ডিফুুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত কংগ্ৰেছৰ বৰঘৰত আঘাত হানি ডিফু নগৰ সমিতিৰ কংগ্ৰেছৰ প্ৰাক্তন উপাধ্যক্ষ মনোজ দে'ৰ নেতৃত্বত বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ৫ শতাধিক লোকে দেওবাৰে আনুষ্ঠানিকবাৱে বিজেপিত যোগদান কৰে৷

কাৰ্বি আংলং জিলা বিজেপিয়ে ডিফু ক্লাবত আয়োজিত এক যোগদান অনুষ্ঠানত পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণ আৰু উপসভাপতি ভৰত কুমাৰ তিমুঙ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত যোগদান কাৰ্যসুচী সম্পন্ন কৰা হয়৷

সভাপতি ৰতন টেৰণ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিত যোগদান কৰাৰ বাবে মনোজ দে' আৰু তেওঁৰ সমৰ্থক সকলক বিজেপিৰ ফ্লেগ আৰু টুপিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উষ্ম আদৰণি জনায়৷ 

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ মনোজ দে'ৰ নেতৃত ৫ শতাধিক লোকক বিজেপিত যোগদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণ মূলক আঁচনিসমূহ সমাজৰ সকলোৱে উপভোগ কৰিব পাৰিছে বুলি কয়৷ 

প্ৰধানমন্ত্ৰী আৱাস যোজনা, অটল অমৃত, আয়ুস্মান ভাৰত আদি আঁচনিয়ে সমাজৰ দৰিদ্ৰ শ্ৰেণীক সকাহ দিছে৷ কাৰ্বি আংলঙৰ চৌপাশে এতিয়া উন্নয়ণৰ বতাহ বলিছে সেয়ে আসন্ন লোকসভা নিৰ্বাচনত ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেণ চিং বে'ক বিপুল ভোটত বিজয়ী কৰাই পুণৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ আগুৱাই আহিবলৈ আহ্বান জনায়৷

পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰতন টেৰণে কয় যে কাৰ্বি আংলঙত মুখ্য কাৰ্যবীহী সদস্য তুলিৰাম ৰংহাঙৰ সবল নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈয়ে দলে-বলে মানুহ বিজেপিত যোগদান কৰিছে৷ 

উল্লেখযোগ্য যে, আসন্ন লোকসভা নিৰ্বাচনলৈ কেইদিনমান বাকী থকা অৱস্থাত মনোজ দে'ৰ দৰে নেতাই কংগ্ৰেছ ত্যাগ কৰি কৰ্মী-সমৰ্থকক লগতলৈ গেৰুৱা দলটোত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।