♦ হলিৰামৰ এছডিচিৰ সংগ্ৰামে পাহাৰত ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত হৈছিলঃ বিজেপি প্ৰাৰ্থী হৰেণ চিং বে'

ডিফুঃ আসন্ন লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমৰ তিনি পাৰ্বত্য জিলা ক্ৰমে পূব আৰু পশ্চিম কাৰ্বি আংলং লগতে ডিমা হাছাওৰ এখন সাংসদীয় আসনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷

ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ বিজেপিয়েও পাৰ্বত্য জিলা তিনিখনৰ ইমূৰৰপৰা সিমূৰলৈ তুলিৰাম ৰংহাঙৰ লগত লৈ প্ৰাৰ্থী হৰেণ চিং বে'ৰ বাবে মাৰাথন নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে৷

ইফালে প্ৰধান বিৰোধী দল কংগ্ৰেছ, এএছডিচি আৰু নিৰ্দলীয় দলসমূহে চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি আছে৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে ইজনে-সিজনলৈ বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ কৰি দিছে৷ 

শুকুৰবাৰে ডিফু লৰুলাংচ’ত লুম্বাজং, সিংসাসন আৰু ধনশিৰি পৰিষদীয় সমষ্টিৰ আৰু টাউন মণ্ডলৰ প্ৰায় ৭ সহস্ৰাধিক বিজেপি কৰ্মী-সমৰ্থকৰ সমাৱেশৰ এক বিশাল নিৰ্বাচনী জনসভাত কংগ্ৰেছ-এএছডিচি আৰু বিভিন্ন দলৰপৰা প্ৰায় ৪ সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে৷ তেওঁলোকক পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণে দললৈ আদৰণি জনায়৷ আসন্ন লোকসভা নিৰ্বাচনত ডিফু (জনজাতি) লোকসভা সমষ্টিৰপৰা বিজয়ী হ’ব বুলি প্ৰৱল আত্মবিশ্বাসী প্ৰাৰ্থী হৰেণচিং বে’ই ভাষণ প্ৰসংগত কয় যে লোকসভালৈ নিৰ্বাচিত হলে সংসদত শপত গ্ৰহণৰ পাছৰ প্ৰথম বাক্যটো থাকিব ২৪৪ (ক) ৰূপায়ণৰ বাক্য৷ তেওঁৰ বিৰুদ্ধে এএছডিচিৰ প্ৰাৰ্থী হৰেণচিং বে’ই হকে-বিহকে প্ৰচাৰ চলাইছে বুলি অভিযোগ কৰে৷

হলিৰাম তেৰাঙে তেওঁক ব্যক্তিগতভাৱে আক্ৰোশমূলক বক্তব্য কৰাত হৰেণচিং বে’ই আচৰিত হৈছে বুলি কয়৷ 

এএছডিচিৰ সংগ্ৰামকালত বন্ধ, ৰে’ল ৰুক’ ধৰ্ণা আদি কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰিলে৷ হলিৰাম তেৰাঙে কেতিয়াও সংগ্ৰামৰ নামত জে’ললৈ যোৱা নাই বা পুলিচৰ মাৰ খোৱা নাছিল৷ তেওঁৰ সংগ্ৰামৰ ফলশ্ৰুতিত ভাতৃঘাতী সংঘৰ্ষৰ হে সূত্ৰপাত হৈছিল বুলি অভিযোগ কৰে৷ 

হলিৰামৰ একো গণভিত্তি নাই৷ প্ৰাৰ্থী হৰেণচিং বে’ সহস্ৰ সংগঠনত থকা কালত পাৰ্বত্য জিলা তিনিখনৰ মূল দাবী আৰু উন্নয়ৰ হকে কাম কৰি চৰকাৰৰ লগত আলেচনাৰ মেজলৈ আহিছিল কাকো অত্যাচাৰ চলোৱা নাছিল৷ তেওঁৰ বিৰুদ্ধে হত্যা, ডকাইতিৰ প্ৰত্যক্ষ প্ৰমাণ দিব পাৰিলে তেওঁ ৰাজনীতি ত্যাগ কৰিব বুলি কয়৷

কংগ্ৰেছৰ স্বজন-তোষণ নীতি আৰু উন্নয়ণৰ ধন আত্মসাৎ কৰাৰ কথা গম পায়েই এটা সময়ত তেওঁৰ নেতৃত্বত বিভিন্ন জাতি-জনগোষ্ঠীৰ উমৈহতীয়া 'পাপা' নামৰ দল খুলিবলগীয়া হৈছিল আৰু পাছত বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আপ্লুত হৈ বিজেপিত যোগ দিয়া বুলি কয় হৰেণচিং বেই৷

সেয়ে হৰেণ চিং বে'ই আগন্তুক লোকসভা নিৰ্বাচনত তেওঁক পদুম ফুলৰ চিহ্নত ভোট দি নৰেন্দ্ৰ মোডীক পুনৰবাৰ প্ৰধানমন্ত্ৰী কৰিবলৈ আহ্বান জনায়৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিজৰ ভাষণ প্ৰসংগত কয় যে হৰেণ চিং বে’ক লোকসভা প্ৰাৰ্থী হিচাপে বিজেপিৰ বিজয় ৰথ কোনেও ৰখাব নোৱাৰে৷

হৰেণ চিং বে’ৰ বিজয় নিশ্চিত৷ বিজেপিৰ উন্নয়ণমূলক কামৰ সমভাগী হ’বলৈ সকলো বিজেপিলৈ দলে-বলে ঢাপলি মেলিছে আৰু বিজেপিৰ প্ৰতিজন কৰ্মীয়ে সকলোকে আদৰিবলৈ সাজু হৈছে৷ ইয়াৰোপৰি পাৰ্বত্য উন্নয়ণ মন্ত্ৰী চুম ৰংহাঙ, বিধায়ক নোমল ম’মিন আৰু প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেঙৰ বিজেপিৰ দলৰ নীতি-আদৰ্শ আৰু বিজেৰি প্ৰাৰ্থী হৰেণ চিং বে’ৰ সমৰ্থনত ভাষণ প্ৰদান কৰে৷