নতুন দিল্লীঃ পশ্চিম বেংগলত চিকিৎসকলে আৰম্ভ কৰা প্ৰতিবাদৰ আজি তৃতীয় দিন৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সতৰ্ক কৰাৰ পিছতো গা নৰলিল চিকিৎকসকলৰ৷ 

পশ্চিম বেংগলৰ উপৰিও মহাৰাষ্ট্ৰ তথা দিল্লীতো আৰম্ভ হয় প্ৰতিবাদী কাৰ্যসূচী৷ বেংগলৰ ডাক্তৰসকলে ৰাজ্যপালক সাক্ষাৎ কৰি মমতা বেনাৰ্জীয়ে কৰা নিন্দনীয় বিষয় অৱগত কৰে৷

কিয়নো মমতা বেনাৰ্জীয়ে প্ৰতিবাদ কৰা চিকিৎসকৰ এনে কাৰ্যক নিন্দা কৰে, লগতে আৰক্ষীসকলে নিজৰ দায়িত্ব পালন কৰি শ্বহীদ হৈ যায় কিন্তু তেওঁলোকে চুপ হৈ ৰৈয়ে৷ এনে মন্তব্যত চিকিৎসকলৰ ক্ষোভ প্ৰকাশ পাই মুখ্যমন্ত্ৰী বেনাৰ্জীৰ ওপৰত৷

মঙলবাৰে কনিষ্ঠ ডাক্তৰসকলৰ পৰৱৰ্তী প্ৰতিবাদী জেষ্ঠ্য চিকিৎসকেও আন্দোলনত যোগদান কৰে৷ যাৰ বাবেচিকিৎসালয়ৰ স্বাস্থ্য সেৱাত ব্যাঘাত জন্মাৰ লগতেই জৰুৰীকালীন সেৱাতো ব্যাঘাত জন্মে৷ 

কলকাতাৰ এনআৰএচ চিকিৎসালয়ৰ সহঃ চিকিৎসক এগৰাকীক মাৰপিট কৰাৰ পিছৰ পৰাই এই কাৰ্যসূচী গাতত তুলি সকলোৱে৷

মহাৰাষ্ট্ৰ এছ’চিয়েশ্বন অৱ ৰেছিডেন্টৰ চিকিৎসক সকলে পশ্চিম বেংগলৰ ডাক্তৰসকলৰ ওপৰত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে এনে কৰে৷

পুৱা ৮ বজাৰপৰা আবেলি ৫ বজালৈ চিকিৎসালয়ৰ সেৱাসমূহ স্থগিত ৰখা হয়৷ দক্ষিণ বেংগল মেডিকেল কলেজ, শিলিগুৰিতো ইয়াৰ প্ৰভাৱ পৰে৷