ডিফুঃ ২৭ তাৰিখৰপৰা ২৯ তাৰিখলৈ ডিফুত কাৰ্বি য়ুথ অৰ্গেনাইজেছনৰ উদ্যোগত শুভাৰম্ভ হৈছে প্ৰয়াত ৰুম্ফু মিলিকপী সোঁৱৰণি দ্বিতীয় কাৰ্বি আংলং দিবা-নৈশ ভলীবল প্ৰতিযোগিতা৷

প্ৰতিযোগিতাখনত ১২ টা দলে অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলৰপৰা জানিব পৰা গৈছে৷ আজিৰ উদ্ধোধনী খেলখন মেথিফাং বনাম ফুলনি স্পৰ্টছ ক্লাবৰ মাজত খেলোৱা হৈছে৷ 

প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলৰ বাবে ট্ৰফীসহ ২০ হাজাৰ টকা, বিজেতা দলৰ বাবে ট্ৰফীসহ ১০ হাজাৰ টকা আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বাবে ট্ৰফীসহ ৩ হাজাৰ টকা প্ৰদান কৰা হ'ব। উদ্ধোধনী খেলখনত কেএছএ (ইংলংফ')ৰ সাধাৰণ সম্পাদক উপস্থিত আছিল৷