশীষ বিচাৰে৷