ডিজিটেল ডেস্কঃ হাতৰ আখৰ বেয়া দেখিলেই পিছলৈ সি বা তাই ডাক্তৰ হ’ব বুলি কোৱা কথাষাৰ খুবেই জনপ্ৰিয়। এই জনপ্ৰিয়তা ডাক্তৰসকলে নিজেই গঢ়িছে। অকাই-পকাই অস্পষ্ট আখৰেৰে লিখা প্ৰেছক্ৰিপশ্যনখন ডাক্তৰ আৰু ফাৰ্মাচিষ্টেহে বুজিব পাৰে। তাৰে কেৱল প্ৰথম আৰু শেষৰটো আখৰহে ৰোগী অথবা তেঁওৰ পৰিয়ালে চিনিব পাৰে।

কিন্তু এই অভ্যাস সলাব লাগিব ডাক্তৰে। শেহতীয়াকৈ মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই জাৰি কৰা নিৰ্দেশমৰ্মে এতিয়াৰপৰা হাতৰ আখৰ স্পষ্ট কৰিব লাগিব ডাক্তৰে। ইংৰাজীৰ বৰফলাৰ আখৰত প্ৰেছক্ৰিপশ্যনবোৰ লিখিবলৈ আহ্বান জনাইছে কাউঞ্চিলে।

তদুপৰি ডাক্তৰে ব্ৰেণ্ডৰ সলনি জেনেৰিক দৰৱহে লিখিব পাৰিব প্ৰেছক্ৰিপশ্যনত। জেনেৰিক দৰৱ আন ব্ৰেণ্ডেড দৰৱতকৈ কম মূল, কিন্তু কাৰ্যকুশলতা একেই।

সেয়ে কাউঞ্চিলে সকলো ডাক্তৰ, হস্পিতাল আৰু ৰাজ্যিক চিকিৎসা পৰিষদবোৰক কেৱল জেনেৰিক দৰৱহে প্ৰেছক্ৰাইব কৰাৰ বাবে আহ্বান জনাইছে কাউঞ্চিলখনে। কম মূল্যতে জেনেৰিক দৰৱ যাতে সৰ্বাসাধাৰণে লাভ কৰিব পাৰে, তাৰবাবে নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ এখন আইন প্ৰস্তুত কৰাৰ প্ৰস্তাৱ দিছিল।