ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ হৰিলাল বস্তি মোক্তাব কমিটীৰ উদ্যোগত পৱিত্ৰ ৰমজানৰ ৰোজাৰ ইফতাৰ কাৰ্যসূচী বুধবাৰে সম্পন্ন হৈ যায়৷

ইফতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে স্থানীয় ইএম ৰতন টেৰণ, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙ, বিজেপিৰ জিলা সাধাৰণ সম্পাদক অজিত দে', সম্পাদক মধুৰাম লেকথে, বিজেপি সংখ্যালঘু কোষৰ সভাপতি তথা ১৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ছিমন ফাংচ', ৩নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ দিগন্ত গগৈ আৰু গণ্যমাণ্য ব্যক্তিসকল৷

কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিফু মছজিদৰ ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে পৱিত্ৰ ৰমজান মাহৰ খাতিৰত ঐক্য, শান্তি ভাতৃত্ব আৰু ভোটগণণা পৰ্ব শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ’বলৈ পৰম কৰুণাময় আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায় লগতে অসুস্থ হৈ থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ আৰোগ্য কামনা কৰে আৰু সকলো মুৰ্দেগানৰ আত্মাৰ সদগতি কামনা কৰে৷

ইয়াৰ পাছত মোক্তাব কমিটীৰ তৰফৰপৰা স্থানীয় কাৰ্যবাহী সদস্য ৰতন টেৰণৰ জৰিয়তে  তিনিদফীয়া দাবী সম্বলিত এখনি স্মাৰক-পত্ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ প্ৰেৰণ কৰা হয়৷ ইফতাৰ কাৰ্যসূচীৰ পূৰ্বে আমন্ত্ৰিত অতিথিসকলক একোখনকৈ কাৰ্বি পহ'ৰে সম্বৰ্ধনা জনোৱা হয়৷