♦ ছালগাওকাৰ এফচি গোৱাৰ হাতত আচাম পুলিজ ব্লুজ ৫-০ গ'লত ধৰাশায়ী ৷

ডিফুঃ ২৭ ফেব্ৰুৱাৰীৰপৰা ১৪ ফেব্ৰুৱাৰীলৈকে ডিফুৰ নৱনিৰ্মিত কাছা খেলপথাৰত চলি থকা চতুৰ্থ চি ই এম স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে তৃতীয় দিন৷ দিবা-নৈশ ফ্লাড লাইটৰ পোহৰত খেলোৱা শুকুৰবাৰৰ খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ছালগাওকাৰ এফ চি গোৱা বনাম আছাম পুলিচ ব্লুৱে৷

সন্ধিয়া ৬-৩০ বজাৰপৰা আৰম্ভ হোৱা খেলখনত ছালগাওকাৰ এফ চি গোৱাই প্ৰথমৰপৰাই আধিপাত্য বিস্তাৰ কৰি আছাম পুলিচ ব্লুজক অত্যাধিক চাপত ৰাখিবলৈ সক্ষম হয়৷ খেলখনৰ প্ৰথমাৰ্ধৰ ৭ মিনিটতে ছালগাওকাৰ এফ চিৰ ডেনিল ৰেবেল্ল'ৱে আছাম পুলিচ ব্লুজৰ গলৰক্ষক মূল্য ৰাভাক পৰাভূত কৰি গলদি দলক ১-০ ৰ অগ্ৰগতি দিয়ে।

ইয়াৰ পাছত ক্ৰমান্বয়ে ২৪ মিনটত ছালগাওকাৰৰ ২৯ নম্বৰ জাৰ্চি দেবেন্দ্ৰ মকগাওকাৰে দ্বিতীয়, ৩১ মিনিটত ছালগাওকাৰ এফ চিৰ হৈ ২৩ নম্বৰ জাৰ্চিৰ ছাঈশ হালাৰৱকৰে তৃতীয় আৰু ওপৰা-উপৰি ৩২ মিনিটত পুণৰ ছালগাওকাৰৰ হৈ ১০ নম্বৰ জাৰ্চি ৰণাল্ড' অলিভেৰিয়াই চতুৰ্থটো গল দি দলক ৪-০ ৰ অগ্ৰগতিৰে দলক শক্তিশালী স্থিতিত উপনিত কৰায়৷

আনহাতে ছালগাওকাৰ এফ চি গোৱাৰ খেলুৱৈসকলৰ সুন্দৰ খেল আৰু নিখুঁত পাছৰ বাবে আছাম ৰাইফলছ ব্লুজে খেলৰ প্ৰথমাৰ্দ্ধত দলৰ কোনো প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে৷ আনহাতে দ্বিতীয়াৰ্দ্ধৰ ২১ মিনিটত ছালগাওকাৰ এফ চি গোৱাৰ হৈ ৯ নম্বৰ জাৰ্চি ডেনিল ৰেবেল'ৱে আন এটা গলদি দলক ৫-০ৰ অগ্ৰগতি দিয়াৰ লগতে দলক বিজয়ী কৰাই পইণ্ট বুটলে৷

প্ৰত্যাশিত বাবে দুটা গল কৰি মেন অব দা মেচৰ সন্মান লাভ কৰে ছালগাওকাৰ ৯ নম্বৰ জাৰ্চিৰ ডেনিল ৰেবেল্ল'ৱে৷ খেলৰ অন্তত মেন অব দা মেচৰ বঁটা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ খেলখন পৰিচালনা কৰে ব্ৰজেন তিমুঙে৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে প্ৰতাপ হাঞ্চে আৰু দ্বিজেন এন শৰ্মাই৷