নতুন দিল্লীঃ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান বাৰু কিহত চহকী? আন নহ’লেও দেশখন গাধৰ উৎপাদনত বেচ আগবঢ়া৷ 

পাকিস্তানে দেশখনৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী আন দেশৰপৰা আমদানি কৰিবলগীয়া হয়৷ বন্ধু দেশ চীনৰপৰা দেশখনে বিভিন্ন পণ্য আমদানি কৰে৷ কিন্তু এইবাৰ পাকিস্তানে চীনলৈ ৰপ্তানি কৰিব পাকিস্তানী গাধ৷ দেশখনৰ সংবাদ মাধ্যম জি অ’ টিভিয়ে এই কথা প্ৰকাশ কৰিছে৷

পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা পশুপালন বিভাগে জানিবলৈ দিয়া মতে এই সন্দৰ্ভত চীন চৰকাৰৰ সৈতে অতি শীৰ্ঘ্ৰে এক চুক্তি স্বাক্ষৰিত কৰা হ’ব৷ 

এই দীৰ্ঘমীয়া চুক্তিৰ আধাৰতে ইতিমধ্যে পাকিস্তানত গাধ পালনৰ নতুন নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে৷ কেইবাটাও পৰ্যায়ত পঠিয়াবলগীয়া গাধৰ প্ৰথম ৩ বছৰত ৮০ হাজাৰ গাধ চীনলৈ প্ৰেৰণ কৰা হ’ব৷ 

পাকিস্তানত গাধ উৎপাদনৰ বাবে চীনে দেশখনত ৩০০ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব বুলিও জি অ’ টিভিয়ে প্ৰকাশ কৰিছে৷