ডিফুঃ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত বুধবাৰে ছামেলাঙচ'ত ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ প্ৰতিযোগিতাখনত ৬ টা স্থানীয় দল, এটা সেনাৰ আৰু দুটা আৰক্ষীৰ দলে অংশগ্ৰহণ কৰে৷

অংশগ্ৰহণকাৰী দলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়৷  ৰেড হৰ্ণ ডিভিজনে অঞ্চলসমূহত শান্তি স্থাপন আৰু যুৱকসকলক আসাধু কৰ্ম, ৰাষ্ট্ৰবিৰোধী কামৰপৰা আঁতৰাই ৰাখিবলৈ অবিৰাম বাবে এনেধৰণৰ অনুপ্ৰেৰণামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে বুলি সেনাৰ এক বিবৃতিত প্ৰকাশ৷