Printer-friendly version

হয়তো এয়াই শক্তি৷ এয়াই জনপ্ৰিয়তা৷ আৰু মাজে মাজে বিতৰ্ক৷ কি ভুল, কি শুদ্ধ সেয়া বাদ৷ শেষ কথা জুবিন জুবিনেই৷ সেয়া লাগিলে মঞ্চত উঠি খুটা বগোৱাজনেই হওঁক, নাইবা হিন্দী গীত পৰিৱেশনক লৈ অলৰ-অচৰ হৈ থকাজনেই নহওক কিয়৷

মনলৈ যিটো আহে তাকেই কৈ ভালপোৱা জুবিন৷ স্পষ্টবাদী জুবিন নে কথা ক’ব নজনা জুবিন৷ খঙাল জুবিন৷ অভিমানী জুবিন৷ অহংকাৰী জুবিন। তুলাচনীৰ এফালে জুবিনৰ সমৰ্থক৷ আনফালে কোন? জুবিন বিৰোধী? তুলাচনীৰ আনটো ফাল শূন্য৷ তুলাচনীৰ কিছু দূৰৈত জুবিনৰ শুভকাংক্ষী৷ কাৰনো খং নাই? অভিমানী নহয় কাৰ হৃদয়? অসমীয়া বুলি ক’লে কোন অসমীয়াৰ বুকু ওফন্দি নুঠে? চিৰ চেনেহী ভাষা জননী গুণগুণালে কাৰ মন ভৰি নপৰে? আৰু বিহু? এনেয়ে বুঢ়ী নাচনী তাতে আকৌ নাতিনীৰ বিয়া৷ বিহু বুলিলে গা সাতখন-আঠখন৷ উলাহে নধৰে হিয়া৷ ঢোলৰ গুমগুমনি, ম’হৰ শিঙৰ পেপা, ককাল ভাঙি ভাঙি নচা বিহুৱতীৰ নাচ৷

বহুতৰে আক্ষেপ বিহু হেনো সলনি হ’ল৷ সলনি নহয়নো কোন? আগতে জানো ফেচবুক আছিল? উত্তৰ নাছিল৷ আৰে জুকাৰবাৰ্গেই নাছিল, ফেচবুকনো থাকে ক’ৰপৰা? আৰু ষ্টাৰ চিমেণ্ট? ডালমিয়া? বিমল পাণ মছলা? ওহো একোৱেই নাছিল৷ কিন্তু অসমীয়া আছিল৷ অসমীয়া আছিল বাবে বিহুও আছিল৷ নে বিহু আছিল বাবে অসমীয়া আছিল? যি নহওক আগতে বিহুও আছিল আৰু অসমীয়াও আছিল৷ অসমীয়া এতিয়া সলনি হ’ল৷ সলনি হ’বৰে কথা৷ নতুন অসমৰ নিৰ্মাতা আনন্দৰাম ঢেকীয়াল ফুকনে তাহানিতেই সপোন দেখিছিলঃ ‘যি সময়ত অসম হাবি গুচি ফুলবাৰী হ’ব, ঘৰ বাঁহৰ গুচি শিল-ইটাৰ হ’ব, গাঁৱে গাঁৱে হেজাৰ পঢ়াশালি হ’ব, গিয়ানৰ সভা, চিকিৎসালয়, দুখীয়া-দৰিদ্ৰ পৰিত্ৰাণৰ আলয় হ’ব আৰু যি কালত লোকসকলে পৰস্পৰে হিংসা-হিংসি নকৰি আটাইকে ভাতৃবৎ চেনেহ কৰিব,..... সেই সময় হে পৰমপিতা জগদীশ্বৰ, শীঘ্ৰে ঘটোৱা৷’

ঢেকীয়াল ফুকনৰ সেই সপোন সম্পূ্ৰ্ণৰূপে নফলিয়ালেও অসম কিন্তু হাবি গুচি ফুলবাৰী হ’ল৷ ঘৰ বাঁহৰ গুচি শিল-ইটাৰ হ’ল৷ হাবি যেতিয়া সলনি হ’ল, ঘৰ যেতিয়া সলনি হ’ল, বিহুনো সলনি নোহোৱাকৈ থাকে কেনেকৈ? কালক্ৰমত বিহুও সলনি হ’ল৷ এদিন অশ্লীল(!) বুলি শিক্ষিতচামে অনাদৰ কৰা বিহু গীত আৰু নৃত্যই হৈ পৰিল অসমীয়াৰ পৰিচয়৷ পথাৰৰ বিহু মঞ্চলৈ আহিল৷  মঞ্চৰ পৰা টিভি চেনেল পালে৷ টিভি চেনেলতে সীমাৱদ্ধ নাথাকি ইউটিউব, ফেচবুকতো আসন নিগাজী কৰিবলৈ সমৰ্থ হ’ল বিহুৱে৷

ধূতি পিন্ধা অসমীয়াই চাহাবী পটলুং, কামিজ পিন্ধিবলৈ লোৱাৰ পিছতো যিদৰে অসমীয়াই হৈ থাকিল, তেনেকৈ পথাৰৰ পৰা আহি মঞ্চ পালেও বিহু বিহুৱেই হৈ আছে আৰু হৈয়েই থাকিব৷ টাৰ্টল, জন প্লেয়াৰ্ছৰ কামিজ পিন্ধিলেও কোনো গগৈ, কলিতা, শৰ্মা, হাজৰিকাৰ সন্তানটো যিদৰে অসমীয়াই হৈ থাকিব তেনেদৰে বিমল পাণ মছলা, ডালমিয়া, ষ্টাৰ চিমেণ্টৰ বিজ্ঞাপনৰ চোলা পিন্ধাই বিহু সন্মিলনীৰ আয়োজন কৰিলেও সেয়া বিহুৱেই হৈ থাকিব৷ তাত কোনো সন্দেহ নাই৷ হয়তো বিহুৰ বৰ্তমানৰ এনে পৰিৱৰ্তিত ৰূপ দেখি আনন্দৰাম ঢেকীয়াল ফুকনেও ক’লেহেতেনঃ চাব্বাছ অসমীয়া! মোৰ সপোনবোৰ কিঞ্চিৎ হ’লেও পূৰ্ণ হৈছে!

ছ'চিয়েল মিডিয়াত এই লৈ চলা বিতৰ্ক

আকৌ ঢেকীয়াল ফুকনৰ কথালৈ আহিছো৷ যি সময়ত অসমীয়া ভাষা নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল, সেই সময়তে অসমীয়া ভাষা যাতে আকৌ ঠন ধৰি উঠে তাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল এইগৰাকী আধুনিক অসম নিৰ্মাতাই৷ তেওঁ বুজি পাইছিল যে ভাষা যদি নাথাকে তেন্তে জাতিও নাথাকে৷ অসমীয়া ভাষাটোক জাকত-জিলিকা কৰি তুলিবলৈ সেয়ে সম্ভৱপৰ সকলোখিনি কৰি গৈছিল তেওঁ৷ তাৰ পিছত লুইতেৰে বহু পানী বাগৰি গ’ল৷ উত্তৰপুৰুষৰ বিভিন্ন ভুলৰ বাবে পুনৰ দুৰ্বল হৈ পৰিলে অসমীয়া ভাষা৷ হাত সাবটি বহি নাথাকিল অসমীয়া৷ জাগি উঠিল ডেকা তেজ৷ ভাষা আন্দোলন হ’ল৷ ভাষাৰ বাবে ছহিদ হ’ল অনেকজন৷ ইমানৰ পিছতো যেন আধৰুৱা হৈ ৰ’ল ঢেকীয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষাক লৈ দেখা সপোন৷

ছেগা-চোৰোগাকৈ চলি থাকিল আন্দোলন-প্ৰতিবাদ৷ কমি আহিল অসমীয়া মাধ্যমৰ বিদ্যালয়৷ গোলকীকৰণ, প্ৰফেশ্যনেলিজমৰ হাতত হাত ধৰি অসমীয়া অভিভাৱকে বাধ্য হৈ সন্তানক নাম লগাই দিলে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত৷ ক্ৰমাৎ কমি গ’ল অসমীয়া ভাষীৰ সংখ্যা৷ গ্ৰন্থ মেলাত হ্ৰাস পাবলৈ ল’লে অসমীয়া কিতাপৰ বিক্ৰীৰ হাৰ৷ সংগীতৰ ক্ষেত্ৰতো সেই একেই৷ এসময়ত বিহু পতা পথাৰবোৰত গঢ়ি উঠা গাঁওবোৰৰ ডেকা-গাভৰুৱেও নুশুনা হ’ল অসমীয়া গান৷ কেছেটৰ দোকানত নোপোৱা হ’ল অসমীয়া গানৰ কেছেট৷ চৌদিশে কেৱল হিন্দী গীতৰ পয়োভৰ৷ আৰু সেই সময়তে আৱিৰ্ভাৱ জুবিনৰ৷

প্ৰথমে অনামিকা, তাৰ পিছত যন্ত্ৰ, মায়া...। লগে লগে দৃশ্যপট সলনি। বলীউড মাৰ্কা হিন্দী গানৰ কেছেট বিচাৰি ফুৰা চেঙেলীয়াবোৰে তিনি আলিৰ আড্ডাত গুণগুণাবলৈ আৰম্ভ কৰিলে- মায়াৱিনী ৰাতি, মায়া মাথো মায়া, আহে বা নাহে ঘূমটি আহিবা ৰাতি, পাখি পাখি...। সূচনা হ’ল অসমীয়া সংগীতৰ এক নতুন ধাৰাৰ। হিন্দী গীতৰ প্ৰভাৱৰ পৰা অসমীয়া শ্ৰোতাক মুক্ত কৰি অসমীয়া গীত শুনিবলৈ বাধ্য কৰোৱা জুবিনৰ সংগীত যাত্ৰাৰ গ্ৰাফডালো ক্ৰমাত উৰ্ধগামী হৈ গৈ থাকিল। য়া আলী! এদিন তেওঁ কণ্ঠ নিগৰালে বলীউডত। গৰ্বত বুকু ওফন্দি উঠিল অসমীয়াৰ।

তাৰ মাজে মাজে চলি থাকিল বিতৰ্ক। অসমীয়াই পৰিৱৰ্তন বিচাৰে। কিন্তু পৰিৱৰ্তন প্ৰত্যক্ষ কৰাৰ পিছতে সেয়া সহজতে মানি লবলৈ টান পায়। অসমীয়াই বিশ্ব দৰবাৰলৈ যাবলৈ বিচাৰে। কিন্তু বিশ্ব দৰবাৰত যি চলি আছে সেয়া ইয়াতো চলিলে সংস্কৃতি ধ্বংস হ’ল বুলি উস-আস কৰে। জুবিনে ভাল গায়। জুবিন ভাল। জুবিনে বেলেগ বেলেগ ৰঙৰ জোতা পিন্ধে। জুবিন বেয়া। জুবিনে অসমক দেশত উজলাই তুলিছে। জুবিন ভাল। জুবিনে বিয়া পাতি জুতি ল’বি গাইছে। জুবিন বেয়া। জুবিনে মানুহক সহায় কৰিছে। জুবিন ভাল। জুবিনে খঙতে খুটাত বগাইছে। জুবিন বেয়া। জুবিনে চিনেমা নিৰ্মাণ কৰিছে। জুবিন ভাল। জুবিন মহোৎসৱত মদৰ আড্ডা চলিছে। জুবিন বেয়া। জুবিন ভাল। বেয়া নে ভাল জুবিন? জুবিন কেৱল জুবিন।

জুবিনৰ কথাৰ লাগ-বান্ধ নাই। সুৰাৰ ৰাগীত মাতাল জুবিন। খঙাল জুবিন। নে শিশু সূলভ? নিজৰ মতে চলা জুবিন। ‘নিজৰ মতে গাব নিদিলে মাতিবই নালাগে।‘-জুবিনৰ স্পষ্ট মন্তব্য। অসমীয়াক হিন্দী গীতৰ পৰিৱৰ্তে অসমীয়াৰ নিজৰ গান শুনিবলৈ বাধ্য কৰোৱা জুবিনৰ গৰু বিহুৰ দিনাই মন গৈছে হিন্দী গাবলৈ। জুবিনে গীত জুৰিছে। হিন্দু বাংলাদেশী, চিলাপথাৰ কাণ্ডই অসমীয়া জাতিৰ অস্তিত্বক লৈ প্ৰশ্ন বোধক চিহ্ন উত্থাপন কৰাৰ সময়তে মঞ্চৰ ইটো মূৰৰ পৰা বাধা দিয়া হৈছে হিন্দী নাগাবলৈ। সংগীতৰ কি ভাষা থাকে? গৰজি উঠিছে অভিমানী শিল্পী। অনুৰাগীসকলৰতো কথাই নাই। প্ৰিয় শিল্পীক সমৰ্থন কৰিবলৈ বিচাৰি উলিয়াইছে হাজাৰ যুক্তি।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ স্নেপশ্বট

ক্ৰোধান্বিত জুবিন। নুনমাটিৰ অনুষ্ঠান আধাতে সামৰি ভৰলুত গীতৰ শৰাই। হাজাৰ হওঁক জুবিন আমাৰ। এটা-দুটা নহয়, ১৬ সহস্ৰাধিক (!) গান গোৱা জুবিন। অসমীয়া গীতক নতুন মাত্ৰা প্ৰদান কৰা জুবিন। হ’লেই বা বিহু, গালেই বা দুই এটা হিন্দী গান। কিনো অশুদ্ধ হ’ল মহাভাৰত? সংগীতক ভাষাৰ সীমাৰে বান্ধিব খোজা কোন পৰেশ বৰুৱা? কোন বিহু কমিটি?

খং নুঠিবনে? নিশ্চয় উঠিব। নিশ্চয় নহয় খং উঠিলেই। এই যে বিহুবোৰ পাতিছে, পইছা কোনে দিছে? ‘হিন্দী’য়ে দিছে। এই যে অসমীয়াই আলু খাইছে, এই আলুবোৰ ক’ৰ পৰা আহিছে? 'হিন্দী'ৰ পৰা আহিছে। এই যে কচুবোৰ আহিছে, ক’ৰ পৰা আহিছে? ‘হিন্দী’ৰ পৰা আহিছে। চেনীবোৰ ক’ৰ পৰা আহিছে? ‘হিন্দী’ৰ পৰা আহিছে। আৰু চৰকাৰ, চৰকাৰখন কোনে চলাইছে? ‘হিন্দী’য়ে চলাইছে। ভাৰতৰ ৰাষ্ট্ৰ ভাষা কি? হিন্দী। (হিন্দী ভাৰতৰ ৰাষ্ট্ৰভাষা হয় জানো?) শ্যাল্লা সব হিন্দী। ‘হিন্দী’য়েই চলাইছে ‘ছাৰা আছাম’। সোৰোপা অসমীয়াই কেৱল পথাৰৰ মাটি বিক্ৰী কৰি পোৱা পইছাটোহে দিব লগা হৈছে ‘হিন্দী’ক। বাকী ‘ছাৰা আছাম’তো ‘হিন্দী’য়েই চলাই আছে।

ইমানৰ পিছতো কোনো নিমখ হাৰামে বিহু হ’ল বুলিয়েই হিন্দী গাবলৈ মানা কৰিবলৈ সাহস ক’ত পালে?  তেনে কৰাতো উচিত নে? ডিঙিত গামোছা লৈ বিহু ‘ছমিটি’ৰ ‘ছভাপতি’, ‘ছম্পাদক’ হ’লেই কি অসমীয়া ভাষা ৰক্ষাৰ দায়িত্ব আহি পৰে নেকি? আচলতে কোন ভুল, কোন শুদ্ধ? ১৬ সহস্ৰাধিক(!) অসমীয়া গান গোৱা জুবিনে সাত বিহুত এটা বা দুটা হিন্দী গান গালেই ‘ছাৰা আছাম’ ‘হিন্দী’য়ে চলাই থকাৰ দৰে ‘ছাৰা বিহু’টোৱেই হিন্দী হৈ যাব নে নাযায় সেয়াও এই মুহূৰ্তত এটা চিন্তা উদ্ৰেককাৰী প্ৰশ্ন। নে আঙুলিৰ মূৰত গণিব পৰাকৈ হিন্দী গান গোৱা জুবিনৰ সাত বিহুত যিকোনো বিহু সন্মিলনীৰ মঞ্চত সেই কেইটা হিন্দী গান গোৱাৰ পৰিৱৰ্তে কেৱল ১৬ সহস্ৰাধিক অসমীয়া গানৰ মাজৰ নিৰ্বাচিত কেইটিমান গাবলৈ মন গ’লেহে বিহুটো অসমীয়া হৈ থাকিব?

চিন্তাবোৰত এনেকৈয়ে আউল লাগে। কোনোৱে কৈছে দুই-এটা হিন্দী গালেই বিহুটো হিন্দী হৈ নাযায়। আন কোনোৱে আকৌ কৈছে ১৬ সহস্ৰাধিক অসমীয়া গান গোৱা গায়কজনৰ কি কাৰণতনো গৰু বিহুৰ দিনাই হিন্দী গান গাবলৈ মন যাব লাগে? ‘ছাৰা আছাম’ ‘হিন্দী’য়েই চলাই আছে যেতিয়া সাত বিহুতো হিন্দী গাবলৈ মন নাযাবনো কিয়? আফটাৰ অল, বিহু কমিটিসমূহৰ দৰে জুবিনৰ দৰে আৰ্টিষ্টসকলকো ‘হিন্দী’য়েই চলাই আছে! ‘হিন্দী’য়ে যদি বিহু কমিটিক ছান্দা নিদিলে হয় কোন অসমীয়াইনো লাখ লাখ টকা দি আৰ্টিষ্টসকলক গান গাবলৈ মাতিলেহেতন? হয়তো সেয়ে হঠাৎ হিন্দীৰ প্ৰতি দৰদ বাঢ়িছে জুবিনৰ! এনে আউল লগা চিন্তাবোৰৰ মাজত এতিয়া কেনেকৈনো কওঁ কোন ভুল, কোন শুদ্ধ!